এক কোটি টকাৰ আৰ্থিক পৰিকল্পনা
এক কোটি টকা জীৱনৰ সৰ্বশেষ লক্ষ্য নহয় যদিও ,বহুতৰ বাবে জীৱনত এক কোটি টকাৰ অধিকাৰী হোৱাটো এক দুৰ্বাৰ ইচ্ছা ,এক জীৱনযোৰা স্বপ্ন । কিছুসংখ্যক উচ্চাকাংক্ষী মানুহে মুকেশ আম্বানী , নাৰায়ন মূৰ্তী ,বিল গেইটছৰ দৰে বিলিয়নাৰ হোৱাৰো সপোন দেখে । তাৰে কিছুমানে সেই স্বপ্নক দিঠকত পৰিণত কৰিবলৈও সক্ষম হয় । Amazon.com আৰম্ভ হৈছিল বিল গেইটছৰ Microsoft Corporation ত কৈ বহু পিছত , কিন্তু জেফ বেজৌছে বিল গেইটছক অতিক্ৰম কৰাৰ স্বপ্নক পূৰণ কৰিলে । কেতিয়াবা অতিক্ৰম কৰাটো সম্ভৱ ,যদিহে সংগ্ৰাম কৰা হয় অবিৰত ,পৰিকল্পনা হয় সঠিক আৰু ধৈৰ্য হয় অটুট । আমি সেই মহাস্বপ্নৰ কথা নকওঁ , মাত্ৰ এক কোটি টকাৰ আৰ্থিক পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিম । সাধাৰণ মানুহেও যাতে কোটিপতী হোৱাৰ স্বপ্ন পূৰণ কৰিব পাৰে , সেয়াই আমাৰ মূল প্ৰয়াস । কাৰণ বিলিয়নাৰ হোৱাটো সকলোৰে বাবে সম্ভৱ নহ’ব পাৰে , কিন্তু পৃথিৱীৰ প্ৰত্যেকৰেই বাবে ১ কোটি টকাৰ গৰাকী হোৱাটো সম্ভৱ । এটা বাক্যত , যিসকলে ১০,০০০ টকা উপাৰ্জন কৰাৰ সামৰ্থ আছে , তেওঁৰ বাবে এক কোটি নিৰ্মাণ কৰাটো সম্ভৱ । বুদ্ধিমান ব্যক্তিয়ে দহ হেজাৰক কোটি টকালৈ পৰিৱৰ্তন কৰিব পাৰে । Infosys ৰ স্ৰষ্টা নাৰায়ণ মুৰ্থীৰ কথা সকলোৱে জানে ,যিয়ে পত্নীয়ে গহণা বেচি দিয়া ১০,০০০ টকাৰ বিনিয়োগেৰে ছজন বন্ধুৰ সৈতে মিলি ১৯৮১ চনত নিৰ্মাণ কৰিছিল ভাৰতবৰ্ষৰ অন্যতম সফল কোম্পানী —Infosys । নাৰায়ণ মুৰ্থীৰ বৰ্তমান নেট ৱৰ্থ ২.৫ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১৪ হেজাৰ কোটি টকা । গতিকে আমাৰ ‘প্ৰত্যেকেই কোটিপতী হ’ব পাৰে’ কথাষাৰ অসত্য নহয় । গুৰুত্বপূৰ্ণ কথাটো হ’ল কোটিপতী হ’ব পৰাৰ শক্তিশালী চৰিত্ৰ আমি গঢ় দিব পাৰিব লাগিব ।
এক কোটি নিৰ্মাণৰ বাবে সঞ্চয় (saving) আৰু বিনিয়োগ (investment) ৰ ওপৰিও যিটো কথাৰ ওপৰত আমি সৰ্বাধিক গুৰুত্ব দিব লাগিব ,সেইটো হ’ল -Money Management (অৰ্থ প্ৰবন্ধন ) । উপাৰ্জন কম-বেছি পৰিমানে সকলোৱে কৰি জীৱন নিৰ্বাহ কৰি আছে , কিন্তু উপাৰ্জিত ধনৰাশি সঠিকভাৱে ব্যৱহাৰ কৰি বৰ্তমান আৰু ভৱিষ্যতৰ বাবে কিদৰে উপযোগী কৰি তুলিব পাৰি , কিদৰে সঞ্চয় আৰু বিনিয়োগেৰে এটা সময়ত কোটিপতী হ’ব পাৰি ,সেই কথা কোনেও নেভাবে বা নেজানে । বহুতৰ বাবে ‘অৰ্থ প্ৰবন্ধন’ এটা অচিনাকী বস্তু । টকা যে কেৱল উপাৰ্জনৰ দ্বাৰা বৃদ্ধি নহয় , টকাৰ বৃদ্ধিৰ বাবে সঠিক প্ৰবন্ধনৰ প্ৰয়োজন ,সেই কথাটো নজনাৰ বাবেই উপাৰ্জন কৰিও ,কোটিপতী হোৱাৰ পৰা নিজকে বঞ্চিত কৰোঁ । বেছিভাগ মানুহৰ জীৱনত দেখা যায় যে যিমান পৰিমাণৰ উপাৰ্জন কৰা হয় ,তাতকৈ বেছি কৰা হয় অপ্ৰয়োজনীয়ভাৱে খৰচ : যিবোৰত খৰচ নকৰিলেও হয় ,তেনেবোৰ খৰচৰ আধিক্যই আমাক ধনী হোৱাৰ পৰা দূৰত ৰাখে । কিছুমান খৰচ অৱশ্যম্ভাৱী ,কিছুমান প্ৰয়োজনীয় । খাই জীয়াই থাকিবৰ বাবে খাদ্য সামগ্ৰী কিনিবলৈ টকা লাগিবই , ঘৰ সাজিবলৈ ,গাড়ী কিনিবলৈ বা ভ্ৰমণ কৰিবলৈ কিছু টকা খৰচ কৰিবই লাগিব । কিন্তু সদায় ফাষ্টফুড্ নহ’লেও হয় , চিনেমা নেচালেও হয় , বৰ বেছি দামী গাড়ী নল’লেও হয় ।এনেকুৱা বহুত কাম আছে ,বস্তু আছে ; যিবোৰত খৰচ নকৰিলেও জীৱনৰ একো অৱনতি নঘটে ,তেনেবোৰ কামত বেছিকৈ খৰচ কৰাটো আৰ্থিক স্বাধীনতা লাভৰ পৰিপণ্ঠী । যাৰ ফলত জীৱন কালত কেতিয়াও আৰু সঞ্চয় কৰা নহয়গৈ । জীৱনৰ অন্তিম বয়সতো বেংক বেলেঞ্চ হৈ ৰয় জিৰো । তাতোকৈ দুখৰ কথা হ’ল গোটেই জীৱনটো অৰ্থাৎ যিটো সময়ৰ পৰা মানুহক বিশ্ৰামৰ প্ৰয়োজন , যিটো সময়ত মানুহ কৰ্মৰ বাবে হৈ পৰে অক্ষম , সেই সময়তো জীৱন নিৰ্বাহ কৰিবলৈ দৈনিক পৰিশ্ৰম কৰি উপাৰ্জন কৰিব লগা হয় । গোটেই জীৱন কেৱল কেইটামান টকা উপাৰ্জনৰ কাৰণে সংগ্ৰাম কৰি ৰ’ব লগা হোৱাটো দুৰ্ভাগ্যজনক । মানুহ কেৱল খাই বা খাবৰ বাবে জীয়াই নেথাকে । জীয়াই থকাই যিহেতু মানুহৰ একমাত্ৰ উদ্দেশ্য নহয় ,জীৱনৰ যে অন্যান্য দিগন্ত আছে , সেইবাবে মানুহৰ সেই অন্যান্য দিগন্তবোৰ স্পৰ্শ কৰিবলৈ বা জীৱনৰ মহত্ব বুটলিবলৈ মানুহক পৰ্যাপ্ত টকাৰ প্ৰয়োজন । এই আধুনিক পুঁজিবাদী পৃথিৱীত সন্মান আৰু সুখেৰে জীয়াই থাকিবলৈ টকাৰ বিকল্প নাই । অৱশ্যে মানুহৰ ইচ্ছা-স্বপ্নৰ আকাৰৰ তাৰাতম্য হোৱা হেতুকে টকাৰ প্ৰয়োজনীয়তাৰ মাত্ৰাও বিভিন্নধৰণৰ । বিদেশ ভ্ৰমণ , বিলাসী ঘৰ নিৰ্মাণ আৰু দামী গাড়ী কিনাৰ যাৰ ইচ্ছা আছে ,স্বপ্ন আছে ,তেওঁৰ বাবে কোটি টকাৰ কম হ’লে নচলিব । অন্যহাতে যি সকলে গাঁৱৰ সৰল জীৱন ধাৰা ভাল পাই ,দাৰ্শনিক ইমানুৱেল কাণ্টৰ দৰে যি ঘৰৰ পৰা ১০ কিলোমিটাৰৰ ভিতৰতে পৃথিৱীৰ সৌন্দৰ্য দেখা পায় ,যি গাড়ী-মটৰৰ পৰিৱৰ্তে বাইচাইকেল চলাই ভাল পায় ,তেওঁৰ বাবে কোটি টকা নহ’লেও হৈ যায় । তেওঁ সামান্য টকাৰেই এক ঈৰ্ষণীয় ,সুন্দৰ-সুখী জীৱন গঢ়ি তোলাত হ’ব পাৰে সক্ষম । কিন্তু টকাৰ অনিবাৰ্য্যতাক কোনেও অশ্বীকাৰ কৰিব নোৱাৰে ।
আপুনি যদি কাইলৈ বা এবছৰ দুবছৰতে এক কোটি টকা পাব খোজে তেন্তে ঠিকা লৈ চৰকাৰী ধন আত্মহাত কৰিব লাগিব । এবছৰ-দূবছৰতে এক কোটি টকা ঘটাৰ সহজ আৰু সৎ পথ দুৰ্লভ আৰু দুষ্পাপ্য । অসৎ পথেৰে নিৰ্মাণ কৰা ধনৰ স্থায়িত্ব নাই আৰু সেই ধনী হোৱাৰো মহত্ব বা খ্যাতি একো নাই । গতিকে যিকোনো পৰিস্থিতিতেই সেই অসৎ পথৰ পৰা নিজক দূৰত ৰখা উচিত । আগতেই টকা আৰু সময়ৰ ওতঃপ্ৰোত সম্পৰ্কৰ কথা কৈ অহা হৈছে । টকা বা ধনে ধন নিৰ্মাণ কৰিবৰ কাৰণে সময়ৰ প্ৰয়োজন । গুটিৰ পৰা গজালি ওলাই গছ হ’বলৈও ১০-২০ বছৰৰ প্ৰয়োজন হয় । আপোনাৰ টকাৰ পৰা অধিক টকা বৃদ্ধি হ’বলৈও একেই সময়ৰ প্ৰয়োজন । আপুনি যদি সঁচাকৈয়ে জীৱনত কোটিপতী হ’ব বিচাৰে তেন্তে ২৫-৩০ বছৰ অপেক্ষা কৰিব পাৰিব লাগিব । আমি এনেই এই কথা কোৱাৰ ধৃষ্টতা কৰা নাই , চক্ৰবৃদ্ধি সূতৰ আশ্চৰ্য ক্ষমতা ( Power of Compound Interest) আৰু সময়ৰ সহায়ত কৰা অংকই যিকোনো মানুহকেই এই গ্যেৰাণ্টি দিব পাৰে । অৱশ্যে এই কথাও সত্য যে কেৱল ৩০ বছৰ অপেক্ষা কৰিলেই নহ’ব , আপুঈ অৰ্থ প্ৰবন্ধন (Money Management) ৰ সেই পথ মানি চলিব লাগিব ,যি পথ আমি এই অধ্যায়ত উন্মোচন কৰিম । তথ্যৰ ওপৰত ভিত্তি কৰি আমি যি সত্য উন্মোচন কৰিম ,সেই পথ অনুসৰণ কৰিলে জীৱনৰ পৰা একো নেহেৰায় ,বৰং এক কোটি টকা আপুনি নিশ্চিতভাৱে লাভ কৰিব । আমাৰ কথা ভুল বুলি ভাবিলে বা বিশ্বাস কৰিব নোৱাৰিলে কোনো অভিজ্ঞ ফাইনেঞ্চিয়েল প্লেনাৰৰ পৰাও জানি ল’ব পাৰে । সি যি কি নহওক , এতিয়া আমি সেই পথত ধীৰে ধীৰে যাত্ৰা কৰোঁ আহক ।
আপুনি যদি মাহিলী দহ হেজাৰ উপাৰ্জন কৰে ,তেন্তে আপোনাৰ ধন ৰাশিক চাৰিটা ভাগত ভাগ কৰক ।
ক) বিনিয়োগ
খ) সঞ্চয়
গ) দৈনিক খৰচ
ঘ) জৰুৰীকালীন
ক) টকাৰ বিষয়ে এটা বৃহত্তম ৰহস্য উন্মোচিত হোৱাৰ লগে লগে মানুহৰ উপাৰ্জনৰ ষ্টাইল এতিয়া পৰিৱৰ্তন হ’ব ধৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিততেই Automatic Millionaire নামৰ বিখ্যাত কিতাপৰ ৰচিত হৈছে : আপুনি উপাৰ্জনৰ এনেকুৱা কিছুমান পাইপলাইন নিৰ্মাণ কৰি ল’ব পাৰে ; যাৰ দ্বাৰ আপুনি মেৰিয়ানা বিচত কোনো ৰূপহীৰ সৈতে আমোদ-প্ৰমোদত ব্যস্তহৈ থাকিলেও আপোনাৰ বেংক একাউণ্টত টকা জমা হৈ থাকিব । টকাৰ পৰা টকাৰ সৃষ্টি হয় । টকাই ভৃত্যৰ দৰে আপোনাৰ কাৰণে টকা নিৰ্মাণ কৰি থাকিব যদিহে আপুনি জানে The Art of Investment , বিনিয়োগৰ কলা । সঞ্চয়ৰ পৰা বিনিয়োগ কিছু পৃথক এইবাবেই যে সঞ্চয়তকৈ বিনিয়োগৰ পৰা পোৱা ৰিটাৰ্ণ বহুত বেছি । সঞ্চয়ৰ যোগেদি আপুনি খুউব বেছি ৪-৫ শতাংশ সুত লাভ কৰিব বা কেতিয়াবা ইনফ্লেশ্যনৰ ফলত আপুনি ঘাটাও খাব পাৰে । কিন্তু বিনিয়োগৰ ফলত আপুনি কেৱল ১৫-২৫ শতাংশই মাত্ৰ নহয় ; ১০০০ শতাংশ পৰ্যন্ত ৰিটাৰ্ণ পাব পাৰে । অৰ্থাৎ Money makes money–ৰ ধাৰণাটো ফলপ্ৰসু হয় কেৱল বিনিয়োগতহে । সেইবাবে বিয়াগোম বিয়াগোম ইনভেষ্টমেণ্ট ফাৰ্মবোৰৰ গঠন হৈ আছে । পৃথিৱীত আধাআধি বিলিয়নাৰৰ উপাৰ্জনৰ উৎসই হৈছে বিনিয়োগ ।
অৰ্থাৎ ভালদৰে বিনিয়োগ কৰাৰ কৌশল আয়ত্ত কৰি ল’লে জীৱনত কোটিপতী হোৱাৰ পৰা কোনেও বঞ্চিত নহয় । অৱশ্যে বিনিয়োগ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে । মিউশ্যুৱেল ফাণ্ডত SIP( Systematic Investment Plan) কৰা ,FD (Fixed Deposit) , PPF (Public Provident Fund) ,NPS( National Pension System) কৰাও একো একোটা বিনিয়োগ । কিন্তু ইয়াৰ দ্বাৰা আপুনি ৱাৰেণ বাফেটৰ দৰে হ’ব নোৱাৰে । আপুনি মিলিয়নাৰ-বিলিয়নাৰ ইনভেষ্টৰ হ’বলৈ হ’লে ষ্টক মাৰ্কেট , কোনোবা সফল ষ্টাৰ্টআপ , সফল কোম্পানীত বিনিয়োগ কৰিব পাৰিব লাগিব । পৃথিৱীৰ ধনী ধনী ব্যক্তিসকলে কৰ্ম বা বুদ্ধি বা টকাৰ বিনিয়োগেৰে নিজৰ সফলতাৰ কাহিনী ৰচনা কৰিছে । ৱাৰেন বাফেটে ষ্টক মাৰ্কেটত , বিল গেইটছে Microsoft , মাৰ্ক জোকাৰ্বাগে Facebook আৰু বেজৌছে Amazon.com ত টকা-পৰিশ্ৰম-বুদ্ধি-সময়ৰ বিনিয়োগ কৰিছে । আপুনিও যদি জীৱন কালত এক কোটি টকা নিৰ্মাণ কৰিব বিচাৰিছে তেন্তে বিনিয়োগৰ বিকল্প নাই ।
বিনিয়োগ ক’ত কৰিব ?
চিন্তা নকৰিব । আপুনি আজিয়েই দহ হেজাৰ টকাৰ পৰা প্ৰতিমাহে তিনি হেজাৰ পৃথক কৰি দুটা মিউশ্যুৱেল ফাণ্ডত SIP কৰি দিয়ক । আপুনি ২৫-৩০ বছৰ পৰ্যন্ত এই অভ্যাস ত্যাগ নকৰিবলৈ প্ৰতিজ্ঞা কৰক । অৱশ্যে আপুনি হেজাৰ হেজাৰ মিউশ্যুৱেল ফাণ্ডৰ পৰা কোনটো ফাণ্ড কিনিব তাৰ বাবে কিছু অধ্যয়ন কৰিব লাগিব । আপুনি কোনো এজন অভিজ্ঞ ব্যক্তিৰ সহায় ল’ব পাৰে ।
( ৩০০০ টকাকৈ—৩০ বছৰ—-১৩% সুত—১.২ কোটি )
খ) দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা ভৱিষ্যতৰ বাবে টকা নিৰ্মাণ কৰা উচিত । কিন্তু সস্ৰম্যাদী আমাৰ বহুতো সপোন থাকে ,বহুতো জৰুৰীকালীন প্ৰয়োজনীয়তা থাকে , জীৱন উপভোগৰ ইচ্ছা-বাসনা থাকে । ঘৰ-দুৱাৰ , বিয়া-বাৰু ,ভ্ৰমণ ,পিন্ধন-উৰণৰ বাবে যিখিনি টকাৰ আৱশ্যক হয় জীৱন কালত ,সেইখিনি সঞ্চয়ৰ যোগেদি নিৰ্মা কৰা উচিত । যদি আপুনি ৭০০০ টকাৰ পৰা ২০০০ টকাকৈ কোনো বেংকত সঞ্চয় কৰি যায় ,বছৰত হ’ব ২৪০০০/- টকা । এইদৰে আপুনি কেইবছৰ মান সঞ্চয় কৰি যাব পাৰিলেই সৰু-সুৰা বহুতো সপোন পূৰণ হৈ যাব । অৰ্থাৎ আপুনি বছা বছা কেইখন মান ঠাই চাব পাৰিব । আপুনি টেলিভিছন ,কম্পিউটাৰ ,ম’বাইল ,বাইক জাতীয় প্ৰয়োজনীয়তা বোৰ পূৰণ কৰিব পাৰিব । এইখিনিতে এই কথাও মনত ৰাখিব লাগিব যে মানুহৰ সম্পূৰ্ণ ইচ্ছা-পূৰ্তি কেতিয়াও সম্ভৱ নহয় । কিন্তু সুখী হ’ব পাৰি ।
গ) আমাক প্ৰতিদিনেই কিবা নহয় কিবা কামত কিছু টকাৰ প্ৰয়োজন হয়েই । তেল-চাবোন ,নিমখ-চেনী ,গাড়ী ভাৰা ,অন্যান্য কিছুমান সৰু-সুৰা কামত প্ৰতিমাহে কিছু টকাৰ প্ৰয়োজন হয় । এই খৰচ বহন কৰিবৰ বাবে আমাৰ বাচি ৰোৱা ৫০০০ টকাৰ পৰা ২৫০০ টকা ৰাখিব লাগিব । আজিৰ দিনত মাত্ৰ ২৫০০ টকাৰে এখন ঘৰ-সংসাৰ চলোৱাটো কঠিন যদিও ,আমি তেনেকৈয়ে চলিব লাগিব । কাৰণ মানুহৰ বাবে এই চিন্তাশূণ্য স্বৰ্গীয় আনন্দৰ জীৱন সম্ভৱেই নহয় । মুকেশ আম্বানীৰো টেনশ্যন আছে , স্বপ্নৰ অপ্ৰাপ্তি আছে ,আছে জীৱন-যন্ত্ৰণা । মাত্ৰ দহ হেজাৰ টকাৰ পৰা কোটিপতী হোৱাৰ পৰিকল্পনা কৰাটো সম্ভৱ যদিও অলপটো টনাটনি হোৱাটো স্বাভাৱিক । কিন্তু আমাৰ উদ্দেশ্য হ’ল মানুহৰ আগত এই কথা জনোৱাৰ যে যদিহে দহ হেজাৰ টকাৰ উপাৰ্জনেৰে কোটিপতী হ’ব পাৰি ,তাতোকৈ বেছি উপাৰ্জন কৰা সকলে নিশ্চয়কৈ কোটিপতী হ’ব পাৰে । গতিকে উপাৰ্জনৰ বৃদ্ধিৰ ওপৰতো আমি সমান গুৰুত্ব দিব লাগিব ।
ঘ) জীৱনত সমস্যাৰ অন্ত নাই । অনন্ত সমস্যাৰে ঘেৰা এই জীৱনটো সহনীয় কৰিবৰ বাবেই ,অৰ্থাৎ সমস্যাবোৰ অতিক্ৰম কৰিবৰ বাবেই মানুহক টকাৰ প্ৰয়োজন হয় । আৰু আধুনিক সময়তটো বেছিভাগ সমস্যাৰ একমাত্ৰ পৰিত্ৰাণ হ’ল : টকা । টকাৰ অবিহনে স্বাস্থ্যৰ পুষ্টিসাধন কৰিব নোৱাৰি , টকাৰ অবিহনে ৰোগৰ পৰাও মুক্তি পাব নোৱাৰি , মুক্তি পাব নোৱাৰি অকাল মৃত্যুৰ ভয়াৱহ সম্ভাৱনাৰ পৰাও । গতিকে মানুহক টকা লাগিবই । সমস্যা বা বিপদ কেতিয়া মানুহৰ জীৱনলৈ আহে কোনেও আগতীয়াকৈ নেজানে । যিকোনো মুহূৰ্ততে বিপদে আহি মানুহৰ জীৱনটো ধ্বংস কৰি।দিব পাৰে । সেই বিপদৰ পৰা বাচিবৰ বাবেই আপোনাৰ দহ হেজাৰৰ পৰা ১৫০০ টকা এনেকৈ সঞ্চয় কৰি ৰখাৰ প্ৰয়োজন যে যেতিয়াই প্ৰয়োজন হয় জৰুৰীভাৱে ,তেতিয়াই ব্যৱহাৰ কৰিব পাৰি । আজিকালি নিজক নিজে সহায় নকৰিলে কোনেও সহায় কৰিবলৈ নাহে । আত্ম বলেই হৈছে পৰম বল ।
ওপৰত আমি এক সামান্য গতিৰে এজন কম উপাৰ্জন কৰা ব্যক্তিও কিদৰে সঠিক চিন্তা আৰু পৰিকল্পনাৰে জীৱনৰ এটা সময়ত কোটিপতী হ’ব পাৰে ,সেই বিষয়ে আলোচনা কৰিলো । কিন্তু সেই পথেই একমাত্ৰ পথ নহয় । মানুহৰ জীৱনত খ্যাতি আৰু ঐশ্বৰ্য অৰ্জাৰ বহুতো পথ থাকিব পাৰে । কিন্তু সঠিক পথ আমি নিৰ্বাচন কৰিব পাৰিব লাগিব ।
আমি এই অধ্যায়ত কেৱল দহ হেজাৰ টকাৰ উপাৰ্জনৰ কথা কৈছিলো এই কাৰণেই যে সকলোৱে এই পৰিমাণৰ ধন আয় কৰিবলৈ সক্ষম হ’ব পাৰে । আমি মাত্ৰ এক পথহে প্ৰদৰ্শন কৰিবলৈ আন্তৰিক প্ৰয়াস কৰিছোঁ । কিন্তু মানুহৰ উপাৰ্জন-প্ৰতিভা কেৱল দহ হেজাৰতেই সীমাবদ্ধ নহয় । ইচ্ছা আৰু পৰিশ্ৰমৰ যোগেদি মানুহে দহ হেজাৰ কিয় ,এমাহত দহ লাখো উপাৰ্জন কৰিব পাৰে । মাত্ৰ আমাৰ যাত্ৰা হ’ব লাগিব উচ্চমুখী । এই পৃথিৱীৰ কোনো মানুহেই দৰিদ্ৰ হৈ ৰ’ব নোৱাৰে । কোটিপতী হোৱাৰ অধিকাৰ সকলোৰে আছে । সেই অধিকাৰৰ যোগ্য হৈ উঠাই জীৱনৰ এক পবিত্ৰ সাধনা ।
