সৰ্বভাৰতীয় সনাতন সাংস্কৃতিক উন্নয়ন মঞ্চ সমাজ আৰু দেশৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ। অত্যন্ত নিষ্ঠা আৰু সততাৰে সমাজৰ কল্যাণ ও উন্নয়নৰ কাৰণে নিৰন্তৰ কাম কৰি যোৱাই এই মঞ্চৰ মুখ্য উদ্দেশ্য । আমি গোটেই সমাজখন একেদিনাই আগুৱাই লৈ যাব নোৱাৰোঁ,কিন্তু যিমানখিনি সম্ভৱ সিমান খিনি অকৃপণভাৱে চেষ্টা কৰাটো আমাৰ সামাজিক দায়িত্ব । আমাৰ লক্ষ পাঁচটা

  1. ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিৰ্মাণৰ কাৰণে কাম কৰা
  2. কলা আৰু সংস্কৃতিৰ বিকাশৰ কাৰণে কাম কৰা
  3. পৰিৱেশ সংৰক্ষণ কৰা
  4. সৰ্ববৃহৎ, অসম গৌৰৱ শ্ৰীকৃষ্ণৰ -ৰুক্মিণী মন্দিৰ নিৰ্মাণ কৰা
  5. ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকক সহায় কৰা

আমি গভীৰভাৱে বিশ্বাস কৰোঁ যে এই কৰ্মৰ যোগেদি আমি এখন , সৰ্বাংগ সুন্দৰ সমাজ গঠন কৰি এক সুন্দৰ ভৱিষ্যত নিৰ্মাণ কৰিব পাৰিম । এই যাত্ৰাত সমাজৰ হিতৈষী সুধী সমাজৰ আন্তৰিক সহযোগিতা প্ৰয়োজন হ’ব ।

বৰ্তমান আমি শিক্ষা -প্ৰেৰণা অভিযানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া স্কুলীয়া সামগ্ৰী বিতৰণ কৰি আছোঁ।


Our vision is to reach every village ,every school and college of Assam . If you want to promote your brand through full program sponshorship , We are the finest plateform for you .

আমি এক সুদীৰ্ঘ , বহনক্ষম উন্নয়নৰ স্বাৰ্থত এক ‘সমাজ কল্যাণ পুঁজি ‘(Social Welfare Fund) গঠন কৰিব বিচাৰিছোঁ । বাৰে বাৰে যাতে ৰাইজৰ ওচৰত দান বা আৰ্থিক সহায় বিচাৰি আমনি কৰি থাকিব লগা নহয় , তাৰ কাৰণে আমি মাত্ৰ এবাৰৰ বাবে ৰাইজৰ পৰা সহায় বিচাৰিছোঁ যাতে এই পুঁজি শক্তিশালী কৰি এক দীৰ্ঘম্যাদী উপাৰ্জনৰ জৰিয়তে সমাজৰ কাৰণে কাম কৰিব পাৰোঁ । মাত্ৰ এবাৰৰ বাবে সহায় কৰি আমাৰ এই যাত্ৰাক যেন শক্তিশালী কৰি তোলে । তলৰ QR Code ব্যৱহাৰ কৰি আপুনি আমাৰ সমাজ কল্যাণ পুঁজিলৈ সামান্য সহায় আগবঢ়ালে আমি উৎসাহিত হম ।

Donate For ALL INDIA SANATAN CULTURAL FORUM
Scroll to Top