
Shri Krishna Rukmini Mandir
প্ৰাচীন বিদৰ্ভ ৰাজ্য , য’ত ভীষ্মক নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল । বৰ্তমান শদিয়াকে ধৰি অৰুণাচল প্ৰদেশৰ এটা বিস্তীৰ্ণ অঞ্চল সামৰি আছিল প্ৰাচীন বিদৰ্ভ ৰাজ্য। ৰাজধানী আছিল কুণ্ডিল নগৰ । সেই বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মকৰ এগৰাকী ৰূপৱতী কন্যা সন্তান আছিল । নাম : ৰুক্মিণী । স্বৰ্গীয় সৌন্দৰ্যৰে সুশোভিতা , বৰ্ণনাতীত ৰূপেৰে মহিয়ান ৰুক্মিণী দেৱীৰ মনত আৰু হৃদয়ৰ গভীৰত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেমৰ প্ৰতিবিম্ব। ককায়েক ৰুক্মবীৰ বুদ্ধিহীন সিদ্ধান্ত যে পৰমা সুন্দৰী ভগ্নী ৰুক্মিণীৰ হেনো সুযোগ্য বৰ শিশুপাল , যাৰ এশটা ভুল ভগৱান শ্ৰীকৃষ্ণই মাফ কৰি দিয়াৰ বৰদান দিছিল । পৰিণামত এয়ে যে শ্ৰীকৃষ্ণই সুদূৰ দ্বাৰাকাৰ পৰা আহি আমাৰ বৰ্তমানৰ শদিয়াৰ পৰাই ক’ব পাৰি , দেৱী ৰুক্মিণীক হৰণ কৰি লৈ যায় । ইয়াৰ পৰা এই কথা আমি ক’ব পাৰোঁ যে শদিয়াৰ ভূমি পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ পদধূলিৰে পূজনীয় , দিব্য ভূমিত পৰিণত হৈ আছে । তাৰোপৰি ঈশ্বৰ সৰ্বব্যাপী, তেওঁক য’তেই পূজা যায় ত’তেই তেওঁক পোৱা যায় । তাৰোপৰি শদিয়াৰ ভূমিয়েই আছে শক্তিপীঠ সমূহ : কেঁচাইখাতী শাল , বুঢ়া-বুঢ়ী শাল , বলীয়া বাবা শাল । এই পবিত্ৰ ভূমিতেই পবিত্ৰময়ী সতী সাধনীৰ জন্ম হৈছিল , এই ভূমিতেই সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম হৈছিল। শতফুলৰ দেশ শদিয়া বহু প্ৰকাৰেই এক বিখ্যাত আৰু সমৃদ্ধিশালী ঠাই । জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ এখন দেশ , সম্প্ৰীতিৰ এখন দেশ এই পবিত্ৰ শদিয়া । আমাৰ বিশ্বাসেৰে শদিয়াক অনুপম ৰূপত , সৰ্বশ্ৰেষ্ঠ ৰূপত গঢ়ি তুলিব পাৰি । ‘সৰ্বভাৰতীয় সনাতন সাংস্কৃতিক উন্নয়ন মঞ্চ’ ই শদিয়াক এক অনন্য ৰূপ প্ৰদান কৰিবলৈ সংকল্পবদ্ধ , শদিয়াক অসমৰ এখন অগ্ৰণী পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বাবে আমি সংকল্পবদ্ধ । শদিয়াৰ এনে বহু স্থান আছে যাক আমি আকৰ্ষণীয় ৰূপত গঢ়ি তুলিব পাৰোঁ, যাক আমি বিশ্বজনীন ৰূপ দিব পাৰোঁ । কাশ্মীৰ যিদৰে পৰ্যটন Gulshan ওপৰত বৰ্তি আছে , ডুবাই যিদৰে পৰ্যটনৰ ফলত আজি পৃথিৱী বিখ্যাত —–আমাৰ অসমখনো পৰ্যটকৰ বাবে এখন অনন্য ভ্ৰমণ ৰাজ্যলৈ উন্নত কৰিব পাৰি । আমি শদিয়াৰ পৰা এই নতুন, সমৃদ্ধিশালী আৰু সৌন্দৰ্যশালী অসম নিৰ্মাণ কৰাৰ যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ।
Project Overview
| Particular | Details |
|---|---|
| Project Name | Integrated Hindu Temple & Cultural Complex |
| Estimated Cost | ₹50 Crore |
| Architecture Style | Traditional Nagara / Kalinga Style |
| Construction Type | RCC Structure with Stone Cladding |
| Estimated Timeline | 30–36 Months |


