সৰ্বভাৰতীয় সনাতন সাংস্কৃতিক উন্নয়ন মঞ্চ সমাজ আৰু দেশৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ। অত্যন্ত নিষ্ঠা আৰু সততাৰে সমাজৰ কল্যাণ ও উন্নয়নৰ কাৰণে নিৰন্তৰ কাম কৰি যোৱাই এই মঞ্চৰ মুখ্য উদ্দেশ্য । আমি গোটেই সমাজখন একেদিনাই আগুৱাই লৈ যাব নোৱাৰোঁ,কিন্তু যিমানখিনি সম্ভৱ সিমান খিনি অকৃপণভাৱে চেষ্টা কৰাটো আমাৰ সামাজিক দায়িত্ব । আমাৰ লক্ষ পাঁচটা
- ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিৰ্মাণৰ কাৰণে কাম কৰা
- কলা আৰু সংস্কৃতিৰ বিকাশৰ কাৰণে কাম কৰা
- পৰিৱেশ সংৰক্ষণ কৰা
- সৰ্ববৃহৎ, অসম গৌৰৱ শ্ৰীকৃষ্ণৰ -ৰুক্মিণী মন্দিৰ নিৰ্মাণ কৰা
- ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকক সহায় কৰা
আমি গভীৰভাৱে বিশ্বাস কৰোঁ যে এই কৰ্মৰ যোগেদি আমি এখন , সৰ্বাংগ সুন্দৰ সমাজ গঠন কৰি এক সুন্দৰ ভৱিষ্যত নিৰ্মাণ কৰিব পাৰিম । এই যাত্ৰাত সমাজৰ হিতৈষী সুধী সমাজৰ আন্তৰিক সহযোগিতা প্ৰয়োজন হ’ব ।
বৰ্তমান আমি শিক্ষা -প্ৰেৰণা অভিযানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া স্কুলীয়া সামগ্ৰী বিতৰণ কৰি আছোঁ।











Our Current Programs
| UNDER SIKSHA PRERONA ABHIYAN |
|---|
| 1. Village Level Career Awarness Program |
| 2. College Wise Career Awarness Program |
| 3. Entrepreneurship Mindset Developmet Program |
| 4. Skill Development Workshop : a) Basic Computer Training b) Communication Training c) Public Speaking d) English Understanding |
| 5. Study Material Distribution ( School Bags / Note Books/Geometry Box/Books/Solar Light) |
Our vision is to reach every village ,every school and college of Assam . If you want to promote your brand through full program sponshorship , We are the finest plateform for you .
Contact Us : aiscf2025@gmail.com
আমি এক সুদীৰ্ঘ , বহনক্ষম উন্নয়নৰ স্বাৰ্থত এক ‘সমাজ কল্যাণ পুঁজি ‘(Social Welfare Fund) গঠন কৰিব বিচাৰিছোঁ । বাৰে বাৰে যাতে ৰাইজৰ ওচৰত দান বা আৰ্থিক সহায় বিচাৰি আমনি কৰি থাকিব লগা নহয় , তাৰ কাৰণে আমি মাত্ৰ এবাৰৰ বাবে ৰাইজৰ পৰা সহায় বিচাৰিছোঁ যাতে এই পুঁজি শক্তিশালী কৰি এক দীৰ্ঘম্যাদী উপাৰ্জনৰ জৰিয়তে সমাজৰ কাৰণে কাম কৰিব পাৰোঁ । মাত্ৰ এবাৰৰ বাবে সহায় কৰি আমাৰ এই যাত্ৰাক যেন শক্তিশালী কৰি তোলে । তলৰ QR Code ব্যৱহাৰ কৰি আপুনি আমাৰ সমাজ কল্যাণ পুঁজিলৈ সামান্য সহায় আগবঢ়ালে আমি উৎসাহিত হম ।


