লক্ষ্য
জীৱনত লক্ষ্য নিৰ্মাণৰ প্ৰয়োজনীয়তা সম্পৰ্কে নতুনকৈ বেছি ক’ব লগা একো নাই ; ইতিমধ্যে বহু বিখ্যাত ব্যক্তিয়ে এই বিষয়ে কিতাপ লিখিছে । অথবা মা-দেউতাৰ উপদেশতো লক্ষ্য নিৰ্মাণৰ গুৰুত্ব আমি প্ৰত্যক্ষ কৰোঁ । আমি ইয়াত কেৱল স্মৰণ কৰাই দিব বিচাৰিছোঁ যে জীৱনৰ প্ৰকৃত সাফল্য অথবাবিশাল ব্যাপ্তিৰ বাবে এটা নিৰ্দিষ্ট লক্ষ্য থকাটো অনিবাৰ্য।
লক্ষ্যৰ অবিহনেও পৃথিৱীৰ বহু মানুহে জীৱন যাপন কৰি আছে ,কিন্তু সেই জীৱনৰ মহত্ত্ব বা অৰ্থ কিবা থাকিব পাৰে বুলি আমাৰ বিশ্বাস নহয়। কাৰণ কেৱল দৈনিক উপাৰ্জন কৰি বা চাকৰি কৰি গতানুগতিক এটা জীৱনধাৰা অব্যাহত ৰখাটোৱেই এটা আদৰ্শনীয় জীৱন কেতিয়াও হ’ব নোৱাৰে । অথবা কোনো উচ্চাভিলাষী মানুহে নিজে সেই জীৱন সহ্য নকৰে অথবা আনকো তেনে জীৱনৰ অধিকাৰী হ’বলৈ উপদেশ নিদিয়ে । জীৱনৰ অৰ্থ বা মহত্ত্ব হ’ল নিজস্ব ক্ষমতা-প্ৰতিভাৰে জীৱনৰ maximum সম্ভাৱনাবোৰ প্ৰাপ্তিৰ বাবে নিৰন্তৰ কৰ্ম কৰা । কিন্তু কৰ্মক সঠিক দিশত চালিত কৰিবলৈ আমাক লাগে লক্ষ্য ; এনে এটা লক্ষ্য -যি লক্ষ্য সন্ধানত পোৱা যায় জীৱনৰ আনন্দ আৰু অৰ্থ। লক্ষ্য প্ৰাপ্তিৰ অবিৰত সাধানাই প্ৰকৃততে মহৎ কৰ্ম।
আধুনিক লক্ষ্য নিৰ্দ্ধাৰণৰ দিগন্ত
এটা সময় আছিল মানুহৰ চৰম লক্ষ্য বুলিবলৈ আছিল : মুক্তি বা মোক্ষ প্ৰাপ্তি । জীৱনৰ পৰা উত্তৰণ ঘটি এটা উচ্চতৰ স্থান ,মানে স্বৰ্গ প্ৰাপ্তিৰ অভিলাষাই ঋষি-মহৰ্ষিৰ চিন্তা-চেতনা আগুৰি আছিল । প্ৰতিজন ক্ষত্ৰিয়ৰ লক্ষ্য বুলিবলৈ আছিল দেশ জয় অথবা ৰাজ সিংহাসন । কিন্তু এতিয়া ২১ শতিকা —য’ত মানুহৰ সম্ভাৱনাৰ অন্ত নাই আৰু অন্ত নাই লক্ষ্য নিৰ্মাণৰ সম্ভাৱনাৰ । আপুনি এতিয়া ফুটবল খেলি ,ক্ৰিকেট খেলি ,গান গাই ,কিতাপ লিখি ,অভিনয় কৰি ,কথা কৈ আৰু অনেক পথেৰে এটা বৃহত্তৰ জীৱন নিৰ্মাণ কৰিব পাৰে। কিন্তু অধিক মাছত বগলী কণা হোৱাৰ বাবে অসংখ্য লক্ষ্য নিৰ্মাণৰ অপশ্যনৰ ভিৰত এটা সঠিক ,আপোনাৰ বাবে উপযুক্ত লক্ষ্য নিৰ্বাচন কৰাত সমস্যা হোৱাটো স্বাভাৱিক । সেইবাবে সঠিক লক্ষ্য নিৰ্বাচন কৰিবৰ বাবে কিছুমান প্ৰাথমিক জ্ঞানৰ প্ৰয়োজন হয় । আমি এই কিতাপৰ যোগেদি আপোনাৰ সাফল্যৰ যাত্ৰাত অলপ অতিৰিক্ত ইন্ধন হিচাপে কাম কৰিব বিচাৰোঁ যাতে আপোনাৰ সফলতা হৈ পৰে নিশ্চিত ।
কি কি দিশত লক্ষ্য নিৰ্মাণ কৰিব
লক্ষ্য নিৰ্মাণৰ হেজাৰ পথ আছে । পৃথিৱীত সকলোৰে উপযোগীকৈ কাম বৰ্তমান ,কিন্তু নিজৰ পছন্দৰ এটা লক্ষ্য নিৰ্মাণ কৰাৰ ওপৰতেই নিৰ্ভৰ কৰিব আপোনাৰ ভৱিষ্যতৰ সাফল্য ।
১/ ডাক্টৰ ।
২/ ইঞ্জিনীয়াৰ ।
৩/ শিক্ষক /অধ্যাপক ।
৪/ উকীল /ন্যায়ধীশ ।
৫/ আৰক্ষী বিষয়া ।
৬/ প্ৰশাসনিক বিষয়া ।
৭/ সাংবাদিক ।
৮/ গায়ক /সংগীতজ্ঞ ।
৯/ খেলুৱৈ ।
১০/ অভিনেতা/ অভিনেত্ৰী ।
১১/ ব্যৱসায়-বাণিজ্য ।
১২/ কৃষি ।
ওপৰত কেইটামান আমি উদাহৰণ দাঙি ধৰিলো । প্ৰত্যেকৰে আকৌ ভাগ-উপভাগ মিলালে ১০০ ৰো অধিক অপশ্যন আমাৰ আগত মুকলি হ’ব । পিছলৈ আমি বিস্তৃতভাৱে এই বিষয়ে ব্যাখ্যা কৰিম । ওপৰত উল্লিখিত যিকোনো এটা বিভাগত নিজকে সমৰ্পন কৰি সাধনা কৰিব পাৰিলেই সাফল্যৰ কাষ চপা সম্ভৱ । কিন্তু লক্ষ্য নিৰ্মাণ বা নিশ্চিত কৰাৰ আগতে নিজকে কেইবাবাৰো এই প্ৰশ্ন কৰিবলৈ নেপাহৰিব : ” কোনটো কাম কৰি মই কেতিয়াও নেভাগৰো বা কোনটো কামৰ পৰা মই জীৱনৰ সৰ্বাধিক আনন্দ আহৰণ কৰিব পাৰিম ? ” —যিটো কাম কৰি আপুনি কেতিয়াও আমনি নাপায় ,যিটো কামৰ প্ৰতি আছে আপোনাৰ সুদৃঢ় ভালপোৱা ,সেই কামৰ লগত সম্পৰ্কীয় বিভাগতেই আপুনি আপোনাৰ লক্ষ্য নিশ্চিত কৰা উচিত ।
উদাহৰণস্বৰূপে ,যদি আপুনি মানুহক সেৱা কৰি ভাল পায় ,যদি আপুনি মানুহক শুশ্ৰুষা কৰিবলৈ ভাল পায় আৰু যদি ভাল পায় Human Anatomy ,তেন্তে ডাক্টৰ হোৱাৰ লক্ষ্য আপুনি বান্ধিব পাৰে । আপুনি যদি ফুটবল খেলি ভাল পায় ,ফুটবল খেলাৰ মাজত আপুনি বিচাৰি পায় অফুৰন্ত আনন্দ ,তেন্তে বিশ্ব-বিখ্যাত ‘ফুটবলাৰ’ হোৱাৰ লক্ষ্য হোৱা উচিত সুদৃঢ় ।
লক্ষ্য নিৰ্মাণৰ সঠিক সময়
লক্ষ্য নিৰ্মাণৰ সঠিক সময় বুলিবলৈ নিৰ্দিষ্ট বা নিৰ্দ্ধাৰিত একো নাই ; কিছুমানে খুব কম বয়সতেই জীৱনৰ এটা নিশ্চিত লক্ষ্যৰ দিশত আগবাঢ়ি যায় । শচীন তেণ্ডুলকাৰ(ভাৰতীয় ক্ৰিকেটাৰ) , বিল গেইটছ( মাইক্ৰছফ্টছ্ ফাউণ্ডাৰ) , ষ্টিভ জবছ্ ( এপল ফাউণ্ডাৰ)—–এই সকল ব্যক্তিয়ে খুব কম বয়সৰ পৰাই নিজৰ এটা নিশ্চিত ইণ্টাৰেষ্টৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল । কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ পক্ষে বা আমাৰ দৰে গ্ৰাম্য পৰিবেশত তেনেকুৱা সম্ভৱ নহ’ব পাৰে । সেইবাবে আমাৰ গভীৰ চিন্তাৰ পৰা এই কথা ক’ব পাৰো যে মেট্ৰিক পাছ কৰাৰ লগে লগেই জীৱনৰ এটা সঠিক ,নিৰ্দিষ্ট পথ বা লক্ষ্য নিৰ্বাচন আৰু নিৰ্দ্ধাৰণ কৰিবই লাগিব । অন্যথা সময়ৰ দ্ৰুততাৰ সৈতে কেৰিয়াৰৰ ছন্দ মিলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ।
এই কথা সত্য যে ভুল নকৰাকৈ বা এবাৰো পৰাজয় বৰণ নকৰাকৈ জীৱনত আগবঢ়াতো প্ৰায়ে অসম্ভৱ । কিন্তু যিমান পাৰি সোনকালে ভুল শুধৰণি কৰি নিজৰ উত্তম পথত আকৌ দ্ৰুতবেগে দৌৰিব জানিব লাগিব ।
Fail Faster বুলি ইংৰাজীত এষাৰ কথা আছে । কথাষাৰ চুটি হ’লেও ভাবাৰ্থৰ গভীৰতা অসীম । সোনকালে পৰাজয় স্বীকাৰ কৰি নতুন পথ গ্ৰহণ অথবা পৰাজয় স্বীকাৰ নকৰি অহৰহ প্ৰচেষ্টাৰ বলত এদিন জয়ী হোৱাৰ বাদে মানুহৰ জীৱন নিৰ্মাণৰ ক্ষেত্ৰত অন্য একো বিকল্প নাই । কাৰণ কোনো মানুহেই নিজৰ ভৱিষ্যত চাব নোৱাৰে । কথাটো উদাহৰণৰ সহায়েৰে স্পষ্ট কৰিব বিচাৰিছোঁ।
আপুনি বহুদিন ভাৱি এখন গেলামালৰ দোকান আৰম্ভ কৰিছে । প্ৰায় ছমাহ দিন আপুনি দোকানখন চলোৱাৰ ফলত দেখিছে যে ব্যৱসায়ৰ বিশেষ কোনো উত্তৰণ হোৱা নাই । আপুনি তেতিয়া ভাবিব লাগিব যে এই পথেৰে গৈ জীৱনৰ সৰ্বোচ্চ লক্ষ্যত উপনীত হ’ব পাৰিম নে নাই ,দোকানখন ক্ৰমাগতভাৱে আগবঢ়াই নি ব্যৱসায়টো এদিন ডাঙৰ কৰিব পৰাৰ সম্ভাৱনা আছে নাই । যেতিয়া আপুনি আৱিষ্কাৰ কৰিব যে ইয়াৰ দ্বাৰা আৰু আপোনাৰ ক্ষমতাৰে আপোনাৰ লক্ষ্য প্ৰাপ্তি সম্ভৱ নহয় ,তেতিয়া আপুনি কি তাকেই কৰি থকাটো উচিত হ’ব ?
আকৌ আপুনি যদি ভাৱে যে আৰু কিছু দিন অপেক্ষা কৰি লওঁ ,তাৰ পিছত ফেইল হ’লে দেখা যায় ; তেতিয়াহ’লে আপোনাৰ মাজৰ সময়খিনি বৃথাই অপচয় হৈ পৰিব । যিহেতু সময়ৰ মূল্য যিকোনো বস্তুৰ মূল্যতকৈ বেছি ,গতিকে সময় নষ্ট মানে আপোনাৰ এক বৃহৎ লোকচান । সেইবাবে যিটো কামৰ দ্বাৰা প্ৰগতি অসম্ভৱ অপোনাৰ ক্ষেত্ৰত ,সেই কাম আপুনি সোনকালে ফেইল হ’লে বহু ভাল । কাৰণ আপুনি আকৌ আপোনাৰ পছন্দৰ নতুন কাম আৰম্ভ কৰিব পাৰিব । প্ৰথম চেষ্টাতেই সফল হোৱা উদাহৰণ খুব বিৰল ।
আপোনাৰ কাৰণে কেনেধৰণৰ লক্ষ্য উপযুক্ত
এই প্ৰশ্নটো অলপ জটিল । সঠিক উত্তৰৰ বাবে গভীৰ আত্ম-বিশ্লেষণৰ প্ৰয়োজন হ’ব । প্ৰথমে আপুনি ভাবিব লাগিব যে আপুনি কোনটো কাম কৰি আনন্দ পায় , বা এনেকুৱা কি কাম যি কাম আপুনি বিনা পইচাটো কৰি থাকিব পাৰিব । আপুনি এই কথাও ভাবিব লাগিব যে কোনটো কামত আপুনি আয়ত্ত্ব কৰিব পাৰে সৰ্বোত্তম দক্ষতা । যেতিয়াই আপুনি আৱিষ্কাৰ কৰিব পাৰিব যে আপুনি অমুক কামটো কৰি ভাল পায় আৰু সেই কামটো কেতিয়াও আমনিদায়ক নহ’ব আপোনাৰ বাবে ,তেতিয়াই আপুনি ভাবিব লাগিব যে সেই কামৰ পৰা কিদৰে এটা সুন্দৰ জীৱনৰ বাবে উপযোগী জীৱিকাৰ পথ নিৰ্মাণ কৰিব পাৰি ।
অৰ্থাৎ আপুনি যদি খুব অংক কৰি ভাল পায় , গোটেই দিনটো অংক কৰি ভাগৰ নেলাগে ,তেন্তে আপোনাৰ ওচৰত লক্ষ্য হিচাপে অপশ্যন হ’ব পাৰে
ক) অংক শিক্ষক/প্ৰবক্তা
খ) অনলাইন টিউটৰ
গ) লেখক ।
ওপৰত মাত্ৰ তিনিটা অপশ্যন আগবঢ়াইছো । এই তিনিটা উপায় অৱলম্বন কৰি আপুনি এটা সময়ত হ’ব পাৰে কোটিপতী । কিন্তু কেনেকৈ ?
গতানুগতিক পথেৰে শিক্ষা আহৰণ কৰি ,মানে অংক শাস্ত্ৰৰ সৰ্বোচ্চ আৰু সৰ্বোত্তম জ্ঞান আৰু চাৰ্টিফিকেট আহৰণ কৰাৰ পিছত আপুনি কোনোবা স্কুলত শিক্ষক , কোনোবা কলেজত অধ্যাপক হ’ব পাৰে । কিন্তু সেই কাম কৰি আপুনি আধুনিক কেৰিয়াৰ নিৰ্মাণ কৰিব নোৱাৰিব । মানে আপুনি কোটিপতী হ’ব নোৱাৰিব । আপুনি অধ্যাপনা কৰি ৰোৱাৰ সমান্তৰালভাৱে যদি আকৌ ব্যক্তিগত এখন গণিতশালা আৰম্ভ কৰে (Coaching Center) ,আপুনি যদি YouTube ত এটা চেনেল আৰম্ভ কৰে ,যদি আৰম্ভ কৰে এটা ৱেবচাইট আৰু যদি তাত বিক্ৰী কৰে আপুনি নিৰ্মাণ কৰা অনলাইন ক’ৰ্ছসমূহ ,আৰু সেই একেই ৰেকৰ্ডেট ভিডিঅ আপুনি যদি BYJUS ,Vedantu ,Unacademy ইত্যাদিত আপলোড কৰে ,আপুনি মাহিলী লাখৰ ওপৰত উপাৰ্জন কৰিব পাৰিব । কিন্তু সকলো সাফল্যৰ একমাত্ৰ মূলমন্ত্ৰ হ’ল কঠোৰ পৰিশ্ৰম আৰু আপোনাৰ কৰ্মক্ষেত্ৰত সৰ্বোচ্চ দক্ষতা । আপুনি আপোনাৰ ফিল্ডত No 1 হ’বই লাগিব । ৰ’ব—- আমি এটা বিস্তৃত উদাহৰণহে দাঙি ধৰিলো । সেইদৰে আপুনি যিকোনো বিষয়ত দক্ষতা অৰ্জন কৰি আধুনিক কেৰিয়াৰ নিৰ্মাণ কৰিব পাৰে ।
আধুনিক কেৰিয়াৰ মানে কেৱল চৰকাৰী চাকৰি নহয় , আধুনিক কেৰিয়াৰ মানে এনেকুৱা এক উপাৰ্জনৰ পথ —য’ত সন্মান আছে ,টকা আছে আৰু আছে বিস্তৃতিৰ প্ৰচুৰ সম্ভাৱনা ।
