ব‍্যক্তিগত অৰ্থনীতি -১

     Entrepreurship ৰ প্ৰয়োজনীয়তা

কেৱল ভাৰতবৰ্ষৰেই নহয় ; সমগ্ৰ পৃথিৱীৰে এটা বৃহৎ সমস্যা হৈ পৰিছে —নিবনুৱা সমস্যা ( unemployment) । প্ৰায় ৮০০ কোটি মানুহেৰে ভৰপূৰ এই পৃথিৱী । গোটেই পৃথিৱীৰ কথা নকওঁ ,কেৱল ভাৰতবৰ্ষৰেই জনসংখ্যা ইমান বেছি যে সেই সমগ্ৰ জনসংখ্যাৰ(১৩০ কোটি) বাবে কৰ্মসংস্থান সৃষ্টি কৰাটো সহজটো নহয়েই ;প্ৰায় অসম্ভৱ বুলিব পাৰি । ১৩০ কোটি মানুহক যদি চৰকাৰে প্ৰতিমাহে দহ হেজাৰ টকাকৈ দিবলৈ আৰম্ভ কৰে ,তেন্তে চৰকাৰৰ ৰাজকোষৰ পৰা প্ৰতিমাহেই ১৩ লাখ কোটি টকাৰ খৰচ হ’ব —যিটো চৰকাৰৰ পক্ষে সম্ভৱ নহয় । কেৱল দৰমহা দিয়াইটো চৰকাৰৰ কাম নহয় ; দেশৰ অন্যান্য প্ৰগতিৰ বাবেও চৰকাৰক বহু টকাৰ প্ৰয়োজন হয় । আৰু চৰকাৰৰ ওচৰতটো কুবেৰৰ যাদুকৰী ক্ষয়হীন ভঁৰাল নাই —যে টকা যিমান খৰচ কৰিলেও শেষ নহয় বা উলায়েই থাকিব ।

                                                                                                    আমেৰিকা,জাপান,ইংলেণ্ড আদি উন্নত দেশবোৰতেই আনকি নিবনুৱা সমস্যা এক প্ৰধান চিন্তাৰ কাৰণ হৈ পৰিছে । নিবনুৱা সমস‍্যা দূৰীকৰণৰ প্ৰতিশ্ৰুতিৰেই বহুতেই দেশৰ নেতা হোৱাৰ ৰাজনীতি কৰি আহিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৬ মিলিয়ন মানুহক কৰ্ম সংস্থাপন দিয়া হ’ল বুলি কৈ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাই আছে । অৰ্থাৎ নিবনুৱা সমস্যা এটা গ্লবেল প্ৰব্লেম । গতিকে ভাৰতৰ দৰে উন্নয়নশীল দেশত এই সমস্যা নথকাৰ কথাই হ’ব নোৱাৰে । কিন্তু পৃথিৱীৰ যিকোনো সমস্যাৰ সমাধান কৰাটো সম্ভৱ । নিবনুৱা সমস‍্যাৰো যে এদিন সমাধান নহ’ব ,এই কথা আমি ক’ব নোৱাৰো । যদিহে সঠিক পৰিকল্পনা আৰু প্ৰত‍্যেকেই দৰিদ্ৰতাৰ পৰা মুক্তিৰ কাৰণে মনত ইচ্ছা প্ৰৱল কৰে ,তেন্তে সুদূৰ ভৱিষ‍্যতে হ’লেও এই সমস্যাৰ সমাধান হ’ব ।

 এইখিনিতে শিক্ষিত ব‍্যক্তি মাত্ৰেই এই কথা মনত ৰাখিব লাগিব যে নিবনুৱা সমস্যাৰ কাৰণ কেৱল চৰকাৰ বা আমাৰ এই বিৰাট জনসংখ্যা নহয় —-ইয়াৰ প্ৰধান আৰু অন‍্যতম কাৰণটো হ’ল আমাৰ মানসিকতা ( Mentality) । আমি মানৱ জীৱনৰ যিটো অৱস্থাক ‘নিবনুৱা’ বুলি গণ্য কৰো ,যিবোৰ মানুহক আমি নিবনুৱা বুলি ভাবো ; সেই চিন্তাৰ কিছু পৰিৱৰ্তন কৰিলেই আধাআধি নিবনুৱাৰ কথাটোৱেই শেষ হৈ যায় । নিবনুৱাৰ সংজ্ঞাক আমি নতুনকৈ বিশ্লেষণ কৰাৰ সময় সমাগত ।

বেছিভাগ মানুহৰ ধাৰণাত ‘নিবনুৱা’ শব্দটোৰ অৰ্থ হৈছে —যাৰ চৰকাৰী বা বেচৰকাৰী চাকৰি( Job) নাই ,যি কেইবাটাও উচ্চস্তৰীয় একাডেমিক ডিগ্ৰী ধাৰণ কৰিও চৰকাৰ বা কোম্পানীৰ পৰা দৰমহা পাবলৈ হোৱা নাই সক্ষম তেঁৱেই নিবনুৱা । এই সংজ্ঞানুসৰি বৰ্তমান ভাৰতবৰ্ষৰ নিবনুৱাৰ পৰিমাণ শতকৰা ৬.১ শতাংশ । যোগ‍্যতাৰ পিছতো , বিশেষ ক্ষেত্ৰত দক্ষতা আহৰণ কৰাৰ পিছতো কোনো এটা চাকৰি থিক কৰি ল’ব নোৱাৰি নিজকে নিবনুৱাৰ শাৰীত থিয় কৰাৰ মানসিকতাই বহুতো নতুন প্ৰজন্মৰ জীৱন বিষাক্ত কৰি তুলিছে । এয়া পৰিস্থিতি নহয় , নিজৰ মানসিকতাই নিজক দুৰ্বল আৰু পংগু কৰি তোলাৰ এক দুৰ্ভাগ্যজনক প্ৰক্ৰিয়া । ইংৰাজী অভিধানতো ইয়াৰ সংজ্ঞা যোগাত্মক নহয় অথবা আলোকসন্ধানী নহয় । Unemployment শব্দৰ ইংৰাজী সংজ্ঞা —The state of having no job ; joblessness . এই সংজ্ঞাৰ পৰা আমাৰ দৃষ্টি উত্তৰণ কৰিব পাৰিলেই , জীৱনৰ এক নতুন দিগন্ত , এক নতুন আশাৰ সূচনা হ’ব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top