ব‍্যক্তিগত অৰ্থনীতি -১

   ব‍্যৱসায় বনাম চাকৰি

উপাৰ্জনৰ পথ (ways of income) যিয়েই নহওঁক , যিকোনো এক বিধিসন্মত ,কল‍্যাণকাৰী পথেৰে টকা উপাৰ্জন নকৰিলে যে জীৱনৰ সামগ্ৰিক পৰিচালনা সম্ভৱ নহয় , এই কথা কোনেও অশ্বীকাৰ কৰিব নোৱাৰে । টকা উপাৰ্জনেই মানুহৰ সকলো কৰ্মৰ একমাত্ৰ ইন্ধন বা চালিকাশক্তি নহ’লেও , এক প্ৰধান চালিকাশক্তি বুলি ক’ব পাৰি । বহুতৰ বাবেতো জীৱনটো কেৱল মাত্ৰ টকা-উপাৰ্জন-কেন্দ্ৰিক । সহজভাৱে টকা উপাৰ্জন কৰাৰ কুটিল বাসনাৰ বাবেই কেতিয়াবা পুত্ৰই পিতৃ-মাতৃক ব্লেকমেইল্ , পত্নীয়ে পতীক হত্যা , ডকাইতি আদি জঘন্য কাণ্ডৰ সংঘটিত হয় । আমি এই কথাও নজনা নহয় যে কেৱল টকাৰ বাবেই বহুতো নাৰীয়ে নিজৰ সতীত্ব পৰ্যন্ত অসংখ্য পুৰুষৰ ওচৰত বিক্ৰী কৰি দিবলৈও সংকোচ নকৰে । এই কথাই অনৈতিকভাৱে হ’লেও এই কথাই সিদ্ধ কৰে যে জীয়াই থাকিবৰ বাবে ,পথ লাগিলে যিয়েই হওক,টকা উপাৰ্জনৰ কোনো বিকল্প নাই । অৱশ্যে আমি সেই দুষ্ট ,জঘন্য পথেৰে টকা নিৰ্মাণৰ পৰা মানুহক বিৰত থাকিবলৈ বিনম্ৰ অনুৰোধ জনালো ।

  আধুনিক পৃথিৱীত টকা উপাৰ্জনৰ পথৰ কোনো অন্ত নাই । পৃথিৱীৰ প্ৰত‍্যেকজন ব‍্যক্তিয়েই কম-বেছি পৰিমাণে উপাৰ্জনৰ শক্তি লৈ আহে । কিন্তু সমস্যাটো হ’ল উপাৰ্জনৰ সেই অসংখ্য পথৰ মাজৰ পৰা নিজে ভাল পোৱা , পছন্দৰ এটা নিৰ্দিষ্ট পথ মানুহে সহজে নিৰ্বাচন কৰি ল’ব নোৱাৰে । কি পথে জীৱনক টকাৰ লগতে আনন্দ দিব পাৰে , মাধুৰ্যতা দিব পাৰে ,দিব পাৰে বিৰামহীন সুখ—-সেই পথৰ সন্ধানেই মানুহৰ জীৱনৰ আদি কালৰ এক মহত্তম ,অৱশ্যে পালনীয় কৰ্তব্য । এই কৰ্তব্যত যি হ’ব অবিৰত আৰু অক্লান্ত—–সফলতাৰ উচ্চতম শীখৰত তেওঁৰ পদাৰ্পণ নিশ্চিত ।

পথৰ অন্ত নাই । নাই জীৱনৰ উত্তৰণৰ পৰিসমাপ্তি । কিন্তু ঈশ্বৰপ্ৰদত্ত বুদ্ধিৰ সঠিক ব‍্যৱহাৰেৰে জীৱিকাৰ এটা উপযুক্ত পথ বিচাৰি লোৱাটো বা নিৰ্মাণ কৰাটো মানুহৰ নিজা দায়িত্ব । মানুহে নিজেই উপাৰ্জনৰ পথ নিৰ্মাণ কৰি লব লাগিব । উপাৰ্জনৰ বাবে মানুহক যিখিনি যোগ‍্যতা ,যিখিনি কৰ্ম দক্ষতা ( Work skill) থকাৰ প্ৰয়োজন ,সেইখিনি আয়ত্ত কৰি লব পৰাতেই নিৰ্ভৰ কৰে জীৱনৰ সাফল্য । উপাৰ্জনৰ পথ নিৰ্বাচন কৰাত সকলো মানুহ স্বাধীন । নিজৰ ৰুচি আৰু পছন্দ অনুসৰি কৰ্ম নিৰ্দ্ধাৰণ কৰি লোৱাত স্বাধীনতা থকাটো নিজৰ ভৱিষ্যত শান্তিৰ বাবে অপৰিহাৰ্য । কিন্তু দুৰ্ভাগ‍্যবশতঃ বেছিভাগ মানুহেই এখন নিজা-পছন্দহীন ,অপ্ৰিয় ,ব’ৰিং কৰ্মজগতৰ লগত বন্ধিত হৈ পৰে কেৱল উপাৰ্জনৰ অনিবাৰ্য্যতাত । কিন্তু আমাৰ ধাৰণাৰে উপাৰ্জনৰ বাধ‍্যবাধকতা মানুহৰ জীৱনৰ সুখৰ অন্তৰায় হ’ব দিয়া উচিত নহয়। উপাৰ্জনৰ পথ হ’ব লাগিব এনেকুৱা এটা —-য’ত কৰ্ম কৰি আনন্দ আছে , সুখ আছে ,মহত্ত আছে আৰু আছে পাহাৰীয়া ঝৰ্ণাৰ দৰে মৃদু গতি । এক উত্তৰণমুখী গতি ,এক লক্ষ্য । যি কৰ্মই জীৱিকা উপাৰ্জনৰ পথ প্ৰশস্ত কৰিব , সেই কৰ্মৰ প্ৰতি আমাৰ থাকিব লাগিব অগাধ ভালপোৱা আৰু বিশ্বাস । প্ৰত‍্যেক কৰ্মই কম-বেছি পৰিমাণে মানুহক উপাৰ্জনৰ ৰাস্তা নিৰ্মাণ কৰি দিয়ে । গতিকে মানুহে কৰি ভালপোৱা এটা ভাল কাম বাচি ল’লেই হ’ল—–সেই কৰ্মত মহাৰথী হৈ আগবাঢ়ি গ’লেই সাফল্য সমুখত যে স্পষ্ট হৈ    পৰে ,নিশ্চিত হৈ পৰে ,সফল ব‍্যক্তিসকলৰ জীৱনে বাৰে বাৰে ইয়াকে প্ৰমাণিত কৰি থাকে।

   জুবিন গাৰ্গ সংগীতৰ প্ৰেমত পৰিছিল সৰুতেই ,সংগীতৰ মাজতেই তেওঁ পাৰ কৰিছিল শৈশৱ-কৈশোৰৰ মধুৰতম দিনবোৰ । তেওঁ তাবলা শিকিছিল আৰু সপোন দেখিছিল সংগীত শিল্পী( musician) হোৱাৰ । বি বৰুৱা কলেজৰ শেষৰ বছৰৰ কেমিষ্ট্ৰী পৰীক্ষা দি থাকোতে হঠাৎ শিক্ষা জীৱনৰ প্ৰতি তেওঁৰ মনত অনিহাৰ জন্ম হ’ল আৰু পেপাৰ আধাতে সামৰি পৰীক্ষাস্থলী ত‍্যাগ কৰিলে । প্ৰধান শিক্ষকৰ প্ৰশ্ন : ” তুমি কি হ’ব বিচাৰা ?” তেওঁৰ বিশ্বাসগভীৰ উত্তৰ : ” মিউজিশ‍্যিয়ান।” —-সেই যি যাত্ৰাৰ আৰম্ভণি ,তাৰ পিছৰ ইতিহাস আমি সকলোৱে জানো । কিদৰে নিজৰ ভালপোৱা কৰ্মসাধনাৰে জীৱনৰ উত্তৰণৰ সৰ্বোচ্চ চূড়া আৰোহণ কৰি আজি খ‍্যাতি আৰু জনপ্ৰিয়তাৰ শীৰ্ষবিন্দুত অধিস্থিত কৰিলে নিজকে ,সেই দৃষ্টান্ত যুগে যুগে স্মৰণীয় । তেওঁ গায়ক ,কণ্ঠশিল্পী ,কথাকাৰ ,পৰিচালক ; গান গায় তেওঁ নেভাগৰে ;চিনেমা নিৰ্মাণ কৰি তেওঁ সুখী । আৰু ভালপোৱাৰ এই কৰ্মই তেওঁৰ উপাৰ্জনৰ উৎস । তেওঁ আজি কোটিপতী ,অৰ্থাৎ তেওঁৰ ব‍্যক্তিগত অৰ্থনীতি আজি মজবুত । তেওঁ নিজৰ হবিক প্ৰফেশ‍্যনলৈ বা কেৰিয়াৰলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হ’ল । যি নিজৰেই প্ৰিয়তম কৰ্মৰ দ্বাৰা উপাৰ্জন কৰিবলৈ সক্ষম ,তেওঁতকৈ সুখী কোন হ’ব পাৰে ? তেওঁতকৈ ভাগ‍্যৱান আৰু কোন হ’ব পাৰে ?

এনেকৈ মানুহৰ জীৱন নিৰ্মাণ হ’ব পাৰে খেলত , অভিনয়ত , ৰাজনীতিত ,ব‍্যৱসায়ত ,সংগীতত ,চাকৰীত ,কৃষিত আৰু বহুতত । আমি এই অধ‍্যায়ত কেৱল ব‍্যৱসায় আৰু চাকৰিৰ কথাহে আলোচনা কৰিম । যাতে দুয়োটাই পথেৰেই গৈ মানুহে জীৱনৰ সাফল্যৰ পৰ্বত বগাব পাৰে ।

   ১৩০ কোটি মানুহৰ দেশ ভাৰতবৰ্ষ । ভাৰতবৰ্ষৰ সামগ্ৰিক প্ৰগতিৰ কাৰণে ১৩০ কোটি মানুহৰ ব‍্যক্তিগত অৰ্থনীতি মজবুত হৈ থকাটো অত‍্যন্ত জৰুৰী । কিন্তু ‘ ব‍্যক্তিগত অৰ্থনীতি ‘ মজবুতীকৰণৰ পথসমূহৰ বিষয়ে আমি কিমান জানো ? আমি যিমান দূৰ জানো ,ভাৰতবৰ্ষৰ বেছিভাগ মানুহৰ ধাৰণাত ,ক’ব পাৰি চিন্তা-চেতনাত ,উপাৰ্জনৰ একমাত্ৰ উৎকৃষ্ট পথ হ’ল—চাকৰি(Job) । য’ত শিক্ষা-দীক্ষা আমি গ্ৰহণ কৰোঁ ,য’ত চাৰ্টিফিকেট আমি একত্ৰিত কৰোঁ কেৱল এই আশাত যে—-এই শিক্ষাই ,এই চাৰ্টিফিকেটে এটা হাই-পেয়িং জব্ পোৱাত আমাক সহায় কৰিব । চাকৰি চৰকাৰী হওঁক বা বেচৰকাৰী ,–দৰমহা ১৫০০০/- হওঁক বা ১.৫ লাখ ,জীৱনৰ সাফল্যৰ অন‍্যতম কীৰ্তিচীহ্ন হ’ল চাকৰি (Job) । সন্তানে এটা চাকৰি লাভ কৰিলে পিতৃ-মাতৃৰ আনন্দই আকাশ স্পৰ্শ কৰে । নকৰিবই বা কিয় ; যি পিতৃ-মাতৃয়ে দিন-ৰাত এক কৰি ঘৰ্মাক্ত পৰিশ্ৰমেৰে সন্তানৰ শিক্ষাৰ বাবে লাখ-লাখ টকা খৰচ কৰে ,সেই খৰচৰ ; সেইপৰিশ্ৰমৰ বিনিময়ত সন্তানৰ সাফল্য প্ৰাপ্তিয়ে কোন পিতৃ-মাতৃৰ হৃদয় সুখী নকৰিব ?

  ব‍্যক্তিগত অৰ্থনীতি বা দ‍্য পাৰশ্বনেল ইকনমি গঢ়ি তোলাৰ বাবে উপাৰ্জনৰ এক পথ মানুহক অনিবাৰ্য্যভাৱে লাগিবই । চাকৰি উপাৰ্জনৰ বা ব‍্যক্তিগত অৰ্থনীতি গঢ়ি তোলাৰ এক উত্তম পথ বুলি আমি দ্বিধাহীনভাৱে ক’ব পাৰো । কিন্তু দুৰ্ভাগ‍্যবশতঃ ভাৰতবৰ্ষৰ জনসংখ্যাৰ হিচাপত প্ৰত‍্যেকেই , মনৰ পছন্দৰ বা অপছন্দৰ হলেও, এটা চাকৰি লাভ কৰাটো অসম্ভৱ । চৰকাৰী বা বেচৰকাৰী অনুস্থান-প্ৰতিস্থানত এতিয়া লৈকে যিসকলে কৰ্মসংস্থান পালে ,তেওঁলোক ভাগ‍্যৱান ;কিন্তু যিবোৰ বাকী ৰৈ গ’ল ,যিবোৰে দৰমহা-কেন্দ্ৰীক এটা জীৱন নিৰ্মাণ কৰাত হ’ল অপাৰগ ,তেওঁলোকৰ জীৱনৰ কি একো অৰ্থ নাই ? চাকৰি নাই বুলিয়েই সিহঁত কি সামাজিকভাৱে বৰ্জনীয় ? সিহঁতৰ বাবে কেৰিয়াৰ নিৰ্মাণৰ অন‍্য কি একো পথ নাই ? এই প্ৰশ্ন এতিয়া আমি আনক কৰাৰ পৰিৱৰ্তে ,নিজকে অবিৰতভাৱে কৰিব পাৰিব লাগিব আৰু তাৰ উত্তৰ সন্ধানটো আমি হ’ব লাগিব ক্লান্তিহীন । চাকৰি যে জীৱন সন্ধানৰ বা সাফল্যৰ একমাত্ৰ পথ নহয় ,সেই কথা স্বীকাৰ কৰি নতুন নতুন কেৰিয়াৰ পথ নিৰ্মাণৰ বাবে চেষ্টা কৰাটোৱেই আধুনিক পৃথিৱীৰ মানুহৰ বুদ্ধিমত্তাৰ পৰিচয় । আপুনি খেলুৱৈ হ’ব পাৰে ,গায়ক হ’ব পাৰে , লেখক হ’ব পাৰে ; কিন্তু আপুনি চাকৰি নাপালে বুলিয়েই বেকাৰ বা নিবনুৱা হৈ থাকিব নোৱাৰে ।

     চাকৰি সন্দৰ্ভত কিছু কথা :

চৰকাৰৰ ছিষ্টেমৰ তলত বা কোনোবা কোম্পানীৰ বাবে যি সকলে কাম কৰি দৰমহা(বানচ) পায় ,সাধাৰণ ভাষাত তাকেই চাকৰি বুলি আমি জানো । সাধাৰণতে চাকৰি সমূহ দুটা উৎসৰ পৰা পাব পাৰি : চৰকাৰ আৰু কোম্পানী । দুয়োটাৰে কিছুমান সুবিধা আৰু অসুবিধা থাকিলেও ,বেছিভাগ মানুহৰ বাবে চাকৰিয়েই হৈছে জীৱনৰ সাফল্যৰ একমাত্ৰ পৰিচায়ক । চাকৰি কৰা মানুহক সমাজে শ্ৰদ্ধা কৰে , তেওঁ ব‍্যাপকৰূপে আদৰ্শনীয় হৈ পৰে । চাকৰিৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল , ইয়াত আৰ্থিক নিৰাপত্তা ,সৰল জীৱনৰ নিশ্চয়তা বৰ্তমান । অৰ্থাৎ প্ৰতিমাহে আপোনাৰ কৰ্ম ,দায়িত্বভাৰ অনুসৰি এক নিৰ্দিষ্ট পৰিমাণৰ দৰমহা লাভ কৰিব আৰু গৃহ নিৰ্মাণ আৰু গাড়ী চলোৱাৰ অভিলাষা পূৰণৰ বাবেও সহজে বেংকৰ পৰা ঋণ লাভ কৰিব । এটা মাহৰ টকা খৰচ হৈ শেষ হ’লেও ,সিটো মাহত পোৱাৰ নিশ্চিতিৰ বাবেই বেছিভাগৰ প্ৰথম পছন্দ হ’ল : জব্ বা চাকৰি । চাকৰি-স্পৃহা আমি ভুল বুলি ক’ব নোখোজো ,কিন্তু চাকৰি কৰাৰ ইচ্ছা পুহি ৰখা সকলে এই কথাও জানিব লাগিব যে কি কি পদ্ধতিৰে উচ্চতম পদবোৰত চাকৰি লাভ কৰিব পাৰি । হাই-পেয়িং চাকৰি পাবৰ বাবে আমি প্ৰস্তুতি চলাব জানিব লাগিব ।

আমি জানো যে মানুহে চাকৰি লাভ কৰে দক্ষতাৰ ভিত্তিত । অৰ্থাৎ ব‍্যক্তিগত দক্ষতা (skill) আৰু যোগ‍্যতাইহে কি চাকৰি পোৱা যাব তাক নিৰ্দ্ধাৰণ কৰে । উদাহৰণস্বৰূপে আমি ক’ব পাৰো যে শিক্ষকতাৰ চাকৰি পাবলৈ শিক্ষা দিব পৰাৰ দক্ষতা আৰু যোগ‍্যতাখিনি আমাৰ থাকিব লাগিব । সেই যোগ‍্যতা নিৰ্বাচনৰ বাবেই TET পৰীক্ষা অনুস্থিত কৰা হয় । Google ,Facebook ,Microsoft ৰ দৰে বৃহৎ বৃহৎ কোম্পানী সমূহত CTO ( Chief Technology Officer) হ’বৰ বাবে Technology ৰ ওপৰত গভীৰ দক্ষতা থাকিব লাগিব ; MD ( Managing Director) হ’বৰ বাবে Management ৰ জ্ঞান থকাটো অপৰিহাৰ্য । মহাকাশৰ ওপৰত গভীৰ জ্ঞান থাকিলেহে NASA বা ISRO ত বিজ্ঞানী হোৱা সম্ভৱ , স্বাস্থ্যৰ বিষয়ে বিশাল জ্ঞান থাকিলেহে হ’ব পাৰি হাই-পেয়িং ডাক্টৰ । ভাগ‍্যই নহয় ,দক্ষতাইহে মানুহৰ কেৰিয়াৰ নিৰ্মাণত প্ৰধান ভূমিকা লয় । আপোনাৰ কৰ্ম-দক্ষতা অনুসৰিহে A ,B ,C গ্ৰেডৰ চাকৰি লাভ কৰিব । আপোনাৰ দৰমহাও হ’ব সেই অনুসৰিহে ।

কিন্তু আমি এই কথাও মনত ৰাখিব লাগিব যে চাকৰিয়েই জীৱনৰ উত্তৰণৰ সৰ্বশ্ৰেষ্ঠ পথ নহয় । চাকৰি কৰা সকলে যি দৰমহা পায় ,সেই দৰমহা নিৰ্দ্ধাৰণ কৰে চৰকাৰে অথবা কোম্পানীৰ বছে । আপোনাৰ প্ৰয়োজন হ’ল বুলিয়েই দৰমহা বৃদ্ধি নহয় বা আপুনি অধিক কষ্ট কৰি অধিক উপাৰ্জনো কৰিব নোৱাৰে । আপুনি যদি কলেজৰ প্ৰফেছৰ ,তেন্তে আপোনাৰ দৰমহা ৮০-৯০ হেজাৰ হ’ব পাৰে ,কিন্তু আপোনাৰ সেই দৰমহা কেতিয়াও ইচ্ছা কৰিলেও ৫ লাখ নহয়গৈ । আপোনাৰ দৰমহা বা মাহিলী উপাৰ্জন কিমান হ’ব সেয়া থিৰাং কৰিব দেশৰ চৰকাৰে । অৰ্থাৎ চাকৰি জীৱনত উত্তৰণৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে । আপোনাৰ ভাগ‍্য আপুনি স্বয়ং নিৰ্ণয় কৰিব নোৱাৰে ।

ইয়াৰ পৰিৱৰ্তে আপোনাৰ ভাগ‍্য নিয়ন্তা যদি আপুনি নিজেই হ’ব খোজে , যদি আপোনাৰ জীৱনৰ ওপৰত কাৰোবাৰ প্ৰভুত্ব স্বীকাৰ কৰিব নিবিচাৰে , নিজেই নিজৰ মালিক হোৱাত যি অভিলাষী ,তেওঁৰ বাবে ব‍্যৱসায় বা এণ্টাৰপ্ৰিণিয়োৰশ্বিপ সৰ্বোত্তম । চাকৰি কৰি আপুনি কোটিপতী হ’ব পাৰে ; আৰ্থিকভাৱে আপুনি বহুদূৰ স্বাধীন হ’ব পাৰে ; বৃদ্ধ বয়সত আপোনাৰ টকাৰ কাৰণে চিন্তা নেথাকিব পাৰে ; কিন্তু আপুনি আধুনিক মিলিয়নাৰ বা বিলিয়নাৰ কেতিয়াও হ’ব নোৱাৰে । এশ কোটি ,এহেজাৰ কোটি বা এক লাখ কোটিৰ মালিক হোৱা সম্ভৱ কেৱল ব‍্যৱসায়ত । কেৱল ব‍্যৱসায়ৰ (entrepreneurship) দ্বাৰাই মুকেশ আম্বানী ,ৰটন টাটা , দিলীপ চাংঘবিৰ খ‍্যাতি আৰু ঐশ্বৰ্যক অতিক্ৰম কৰাৰ স্বপ্ন ৰচিব পাৰি । গতিকে চাকৰি কৰাৰ ওপৰিও ,এনেকুৱা কিছুমান entrepreneur সৃষ্টি হওঁক —-যি নিজেটো কোটিপতী হ’বই ,দেশৰ নিবনুৱা হৈ পৰি ৰোৱা লাখ লাখ মানুহৰ জীৱিকাৰ পথ উন্মুক্ত কৰিব । ভাৰতবৰ্ষৰ অৰ্থনীতি এই পথেই এদিন গৈ চীন ,আমেৰিকাকো অতিক্ৰম কৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top