কিতাপ মানুহৰ জ্ঞানৰ এক নিৰ্ভৰযোগ্য উৎস । কিতাপৰ অবিহনে এখন শিক্ষিত সমাজ হ’ব নোৱাৰে । ধীৰে ধীৰে আমাৰ মাজৰ পৰা কিতাপ পঢ়াৰ অভ্যাস হেৰাই যাব ধৰিছে । যাৰ বাবে আমাৰ মাজত যুক্তিশীল আৰু সৃষ্টিশীল চিন্তা কৰিবৰ পৰা ক্ষমতা কমি আহিছে । গাৱঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপ পঢ়াৰ এক অভ্যাস গঢ়ি তোলাৰ স্বাৰ্থত আমি প্ৰতিখন গাঁৱতে একোটাকৈ ক্ষুদ্ৰ ‘যুৱ-গ্ৰন্থাগাৰ’ নিৰ্মাণ কৰাৰ এক যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আমি প্ৰতিখন গাৱঁৰ যুৱ সংঘলৈ পৰ্যায়ক্ৰমে কিতাপ-পত্ৰ আগবঢ়াই যাম ,যাতে গাৱঁৰ ছাত্ৰ-ছাত্ৰীসকলে অথবা পাঠকসকলে আজৰি সময়ত কিতাপ পঢ়ি উপকৃত হ’ব পাৰে ।

Register Your Youth Club Name with us

Blank Form (#3)
Scroll to Top