নিবনুৱাৰ নতুন সংজ্ঞা :
চৰকাৰী বা বেচৰকাৰী চাকৰিৰ পৰা বঞ্চিত মানেই নিজকে ‘নিবনুৱা’বুলি গণ্য কৰা হয় । প্ৰকৃততে এই সংজ্ঞাই নিবনুৱা শব্দটোৰ অৰ্থৰ গভীৰতাক স্পৰ্শ কৰিব পাৰিছেনে ? বনুৱা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ যদি Worker হয় ; তেন্তে বনুৱাৰ বিপৰীত ‘নিবনুৱা’ৰ ইংৰাজী প্ৰতিশব্দ jobless বা unemployment কিদৰে হ’ব পাৰে ? যদি jobless ৰ পৰা ইয়াক পৰিৱৰ্তন কৰি Non-worker কৰি দিয়া হয় , তেন্তে এই অৰ্থই মানুহক এক নতুন দৃষ্টি প্ৰদান কৰিব । একো সৃষ্টিশীল ,উৎপাদনশীল উপাৰ্জনৰ লগত জড়িত কাম নকৰাকৈ বাটে-ঘাটে ঘূৰি ফুৰা মানুহকহে প্ৰকৃতাৰ্থত নিবনুৱা বুলি ক’ব পাৰি । আমাৰ সামাজিক ভাষাত তেনেবোৰ অকৰ্মণ্য মানুহক ‘বেকাৰ’ বুলি কোৱা হয় । প্ৰকৃতাৰ্থত নিবনুৱা সেইজন –যিজনে এটা সুস্থ শৰীৰ , দুখন শক্তিশালী হাত,দুটা সক্ষম ভৰি,চাবলৈ দুটা তীক্ষ্ণ চকু ,ভাবিবলৈ এটা মগজু থকাৰ পিছতো ,জীৱন নিৰ্বাহৰ অন্যতম প্ৰয়োজনীয় ‘ টকা উপাৰ্জন’ৰ অসংখ্য মহৎ পথ থকাৰ পিছতো কৰ্মহীন ভাৱে ঘৰত বহি থাকে । এইবুলি কলেও ভুল নহ’ব যে নিবনুৱা হৈ থকাৰ মূলতেই হ’ল নিজৰ ভুল মনোবৃত্তি আৰু ভুল জীৱন-দৰ্শন । গীতাত শ্ৰীকৃষ্ণই সেইবাবে অৰ্জুনক কৰ্ম কৰিবলৈ উপদেশ দিছে । কাৰণ কৰ্মৰ অবিহনে উপাৰ্জনটো সুদূৰেই ,জীৱনেই অৰ্থহীন । যি কৰ্ম কৰে তেৱেঁই ৱৰ্কাৰ(worker) ,যি ৱৰ্কাৰ তেওঁ উপাৰ্জন কৰে ,যি উপাৰ্জন কৰি স্বাৱলম্বী হয় ,তেওঁ চৰকাৰী বা বেচৰকাৰী চাকৰি নেপালেও নিবনুৱা হ’ব নোৱাৰে বা নহয় । মানুহৰ মনৰ গভীৰত পোট খাই ৰোৱা এই নিবনুৱাৰ সংকীৰ্ণ ভুল ধাৰণাক আঁতৰাবৰ বাবেই জন্ম হ’ল জীৱন সংগ্ৰামৰ ,জীৱিকাৰ্জনৰ এক নতুন পথ—এণ্টাৰপ্ৰিণিয়ৰশ্যিপ : এক পৃথিৱী বিখ্যাত কেৰিয়াৰ নিৰ্মাণ পদ্ধতি । যি পথেৰে বিল গেইটছ , জেফ বেজৌছ , মাৰ্ক জোকাৰ্বাগ ,জেক মা আদি ব্যক্তিসকলে বিলিয়নাৰ হ’ল ।
Entrepreneurship :
আগতেই কৈ আহিছো যে ভাৰতবৰ্ষ নিবনুৱা সমস্যাৰ দ্বাৰা আক্ৰান্ত । এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত এণ্টাৰপ্ৰিণিয়ৰশ্যিপৰ ভূমিকাৰ বিষয়ে আলোচনা কৰাৰ আগতে , Entrepreneurship নো কি—এই বিষয়ে কিছু কথা কৈ লোৱাটো উচিত হ’ব । চমুকৈ ক’বলৈ গলে নিজকে নিবনুৱাৰ পৰা বনুৱালৈ পৰিৱৰ্তন কৰা আধুনিক প্ৰক্ৰিয়াটোৱেই হৈছে এণ্টাৰপ্ৰিণিয়ৰশ্যিপ । কিন্তু আধুনিক প্ৰযুক্তিবিজ্ঞানৰ এই সোণালী যুগত এণ্টাৰপ্ৰিণিয়ৰশ্যিপ শব্দটোৰ সৈতে আৰু এটা শব্দ আৰু অৰ্থ নিহিত হৈ আছে ,যাক ইংৰাজীত ইন্নভেশ্যন (innovation) বুলি ক’ব পাৰি ।
মানুহৰ সমস্যাৰ সমাধান ,জীৱনৰ কঠিনতাৰ সহজীকৰণ ,জটিলতাৰ সৰলীকৰণৰ কাৰণে ,মানুহৰ প্ৰাত্যহিক প্ৰয়োজনীয়তা সমূহ ক্ষিপ্ৰতাৰে পূৰণ কৰিবৰ বাবে যিবোৰ চিন্তাশীল ,উদ্যমী ব্যক্তিয়ে অভিনৱ উপায় আৱিষ্কাৰ বা উদ্ভাৱন কৰি নিজৰ লগতে আনৰ জীৱনৰো উত্তৰণ ঘটায় ,সেইবোৰ মানুহকেই কোৱা হয় এণ্টাৰপ্ৰিনিউৰ(entrepreneur) । আমেৰিকা ,ইজৰাইল ,চীনত এতিয়া এইশ্ৰেণী মানুহৰ বিশেষ আদৰ আছে । আপুনি চাকৰি কৰি সুখী হ’ব পাৰে কেৱল নিজৰ লগতে আপোনাৰ পৰিয়ালটোৱে ; কিন্তু এণ্টাৰপ্ৰিণিয়ৰশ্যিপ কৰি নিজৰ লগতে হেজাৰ হেজাৰ মানুহৰ জীৱিকাৰ পথ প্ৰশস্ত কৰিব পাৰি । ব্যৱসায়ৰ আধুনিক সংস্কৰণেই হ’ল entrepreneurship .
সাধাৰণতে বুজিবলৈ entrepreneurship ক এনেদৰে ব্যাখ্যা কৰিব পাৰো —–” entrepreneurship এনে এক যাত্ৰা ,য’ত এজন ব্যক্তিয়ে চৰকাৰী বা বেচৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি নেথাকি , কোনো এক সমস্যা সমাধান কৰিব পৰা আইডিয়াৰ ওপৰত কাম কৰি এনেকুৱা এটা Business ৰ সৃষ্টি কৰে , যি Business এ মানুহৰ সমস্যা কিছুমান সমাধান কৰাৰ লগতে সেই ব্যৱসায় পৰিচালনা কৰিবলৈ অন্য দহজনৰ বাবে কৰ্মৰ সৃষ্টি কৰে । অৰ্থাৎ ই Job creation ৰ মহৎ উপায় । এনেকুৱা এক ব্যৱসায় ( আধুনিক ভাষাত ষ্টাৰ্টআপ) যি নিজৰ বাবেও আৰু অন্যৰ বাবে জীৱিকা উপাৰ্জনৰ পথ প্ৰশস্ত কৰে । চমুকৈ entrepreneurship is a process of business building .” ভাৰত চৰকাৰে বৰ্তমান “Entrepreneurship Development” ৰ অধিক গুৰুত্ব দিছে । কাৰণ নিবনুৱা সমস্যা সমাধানৰ ই এক ফলপ্ৰসু পথ ।
পৃথিৱীৰ মাত্ৰ ৫ শতাংশ মানুহেহে ব্যৱসায় কৰাৰ ওপৰত গুৰুত্ব দিয়ে —-যাৰ বাবে ৯৫% মানুহ চাকৰী বিচাৰি ফুৰে । চাকৰি বা job বেয়া পথ নহয় জীৱীকাৰ ,জীৱনটো পৰিচালনা কৰাৰ ইয়ো এক সুন্দৰ পথ । কিন্তু সেইবুলিয়ে যে সকলোৱে চাকৰিৰ পিছত দৌৰিৱ ,আৰু কোনো চাকৰি নেপালে নিজকে বেকাৰ বুলি ভাবি হতাশ হৈ থাকিব —এই কথা সভ্যতাৰ প্ৰগতিৰ বাবে শুভলক্ষণ নহয় । পূৰ্বতেই কোৱা হৈছে যে ভাৰতবৰ্ষৰ ১৩০ কোটি মানুহৰ বাবে চৰকাৰে কৰ্মসংস্থান সৃষ্টি কৰাটো সম্ভৱ নহয় । চৰকাৰৰ বাহিৰেও মানুহৰ বাবে job সৃষ্টি কৰে বেচৰকাৰী কোম্পানী সমূহে । TATA , INFOSYS , RELIANCE ,WIPRO , ICICI ,HDFC কোম্পানী সমূহে লক্ষ লক্ষ নিবনুৱাক সংস্থাপন দি আহিছে । যদি সকলোৱে job ৰ কাৰণে দৌৰি থাকে , কোম্পানী নিৰ্মাণ কৰিব কোনে ? job সৃষ্টি কৰিব কোনে ? Entrepreneurship কোম্পানী নিৰ্মাণৰ এক আধুনিক প্ৰক্ৰিয়া —-যি এতিয়া এক গুৰুত্বপূৰ্ণ ,সন্মানীয় কেৰিয়াৰ অপশ্যন হৈ পৰিছে বহুতৰ বাবে ।
এজন সফল এণ্টাৰপ্ৰিণিয়োৰ কেনেকৈ হ’ব : আগৰ দিনত ইণ্টাৰনেট ,লেপটপ ,ম’বাইল আৰু আধুনিক যন্ত্ৰ-পাতি নাছিল বাবে ,কিবা এক ব্যৱসায় প্ৰতিষ্ঠাৰ বাবে যথেষ্ট মূলধনৰ প্ৰয়োজন হৈছিল । এটা ফেক্টৰি আৰম্ভ কৰিবলৈ যথেষ্ট ধনৰ প্ৰয়োজন হৈছিল ; যাৰ বাবে ব্যৱসায়ৰ কৰাৰ কথা বেছিভাগ সাধাৰণ মানুহে ভাবিবই পৰা নাছিল । যিহেতু ব্যৱসায়ত অনিশ্চয়তা আছে ,কেতিয়াবা বৃহৎ পৰিমাণৰ লোকচান আছে আৰু ফেইলাৰৰ দুখ আছে ,সেইবাবেও বহুতেই ব্যৱসায়ৰ পৰা আঁতৰত থাকিব বিচাৰিছিল । আমাৰ অসমীয়া সমাজতটো এতিয়াও ব্যৱসায়ৰ প্ৰতি বিশেষ শ্ৰদ্ধা নাই । কোনোবাই এম.এ কৰি সৰু দোকান এখন খুলি জীৱনৰ পাতনি মেলিলে তেওঁক কৰা উপহাস ,ঠাট্টা-মস্কৰা । কিন্তু এতিয়া সময় সলনি হ’ল । ইণ্টাৰনেটে আৰু নতুন নতুন ব্যৱসায়িক পদ্ধতিৰ সৃষ্টিয়ে ব্যৱসায় কৰাটো এতিয়া সহজ কৰি তুলিলে । আপোনাৰ ওচৰত টকা নহ’লেও আপুনি বিলিয়ন ডলাৰ কোম্পানী নিৰ্মান কৰিব পাৰে । ইণ্টাৰনেটৰ যোগেদি সামান্য টকাৰ বিনিয়োগেৰে আপুনি কোটি টকাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে । আজিকালি ব্যৱসায় আৰম্ভ কৰাৰ প্ৰক্ৰিয়াটোক ষ্টাৰ্টআপ কৰা বুলি কোৱা হয় । ভাৰতত এতিয়া ষ্টাৰ্টআপৰ এক নতুন জোৱাৰ আৰম্ভ হৈছে । ভাৰতত ,বিশেষকৈ বেংগালুৰু ,মুম্বাই ,হাইদৰাবাদ আদিত প্ৰতিমাহে ২-৩ টাকৈ নতুন নতুন ষ্টাৰ্টআপৰ জন্ম হৈয়ে থাকে । এতিয়ালৈকে ৮৯০০-৯৩০০ ষ্টাৰ্টআপ ভাৰতত ৰেজিষ্টাৰ হৈছে । কেৱল ২০১৯ চনতেই ১৩০০ ষ্টাৰ্টআপ ৰেজিষ্টাৰ হৈছে আৰু ই ষ্টাৰ্টআপ প্লেচ হিচাপে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে । তাৰে কিছুমান বিৰাট সাফল্য লাভ কৰিছে , ইউনিকৰ্ণ ষ্টেটাছ লাভ কৰিছে । কিন্তু কিছুমান প্ৰথম ২-৫ বছৰৰ ভিতৰতেই ফেইল হৈ বন্ধ হৈ গৈছে । Flipkart , Jabong , Zoomato ,Swiggy ,PayTM আদি ষ্টাৰ্টআপৰ সাফল্যৰ কথা আজি সকলোৱেই জানে ।
মানুহৰ চৰিত্ৰৰ বিভিন্ন কাৰকে এজন সফল entrepreneur গঢ়ি তোলে । সকলোৱে entrepreneur হ’ব নোৱাৰে ,কাৰণ সকলো মানুহেই সেই দুৰ্লভ ,মহিমামণ্ডিত চৰিত্ৰৰ অধিকাৰী নহয় । ষ্টাৰ্টআপ কৰিবলৈ যি মানসিক অৱস্থাৰ প্ৰয়োজন ,সেই মানসিক অৱস্থাৰ অধিকাৰী নহ’লে ষ্টাৰ্টআপ কৰিলেও সেই যাত্ৰাৰ সাফল্য কামনা কৰিব নোৱাৰি । কি সেই মানসিক অৱস্থা ? কোনো এক অভিনৱ আইডিয়াক বাস্তৱ ৰূপ দি তাক মানিটাইজ কৰাটো ইমান সহজ নহয় । ধৰা হওক আপুনি এটা ই-কমাৰ্চ কোম্পানী আৰম্ভ কৰিব বিচাৰিছে । আপুনি অনলাইন বিউটি প্ৰডাক্ট (Beauty Products) বিক্ৰী কৰিব বিচাৰে । আপুনি প্ৰথমেই এটা ই-কমাৰ্চ ৱেবচাইট নিৰ্মাণ কৰিব লাগিব । তাৰ পিছত প্ৰডাক্ট লিষ্টিং ,মাৰ্কেটিং ,মেনেজিং ,ফাইনেঞ্চিং অলেখ জটিল কাম । আপোনাৰ প্ৰথম কাষ্টমাৰ পাওঁতেই সময় লাগিব পাৰে এবছৰ ,প্ৰফিট পাবলৈ হয়তো অপেক্ষা কৰিব লগা হ’ব পাৰে আৰু দুবছৰ , বিখ্যাত হ’বলৈ আৰু কেইবছৰ মান …। তাৰোপৰি মাজে মাজে টকাৰ অভাৱ হ’ব , এম্প্লয়ী প্ৰব্লেম হ’ব …। এইবোৰ জটিলতাৰ সন্মুখীন হৈ বহুতেই উদ্যম হেৰুৱাই পেলায় ,হেৰুৱাই পেলায় আশা । কিন্তু যি সকলে গভীৰ সংকটৰ মাজতো নিজৰ স্বপ্নৰ দিশত অটল , ভিজ্যন আৰু মিশ্যনত দৃঢ় ,তেনেবোৰ মানুহেহে সফল ষ্টাৰ্টআপ কৰিব পাৰে ,হ’ব পাৰে সফল এণ্টাৰপ্ৰিণিয়োৰ ।
Entrepreneur ৰ মানসিকতা আৰু চৰিত্ৰ যদি অধ্যয়ন কৰোঁ , তেন্তে এনে কিছুমান গুণ বা লক্ষণ আৱিষ্কাৰ কৰিব পাৰি —-যি প্ৰত্যেকজন সফলতম উদ্যোগীৰ বাবেই সাৰ্বজনীন । তাৰে কেইটামান তলত আলোচনা কৰা হওক :
ক) বিৰাট স্বপ্ন/উচ্চাকাংক্ষা (Big Dream) :মানুহৰ জীৱনটো অসীম সম্ভাৱনাৰে ভৰপূৰ । একেই মানুহ কেতিয়াবা গৌতম বুদ্ধ ,মহাত্মা গান্ধী ,মাদাৰ টেৰেছা ,নৰেন্দ্ৰ মোডী ,মাৰ্ক জোকাৰ্বাগ ,বিল গেটছ ,মুকেশ আম্বানী ৰূপে পৃথিৱী বিখ্যাত হয়; একেই মানুহ জন্ম লয় আৰু অস্তিত্বহীন হৈ যায় মৃত্যুৰ লগে লগে ; একেই মানুহ দৰিদ্ৰতাৰে অভিশম্পাত জীৱনৰ যন্ত্ৰণাত ছটফটাব লগা হয় । মানুহৰ জীৱনৰ ,বা ক’ব পাৰি জীয়াই থকাৰ মানদণ্ডৰ মাজত কিয় এই বিৰাট পাৰ্থক্য ?
মানুহৰ মাজত এই বিৰাট পাৰ্থক্যৰ অন্য বহুতো কাৰণ থাকিব পাৰে । কিন্তু আমাৰ মৌলিক ধাৰণাৰে ইয়াৰ একমাত্ৰ প্ৰধান কাৰণটো হ’ল —মানুহৰ স্বপ্নৰ আকাৰৰ পাৰ্থক্য । মানুহে নিজেই ইচ্ছা কৰিয়েই জীৱনৰ পূৰ্ণতাৰ সন্ধান নকৰে । প্ৰত্যেকৰে স্বপ্ন ভিন ভিন যদিও ,ইয়াৰ আকাৰৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগাব পাৰি ।
১) সৰু আকাৰৰ স্বপ্ন ( Small Size Dream)
২) মধ্যমীয়া আকাৰৰ স্বপ্ন ( Medium Size Dream)
৩) বৃহৎ আকাৰৰ স্বপ্ন (Big Size Dream)
স্বপ্ন যাৰ নিচেই সৰু ,তেওঁৰ বাবে জীৱনটো খাই-বৈ জীয়াই থকাৰ বাহিৰে অন্য একো নহয় । অৰ্থাৎ জীয়াই থাকিবলৈ যিখিনি খাদ্য ,যিখিনি সাজপাৰ অৰ্থাৎ দৈনন্দিন সামগ্ৰীৰ প্ৰয়োজন—–সেইখিনি যোগাৰ কৰিব পৰাটোৱেই জীৱিকা বা জীৱন সংগ্ৰাম । জীৱনৰ সম্প্ৰসাৰণৰ ওপৰত এই শ্ৰেণীৰ মানুহৰ কোনো গুৰুত্ব নাই ।
স্বপ্ন যাৰ মধ্যমীয়া ,তেওঁ সুখী হ’ব খোজে ; আৰামদায়ক এটা জীৱন কটাব বিচাৰে ; এটা সুন্দৰ হাই-পেয়িং চাকৰি বিচাৰে ; আৰু কিছুদূৰ সমাজ আৰু দেশৰ মংগলৰ কাৰণে কাম কৰিবও বিচাৰে । এই শ্ৰেণীৰ মানুহে সন্মান আৰু সম্পত্তি দুয়োটাই আৰ্জন কৰিব বিচাৰে । কিন্তু এই শ্ৰেণী মানুহ এটা নিৰ্দিষ্ট উপাৰ্জনক লৈ প্ৰায় সন্তুষ্ট থকা যায় । এই শ্ৰেণীৰ মানুহৰ মাজতো জীৱনৰ উল্লেখনীয় সম্প্ৰসাৰণ বা বিকাশ প্ৰায়েই দেখা নেযায় ।
স্বপ্ন যাৰ বৃহৎ ,তেওঁ এনেকুৱা কিছুমান কাম কৰিব বিচাৰে ,এনেকুৱা কিবা এক সৃষ্টি বা নিৰ্মাণ কৰিব বিচাৰে —-যাৰ সৃষ্টি আৰু কৰ্মই সমাজলৈ এক নতুন পৰিৱৰ্তন আনিব , যাৰ বাবে তেওঁ বিখ্যাত হৈ পৰিব সৰ্বত্ৰ । যি জীৱনৰ এক বিশাল অস্তিত্বৰ সাধনাত অক্লান্ত হৈ পৰে । মহৎ কৰ্ম সাধনাই এই শ্ৰেণী মানুহৰ মূল লক্ষ্য । জীৱনক এক সংকীৰ্ণ গণ্ডীৰ ভিতৰত বন্দী কৰি ৰখাৰ পৰিৱৰ্তে , ভূমিৰ পৰা ভূমামূখী এক দুৰ্গম ,কঠিন যাত্ৰাতেই এই শ্ৰেণীৰ মানুহে জীৱনৰ আনন্দ বিচাৰি পায় ।
অৰ্থাৎ জীৱনৰ বৃহৎ সফলতাৰ বাবে বৃহৎ স্বপ্নৰ বা বৃহৎ লক্ষ্যৰ কোনো বিকল্প নাই । পৃথিৱীৰ প্ৰত্যেকজন সফলতম ব্যক্তিৰ সফলতাৰ এক অন্যতম ৰহস্য হৈছে —-তেওঁলোকে সদায় বৃহৎ লক্ষ্যৰ কাৰণে কাম কৰে । গোটেই বিশ্বৰ মানুহে ব্যৱহাৰ কৰিব পৰা ছফ্টৱেৰ আৰু প্ৰডাক্ট নিৰ্মাণ কৰাই আছিল বিল গেইটছ্ আৰু ষ্টিভ্ জবছ্’ৰ দৰে মহান Entrepreneur ৰ স্বপ্ন , যি স্বপ্নৰ পিছত দৌৰি তেওঁ লোক বিলিয়নাৰ হ’ল । আকাশত উৰাৰ বৃহৎ স্বপ্নৰ বাবেই নিৰ্মান হ’ল আধুনিক ফ্লাইটবোৰ , মহাকাশ জয় কৰাৰ বৃহৎ স্বপ্নৰ বাবেই জন্ম হ’ল নাছা(NASA) ,ইছৰ'( ISRO) ,স্পেচ এক্স্ (Space-X) আদি মহাকাশ কেন্দ্ৰৰ । গোটেই পৃথিৱীৰ মানুহক কিতাপ বিক্ৰী কৰাৰ স্বপ্নই বেজৌছক amazon.com নিৰ্মাণ কৰাৰ বাবে অনুপ্ৰাণিত কৰিলে । আজিলৈকে পৃথিৱীত যিমানবোৰ আশ্চৰ্য্যকৰ কৰ্ম সম্পাদন হৈছে ,বৃহৎ বৃহৎ ৰেকৰ্ড সৃষ্টি হৈছে ——–সকলো হৈছে মানুহৰ বিশাল স্বপ্ন ,ভূমাস্পৰ্শী ইচ্ছাৰ বাবেহে ।
ভাৰতবৰ্ষৰ পৰা ইংৰাজক অহিংসাৰ পথেৰে খেদি পথোৱাৰ বিশাল স্বপ্নৰ বাবেই আজি তেওঁ গান্ধীৰূপে বিশ্ববন্দিত্ব । পৃথিৱীক এন্ধাৰৰ পৰা মুক্ত কৰাৰ বিশালতম স্বপ্নৰ বাবেই তেওঁ ন হেজাৰ নশ নিৰান্নবৈ বাৰ পৰাজয়ৰ মুখ দেখিও আশা হেৰুওৱা নাছিল আৰু অন্তিম বাৰ সফল হৈ পৃথিৱীৰ বিজ্ঞানৰ ইতিহাসত এডিচন ৰূপে নিজৰ নাম জিলিকাই থৈ গ’ল । বিৰাট সফলতা কেৱল বিৰাট স্বপ্নৰ পৰিণাম । বিৰাপ স্বপ্ন দেখাৰ বাবে লাগিব সাহস আৰু অদম্য ইচ্ছাশক্তি ।
খ) অদম্যতা আৰু অবিৰততা :
যি স্বপ্ন ,যি লক্ষ্য স্থিৰ কৰা হ’ল ; সেই স্বপ্ন বা সেই লক্ষ্যত উপনীত হ’বলৈ সময়ৰ এক দীঘলীয়া পৰিক্ৰমাৰ প্ৰয়োজন হয় । আজিয়েই এক বৃহৎ লক্ষ্য নিৰ্মাণ কৰি মাত্ৰ এবছৰ বা দুবছৰৰ ভিতৰতে সেই লক্ষ্যপ্ৰাপ্তিৰ কামনা কৰাটো মুৰ্খামী মাত্ৰ । অৱশ্যে ইয়াৰ কিছু ব্যতিক্ৰম নাই বুলি ক’ব নোৱাৰি । ইণ্টাৰনেটৰ অসীম সম্ভাৱনা আৰু শক্তিৰ বাবে কিছুমানে এবছৰ-দুবছৰ ভিতৰতে জীৱনৰ বিৰাট পৰিৱৰ্তন সাধন কৰাত সক্ষম হৈছে । কিন্তু আমাৰ এই লেখা কোটি কোটি সাধাৰণ মানুহৰ বাবে ; যাৰ বাবে চৰম সত্যটো হ’ল —-বিৰাট সফলতাৰ বাবে এক দীঘলীয়া সময়ৰ প্ৰয়োজন । নিৰ্দিষ্টকৈ ইমান বছৰে লাগিব বুলি কোনেও কৈ দিব নোৱাৰে যদিও ,পৃথিৱীৰ অন্যান্য ব্যক্তিৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ব পাৰি যে মানুহৰ সাফল্য প্ৰাপ্তিৰ বাবে কমছেকম্ ৫-১০ বছৰতো লাগিবই । জেফ বেজৌছক ১৫০ বিলিয় ডলাৰ নিৰ্মাণ কৰোঁতে লাগিল ২৫ বছৰ ,মাৰ্ক জোকাৰ্বাগক প্ৰায় ১০ বছৰ , ৱাৰেন বাফেটক প্ৰায় ৪০-৫০ বছৰ । আজিকালি ইণ্টাৰনেট অহাৰ পিছত মিলিয়নাৰ-বিলিয়নাৰ হোৱাৰ সময় বহু কমি গ’ল ,পূৰ্বতে মিলিয়নাৰ হ’বলৈয়েই কেতিয়াবা ৫০-৬০ বছৰৰ প্ৰয়োজন হৈছিল । পৃথিৱীৰ বেছিভাগ ধনী ব্যক্তি বিলিয়নাৰ হৈছিল ৫০ বছৰৰ পিছতহে । অৱশ্যে ফেচবুক ফাউণ্ডাৰ মাৰ্ক জোকাৰ্বাগ বিলিয়নাৰ হৈছিল ২৩ বছৰ বয়সত । ভাৰতৰ সফলতম ষ্টাৰ্টআপ অয়’ ৰোমছ( OYO rooms) ফাউণ্ডাৰ ৰিটেশ আগৰৱাল মিলিয়নাৰ হৈছিল ২৪ বছৰ বয়সত : যিটো সময়ত ভাৰতবৰ্ষৰ বেছিভাগ যুৱক-যুৱতীয়ে প্ৰেম-পীৰীতিৰ অনিৰ্বচনীয় আনন্দ আহৰণত মছগুল হৈ থাকে ।
ক’ব বিচৰা হৈছে যে জীৱনৰ চূড়ান্ত সফলতাৰ বাবে কিছু সময় অপেক্ষা কৰিব পাৰিব লাগিব । সফলতা এক সুদীৰ্ঘ যাত্ৰাপথ—-য’ত অবিৰত আৰু অদম্যভাৱে দৌৰাৰ কোনো বিকল্প নাই । এটা চমু উদাহৰণৰ দ্বাৰা কথাটো বুজা হওক । ধৰাহ’ল ‘A’ আমাৰ এটা বৃহৎ লক্ষ্য । সেই লক্ষ্যত উপনীত হ’বৰ বাবে আমাক সময় লাগিব পাৰে প্ৰায় ২০ বছৰ । সেই ২০ টা বছৰ সেই লক্ষ্যৰ বাবে যিখিনি কৰণীয় ,যিখিনি নকৰিলে সেই লক্ষ্য প্ৰাপ্তি সম্ভৱ নহয় ; সেইখিনি সময়ানুযাৰি কৰাত অদম্য আৰু অবিৰত হোৱাৰ ওপৰতেই নিৰ্ভৰ কৰিব লক্ষ্য প্ৰাপ্তি । কাৰণ ২০ বছৰীয়া সেই যাত্ৰাপথ সহজ নিশ্চিতভাৱেই নহ’ব । প্ৰত্যেক দিনেই নহ’লেও ,প্ৰত্যকটো মাহত ,প্ৰতিটো বছৰত আমাৰ সমুখত বাধা আহিব ,আৰু সেই বাধাবোৰ ইমাশ জটিল আৰু কঠিন হ’ব যে আমাৰ দৃষ্টিৰ পৰা ,মনৰ পৰা সেই লক্ষ্য ‘A’ হেৰাই যাব পাৰে । এনেকুৱা হ’ব পাৰে যে ‘A’ মুখী প্ৰত্যেকটো পথেই বন্ধ হৈ যাব ,সহায়ৰ বাবে ওচৰত নেথাকিব কোনো—-তেতিয়া মনৰ উদ্যম ,সাহস ,ইচ্ছা সকলো ইচ্ছা স্তিমিত হৈ আহিব পাৰে । হয়তো কিছুমানে তাতেই গিভ্ আপ্ কৰি দিব পাৰে সেই প্ৰিয়তম লক্ষাভিমুখী যাত্ৰাপথ । কিন্তু এনেকুৱা কিছুমান মানুহ থাকিব আমাৰেই মাজত ,যি সহস্ৰ বাধাৰ পিছতো ,পৰাজয়ৰ পিছতো হৈ থাকিব ‘A’ মুখী যাত্ৰাত অত্যোৎসাহী ,অদম্য আৰু অবিৰত । এই শ্ৰেণীৰ মানুহৰ প্ৰচণ্ড কৰ্মস্পৃহা ,উদ্যম আৰু অজেয় মনৰ ওচৰত বাধাবোৰ ,পৰাজয়বোৰ হাৰি যাবলৈ বাধ্য । এটাই মাত্ৰ কথা : পাব লাগিব মানে পাবই লাগিব ; May be not immediately ,but definitely. সফল entrepreneur গৈ অৱশেষত এই সকলেই হয় । চীনৰ আলিবাবা’ৰ ফাউণ্ডাৰ জেক মা ইয়াৰ উৎকৃষ্ট উদাহৰণ : যি বাৰম্বাৰ চাকৰি বিচাৰি পৰাজয় হৈও আজি চীনৰ আটাইতকৈ ধনী ব্যক্তি । আপুনি KFC ৰ ফাউণ্ডাৰৰ কাহিনীও উদাহৰণ হিচাপে ল’ব পাৰে অথবা এডিচনৰ ।
গ) RISK ল’ব পৰা ক্ষমতা
জীৱনটো অনশ্চয়তাৰে ভৰপূৰ । Tomorrow is not guaranteed . কিন্তু মানুহৰ আশাবাদ ইমান শক্তিশালী যে অনিশ্চয়তাৰ ঘনঘোৰ অন্ধকাৰৰ মাজতো মানুহে আগুৱাই যায় স্বপ্নৰ দিশত ,লক্ষ্যৰ দিশত । কাইলৈ মৃত্যু নিশ্চিত বুলি জানিলেও আজিৰ দিনটোৰ প্ৰাত্যহিক কৰ্মৰ পৰা আমি আঁতৰি থকিব নোৱাৰো । ট্ৰোজান যুদ্ধত একিলিছৰ মৃত্যু নিশ্চিত আছিল । তেওঁ সেই যুদ্ধত মৃত্যু হ’ব বুলি ভৱিষ্যত বাণী আছিল যদিও ,তেওঁ সেই যুদ্ধৰ পৰা নিজকে বঞ্চিত কৰিব নোৱাৰিলে ,আৰু বঞ্চিত কৰা হ’লে তেওঁ বীৰ শ্ৰেষ্ঠ হিচাপে হয়তো চিনাক্ত নহ’লহেঁতেন । মৃত্যুৰ কথা জানিও ৰিক্স লোৱাৰ বাবেই অভিমন্যু মহাভাৰত বন্দিত এক মহাবীৰ । অৰ্থাৎ কৰ্মৰ অবিহনে বা গতিৰ অবিহনে জীৱনৰ নিজস্ব কোনো অৰ্থ নাই । কিন্তু এই কথাও আমি মনত ৰাখিব লাগিব যে প্ৰত্যেকটো কৰ্মই মানুহৰ জীৱনটো সুন্দৰতম ,মহত্বম আৰু ঐশ্বৰ্যশালী কৰি নুতুলে । যিবোৰ কৰ্মৰ দ্বাৰা মানুহৰ যশ,খ্যাতি ,ঐশ্চৰ্য প্ৰাপ্তি হয় ,সেইবোৰ কৰ্ম সম্পাদন বহু কঠিন । সেই কৰ্মৰ মাজত অনিশ্চয়তা আছে , জীৱনৰ পৰা কিবা হেৰুৱাৰ ভয় আছে ,আছে ভয়ানক ৰিক্স্(Risk)।
কিন্তু বেছিভাগ মানুহে জীৱনটো ভুলকৈ ব্যাখ্যা কৰাৰ বাবে জীৱনৰ প্ৰকৃত অৰ্থ অবিৰত আৰাম আৰু এক সুস্থিৰ উপাৰ্জনৰ মাজতহে বিচাৰি পায় । অৰ্থাৎ এনেকুৱা এক কৰ্ম ,এনেকুৱা এক Lifestyle —-য’ত আছে সুস্থিৰ নিয়মিত উপাৰ্জন , য’ত হেৰুৱাৰ ভয় নাই , অনিশ্চয়তাৰ টেনশ্যন নাই ।
কিন্তু কিছুমান মানুহ আছে ,যি অনিশ্চয়তাক কোনো ভ্ৰূক্ষেপ নকৰাকৈ কেৱল অবিৰত কৰ্মৰ এক বিশাল সংগ্ৰামত জাঁপ দিব খোজে । কাৰণ সেই শ্ৰেণীৰ মানুহৰ বাবে লক্ষ্যপ্ৰাপ্তিৰ স্বপ্নতকৈ বেছি আমোদজনক ক্লান্তিহীন পৰিশ্ৰমৰ ব্যস্ততা আৰু যন্ত্ৰণা । জীৱনত যি প্ৰাপ্তিৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে , সেই লক্ষ্যত উপনীত হ’বলৈ অনিবাৰ্যভাৱে প্ৰয়োজন হোৱা সকলো কৰ্ম-কষ্ট ,পৰাজয়ৰ বেদনা মূৰপাতি লৈও আগবাঢ়ি যোৱাটোৱেই এজন entrepreneur ৰ প্ৰধান উদ্দেশ্য । লক্ষ্যপ্ৰাপ্তিৰ বাবে জীৱনৰ বৃহত্তম ৰিক্সটো ল’বলৈও যি কুণ্ঠাবোধ নকৰে ,প্ৰকৃতাৰ্থত তেৱেঁই এণ্টাৰপ্ৰিণিয়োৰ ।
মৃত্যুৰ ভয়ত যদি মানুহে আকাশত উৰাৰ কথা নেভাবিলেহেঁতেন ,উৰাজাহাজ নহ’লহেঁতেন নিৰ্মাণ । পাহাৰৰ পৰা বাগৰি পৰাৰ কথা ভাবি ঘৰত বহি থকাহেঁতেন , হিমালয় ; চন্দ্ৰত গৈ উভতি নহাৰ কথা ভাবি ভয়ত কঁপি থকা হ’লে ,চন্দ্ৰপৃষ্ঠ ; সেইদৰে সাগৰতলী ,মহাকাশ —-কেতিয়াও আৱিষ্কাৰ নহ’লহেঁতেন । অৰ্থাৎ বৃহৎ কৰ্ম সম্পাদনৰ বাবে ,বৃহৎ লক্ষ্য প্ৰাপ্তিৰ বাবে বৃহৎ ৰিক্স ল’ব পাৰিবই লাগিব ,অন্যথা ভিৰৰ মাজত অস্তীত্বহীনভাৱে জীৱনটো হেৰাই যোৱাটো নিশ্চিত ।
ঘ) দ্ৰুত সিদ্ধান্ত ল’ব পৰাৰ ক্ষমতা
জীৱনত সময়ৰ মূল্য কিমান সেই কথা সকলো সচেতন মানুহেই জানে । জীৱনৰ পৰা যদি এবাৰ সময় উলাই যায় ,সেই সময় আৰু ঘূৰি নাহে কেতিয়াও । গতিকে সময়ক সদ্ব্যৱহাৰ কৰিব জনাটো জীৱনৰ কাৰণে অতি লাভজনক । মানুহৰ জীৱনটো আজিকালি ৭০-৮০ বছৰ বয়সেৰে সীমাবদ্ধ । কোনোবা এশ বছৰ অতিক্ৰম কৰে যদিও সেয়া ব্যতিক্ৰম । এশ বছৰ জীয়াই থাকিলেও সেই জীৱন কৰ্মোপযোগী হৈ নেথাকে । মানুহ কৰ্মথ হৈ থাকে খুউব বেছি ৬০-৬৫ বছৰ লৈকে । তাৰে প্ৰথম ২৫ টা বছৰ শিক্ষাৰ্জনতেই গুচি যায় ,বাকী ৰয় মাথোঁ ৩০-৩৫ টা বছৰ । সেই ৩০-৩৫ টা বছৰ ভালদৰে ব্যৱহাৰ নকৰিলে ,জীৱনৰ সৰ্বাধিক উপভোগ সম্ভৱেই নহয় ।
ইমানখিনি কোৱাৰ তাৎপৰ্য এয়াই যে কিবা এটা বৃহৎ লক্ষ্য যদি স্থাপন কৰা হৈছে ,সেই লক্ষ্য সাধনৰ কাৰণে যদি কৰা হৈছে পৰিকল্পনা ,তেন্তে সেই পৰিকল্পনা মতে কাম যিমান পাৰি সোনকালে আৰম্ভ কৰি দিব পাৰিব লাগিব । অৰ্থাৎ আপুনি এখন গেলামালৰ দোকান খুলিব বিচাৰিছে । আপোনাৰ ওচৰত মূলধন পৰ্যাপ্ত নাই । আপোনাৰ ওচৰত অপশ্যন দুটাই আছে : হয় আত্মীয়ৰ পৰা ল’ব লাগিব ; নহয় বেংকৰ পৰা ল’ব লাগিব লোন(loan) । এতিয়া আপোনাৰ মনত নানান চিন্তাৰ উদয় হ’ব পাৰে । এবাৰ বেংকৰ পৰা এবাৰ আত্মীয়ৰ পৰা লোৱাৰ কথা ভাবি থাকোতেই যদি বছৰ গুচি যায় ,তেন্তে এবছৰ পিছত আপোনাৰ দোকান খোলাৰ ইচ্ছা দুৰ্বল হৈ যাবও পাৰে । হয়তো সেই ইচ্ছা সিমানতে সমাপ্ত হৈ যাবও পাৰে । বেছিকৈ ভাবি থকাৰ ফলত মনত নাকাৰাত্মক চিন্তাৰ উদ্ৰেক হৈ গৈ থাকিব ,ভয়-শংকা বাঢ়ি গৈ থাকিব আৰু কনফ্যুজনৰ ফলত মনটো ধীৰে ধীৰে দুৰ্বল হৈ গৈ থাকিব আৰু এটা সময়ত উদ্যম হেৰুৱাই সকলো পৰিকল্পনা শূণ্য হৈ পৰিব । আৰু এই অৱস্থাটোকে ক’ব পাৰি এনালাইছিছ পেৰালাইছিছি (Analysis Paralysis) । সেইবাবে কিবা এটা কৰাৰ ইচ্ছা প্ৰৱল হওঁতেই সেই কাম আৰম্ভ কৰা উচিত : যদিহে সেই কামৰ পৰা সফলতাৰ দুৱাৰ খোলা সম্ভাৱনা থাকে ।
ঙ) নতুন শিকাৰ মানসিকতা/ জ্ঞানস্পৃহা :বিখ্যাত পণ্ডিত বেকনে কৈছিল ,” Knowledge is power.” –এই কথাষাৰেই হৈছে যিকোনো উত্তৰণৰ মূল ৰহস্য । জ্ঞানৰ বাবেই সম্ভৱ মহাকাশ যোৱাৰ ,জ্ঞানৰ বাবেই মানুহ শক্তিশালী অন্য জীৱ-জন্তুতকৈ ,জ্ঞানৰ বাবেই আমেৰিকা আজি পৃথিৱীৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ । অৰ্থাৎ জ্ঞানৰ দ্বাৰাইহে জীৱনৰ যিকোনো প্ৰাপ্তি সম্ভৱ । জ্ঞানৰ অপাৰ মহত্তৰ কথা কৈ শেষ কৰিব নোৱাৰি ।
কিন্তু আমাৰ সমাজত এই ধাৰণা পূঞ্জিভূত হৈ আছে যে কোনো কলেজৰ পৰা কিবা নিৰ্দিষ্ট বিষয়ত গ্ৰেজুৱেশ্যন অথবা মাষ্টাৰ্ছ ডিগ্ৰী লোৱাই শিক্ষাৰ অন্তিম বিন্দু । তেওঁ শিক্ষিত বুলি সমাজত বন্দনীয় ,প্ৰশংসনীয় । কিন্তু এই কথা সময়ে প্ৰমাণ কৰিছে যে ২১ শতিকাৰ দ্ৰুত পৰিৱৰ্তনশীল ,প্ৰযুক্তিৰ যুগত নিজকে আধুনিক জ্ঞান-বিজ্ঞানৰ লগত পৰিচয় কৰি নাথাকিলে কৰ্মক্ষেত্ৰ আৰু সমাজত অপ্ৰাসংগিক হৈ পৰাটো খাটাং । কুৰি শক্তিকাৰ জ্ঞানেৰে আপুনি 5th Generation এয়াৰক্ৰাফ্ট নিৰ্মাণ কৰিব নোৱাৰে ,পৌৰাণিক সাহিত্য চৰ্চাৰ পদ্ধতিৰে আপুনি আধুনিক সাহিত্য সৃষ্টি কৰিব নোৱাৰে । নিজকে আউট-ডেটেড্ হোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে অবিৰত নতুন নতুন জ্ঞান অৰ্জন কৰি থাকিবই লাগিব । বিল গেইটছ , ৱাৰেন বাফেট , জোকাৰ্বাগ ,বেজৌছ , ইলন মাক্স আদি সফলতম ব্যক্তিসকলে বিভিন্ন কিতাপ পঢ়ি নিজৰ জ্ঞান বিকাশ কৰি থাকে । কেৱল entrepreneur হ’বলৈ নহয় , এজন সৰ্ব-প্ৰিয় এম্প্লয়ী হ’বলৈও জ্ঞানৰ আপগ্ৰেডেশ্যন অপৰিহাৰ্য । এই যে আমি কোম্পানীৰ পৰা এম্প্লয়ী ফায়াৰিং হৈ থকাৰ বাতৰি পাওঁ ,এয়া কেৱল কোম্পানীৰ বাবে অপ্ৰাসংগিক আৰু অনুপযোগী হৈ পৰাৰ ফল । যিমান পাৰি নতুন কথা ,নতুন তথ্য ,নতুন দক্ষতা আয়ত্ত কৰাই জীৱনৰ প্ৰগতিৰ কাৰণে আৱশ্যক।
এজন সফল ব্যক্তি হ’বৰ বাবে কেৱল এই কেইটা গুণেই নহয় ,যিখিনি প্ৰয়োজনীয় সেইখিনি আয়ত্ত কৰিবই লাগিব । ব্ৰেঞ্জামিন ফ্ৰেংকলীনৰ দৰে নিজৰ চৰিত্ৰ বিকাশৰ সাধনাত হ’ব লাগিব ক্লান্তিহীন । কাৰণ মহান জীৱন সাধনাৰ অন্য এক নাম চৰিত্ৰ গঠন, —এনেকুৱা এক চৰিত্ৰ ,যি চৰিত্ৰৰ প্ৰভাৱত জন্ম হয় একো একোজন মহৎ ব্যক্তিৰ । শ্ৰীকৃষ্ণৰ চৰিত্ৰই তেওঁৰ কৰ্মৰাজিক নিৰ্দ্ধাৰিত কৰিছিল ,আৰু সেই চৰিত্ৰৰ বাবেই ভাৰতীয় সংস্কৃতিৰ তেওঁ আটাইতকৈ শ্ৰেষ্ঠ পুৰুষ । আপুনি যদি জীৱনত কোটিপতী হোৱাৰ স্বপ্ন পুহি ৰাখিছে ,তেন্তে অচিৰেই আৰম্ভ কৰি দিয়ক এক entrepreneurial যাত্ৰা ।
