ব‍্যক্তিগত অৰ্থনীতি -১

 নতুন ভাৰত

   পৃথিৱীৰ প্ৰাচীনতম সভ‍্যতাসমূহৰ ভিতৰত ভাৰতীয় সভ‍্যতাও আছিল অন‍্যতম । ভাৰতীয় মানুহৰ বৌদ্ধিক সাধনাৰ ফচলৰূপে দুখন অতিবিখ্যাত সভ‍্যতাৰ সৃষ্টি হৈছিল এই পবিত্ৰ ভাৰতভূমিত । কল্পনাই ঢুকি নোপোৱা সেই মহেঞ্জাদাৰো আৰু হৰপ্পাৰ যুগতেই ভাৰতীয় মানুহে মানুহৰ মনৰ গাঠনিগত সৃষ্টিশীলতাৰ প্ৰমাণ দি গৈছে । চিন্তা আৰু জ্ঞানৰ উৎকৰ্ষই যে সভ‍্যতাৰ অভূতপূৰ্ব কীৰ্তি নিৰ্মাণ কৰিব পাৰে —-মহেঞ্জাদাৰো আৰু হৰপ্পাৰ শিল্প-সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিলে সেই কথা স্পষ্ট হৈ পৰিব । তাৰোপৰি ভাৰতৰ দুখন প্ৰাচীনতম মহাকাব‍্যই পৃথিৱীৰ মানুহৰ বাবে দুটা গৌৰৱময় যুগৰ ইতিহাস সংৰক্ষিত কৰি ৰাখিছে । দুয়োখন মহাকাব‍্যই দুটা বেলেগ যুগৰ প্ৰতিনিধিত্ব কৰিছে । ত্ৰেতা যুগৰ বিৱৰণ আমি পাওঁ মহাকাব‍্য ৰামায়ণৰ পাতত আৰু দ্বাপৰ যুগৰ মহাভাৰত মহাকাব্যত । দুয়োখন মহাকাব‍্যই সেই সেই যুগৰ মানুহৰ চিন্তা-প্ৰতিভা ,সৃষ্টি আৰু সম্ভাৱনাৰ কথা নিজৰ পাতত বহন কৰিছে  । অৰ্থাৎ যুগে যুগে মানুহে এই বিশাল ভাৰতবৰ্ষৰ ভূমিত নৱ-নৱ সভ‍্যতাৰ সৃষ্টি কৰি আহিছে ।

 প্ৰত‍্যেক যুগতেই সেই সময় অনুসৰি মানুহৰ চৰিত্ৰ, সৃজনী প্ৰতিভা অনন্য হৈ পৰে । সভ‍্যতাৰ সৃষ্টি হয় মানুহৰ দ্বাৰাই ,কিন্তু সেই সভ‍্যতাই মানুহৰ পৰাই দাবী কৰে পৰিৱৰ্তনৰ ,মানুহৰ চৰিত্ৰ-দৃষ্টি-দৰ্শনৰ এক মহা উত্তৰণৰ  ।

২১ শতিকা কেৱল সময় নহয় ,মানুহৰ আধুনিক প্ৰতিভাৰে গঢ়িত এক অনন্য আৰু অভুতপূৰ্ব সভ‍্যতা —য’ত বেছিভাগ প্ৰাচীন ধ‍্যান-ধাৰণাৰ ,জীৱন-দৰ্শন ,কৰ্ম-পদ্ধতিৰ কোনো অৰ্থ নাই । অৰ্থাৎ ই অপ্ৰাসংগিক । নতুন ভাৰত(New India)ত প্ৰাসংগিক(relevant) হৈ থাকিবৰ বাবে , নিজৰ অস্তিত্ব বজাই ৰাখিবৰ বাবে আমাক প্ৰয়োজন এক নতুন জ্ঞানৰ ,এক নতুন জীৱন দৰ্শনৰ ।

সেই সময় আৰু এই সময়ৰ মাজত ব‍্যৱধান অনন্ত ।সেই সময়ত মানুহৰ সফলতাৰ সাৰ্থকতা আছিল মোক্ষ বা স্বৰ্গ প্ৰাপ্তিত । বাৰম্বাৰ মৰ্ত্যলৈ আহি মানৱী জনমলৈ এই সংসাৰৰ মায়াৰ কাৰাত বন্দী হৈ বাৰে বাৰে জীৱন যন্ত্ৰণা যাতে ভোগ কৰিব লগা নহয় ,জন্ম-মৃত্যুৰ অনন্ত চক্ৰৰ পৰা যাতে পৰিত্ৰাণ পাব পাৰি ,সেইবাবে ঈশ্বৰ চিন্তাই আছিল মানুহৰ জীৱনৰ মূল অভিযান । এতিয়া মানুহৰ সেই সিপাৰৰ পৰমপ্ৰাপ্তিৰ প্ৰতি কোনো লোভ নাই ,সেই অদৃশ্য স্বৰ্গসুখ প্ৰাপ্তিৰ বাবে এতিয়া আৰু কোনেও সংগ্ৰাম নকৰে ,তপস্যা নকৰে । এতিয়া মানুহে পাৰ্থিৱ জীৱনৰ উত্তৰণৰ ওপৰত ,বৈষয়িক সফলতাৰ ওপৰত গুৰুত্ব দিয়ে । মৃত্যুৰ পিছৰ স্বৰ্গ নহয় , জীয়াই থকা কালতে জীৱনটো সুন্দৰ ,সফল আৰু আনন্দদায়ক কৰিব পাৰি । এই পৃথিৱীকেই মানুহে স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰে । আজিৰ মানুহৰ দৃষ্টি বৈষয়িক প্ৰাপ্তিৰ ওপৰত —যি প্ৰাপ্তিৰ বাবে ধন-সম্পত্তি ,যশ-খ্যাতি লাগে । এতিয়া জীৱনৰ সফলতা উপলব্ধি হয় ৰজাৰ দৰে জীৱন নিৰ্মাণ কৰাৰ মাজত , বিলাসী গাড়ী আৰু ঘৰৰ মাজত । এতিয়া মানুহে হিমালয়ৰ পৰিৱৰ্তে যাত্ৰা কৰে আমেৰিকা ,ছুইজাৰলেণ্ড ,ডুবাই আদি । এতিয়া তপস্যা নহয় , উপাৰ্জন প্ৰধান কথা —যি জীৱনক প্ৰতিষ্ঠা কৰে ।জীয়াই থকা কালতেই জীৱনৰ সৰ্বোত্তম ৰস পান কৰিব নোৱাৰিলে ,মৃত্যুৰ পিছত স্বৰ্গীয় সুখৰ কোনো গ‍্যাৰেণ্টি নাই । কাৰণ আজিলৈকে মৃত্যুহোৱা কোনো ব‍্যক্তিয়েই আহি মানুহৰ আগত স্বৰ্গৰ বৰ্ণনা দিব পৰা নাই । মৃত্যুৰ পিছত অত‍্যুচ্চ অনাবিল আনন্দৰে ভৰা এখন স্বৰ্গ থাকিব পাৰে ,ঈশ্বৰো হয়তো থাকিব পাৰে ,কিন্তু মানুহে এই জনমতে নিজৰ প্ৰতিভাৰে নিৰ্মাণ কৰিব পাৰে ঈশ্বৰৰ স্বৰ্গৰ দৰেই এক অন‍্য নতুন পৃথিৱীৰ ,নতুন সভ‍্যতাৰ ।

                                                                               ২১ শতিকাকাক এটা মাত্ৰ বাক‍্যৰে সংজ্ঞাবদ্ধ কৰা সম্ভৱ নহয় । অন্ততঃ আমাৰ সীমাবদ্ধ জ্ঞানেৰে সেয়া সম্ভৱ নহয় । কুৰি শতিকাৰ আৱিষ্কাৰ আৰু সৃষ্টি সমূহৰ কথা আমি কিছু হ’লেও জানো , কিন্তু ২১ শতিকাৰ বিষয়ে সহজে আমি ধাৰণা কৰিব পৰা নাই । আৰু এই সময়ৰ পৰিৱৰ্তন অথবা সমকালীন পৃথিৱীৰ গতিধাৰাক বুজিব নোৱাৰাৰ বাবেই জীৱনত অসফল হোৱা আমি বাৰে বাৰে দেখিবলৈ পাইছো । দাপোনৰ অবিহনে নিজৰ চেহেৰা দেখি নোপোৱাৰ দৰে ,আমাৰ সমকালৰ চেহেৰা আমি এতিয়াও দেখিবলৈ সক্ষম হোৱা নাই । যাৰ বাবে সময়ে বহু মানুহৰ অস্তিত্বক গচকি অতিক্ৰম কৰি গৈছে । সময়ৰ নিষ্ঠুৰ চকাৰ তলত পিষ্ট হ’বলৈ ধৰিছে বহুতো মানুহৰ জীৱন । সেইবাবে আমি আপোনালোকৰ আগত এখন দাপোন দাঙি ধৰিব বিচাৰিছো যাতে সময়ৰ গতিক অতিক্ৰম কৰি হ’ব পাৰে বিশ্ব বিজেতা ।

২১ শতিকা বিজ্ঞান আৰু প্ৰযুক্তিৰ পূৰ্ণ প্ৰয়োগৰ যুগ । মানুহে জীৱনৰ নানান জটিল আৰু কঠিন সমস্যা প্ৰযুক্তিৰ সহায়ত সমাধান কৰিবলৈ সক্ষম হৈছে । মানুহৰ অবৰ্ণনীয় কায়িক পৰিশ্ৰম যন্ত্ৰণা এতিয়া কমি গৈছে একমাত্ৰ প্ৰযুক্তিৰ সহায়ত । আগতে ১৫ কিলোমিটাৰ দূৰত্ত্ব যাবলৈ হ’লে খোজকঢ়াৰ বাদে উপায় নাছিল ,ভৰিৰ কষ্ট সহ‍্য কৰিবলৈ মানুহ আছিল বাধ্য । বাইচাইকেলৰ ব‍্যৱহাৰ সৰ্বত্ৰ হোৱাৰ পিছত ,মানুহে খোজকঢ়াৰ আমনিদায়ক যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিলে ,এতিয়া মানুহৰ দৃষ্টি মাৰুটি ছুজুকী (maruti suzuki) ,হোনদাই (Hyundai) ,টয়টা(Toyota) জাতীয় বিলাসী গাড়ীৰ ওপৰত । এতিয়া আৰু ১৫ কিলোমিটাৰ দূৰৰ কথা ,১ কিলোমিটাৰ পৰ্য্যন্ত খোজ কাঢ়িব নোখোজে । প্ৰযুক্তিৰ বাবেই এতিয়া আৰু কাৰোবাক খবৰ পঠাবলৈ সপ্তাহ অপেক্ষা কৰিব নেলাগে ,আপুনি মাত্ৰ ২ মিনিটত পৃথিৱীৰ যিকোনো ঠাইলৈ খবৰ পঠাব পাৰে । এনেকুৱা পৰিৱৰ্তনৰ কাহিনীৰে এখন মহাভাৰত লিখিব পাৰি । আমি ইয়াত মাত্ৰ এই আধুনিক টেক্নলজিৰ বিকাশে মানুহৰ জীৱনলৈ অনা ব‍্যাপক পৰিৱৰ্তনৰ কিছু আভাস দিব বিচাৰিছো ।সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ এই ঘোঁৰা দৌৰত অংশগ্ৰহণ কৰিবৰ বাবে ,সৰ্বোপৰি সেই দৌৰত জয়ী হবলৈ হ’লে নিজকে সময়ৰ পৰিৱৰ্তনৰ সমান্তৰালভাৱে নিজৰ যোগ‍্যতা আৰু দক্ষতাক আধুনিকীকৰণ কৰি থাকিবই লাগিব । নতুন ভাৰতত অৰ্থাৎ আজিৰ ভাৰতত প্ৰায়বোৰ মানুহেই জীৱনৰ এই upgradation ৰ ওপৰত ইতিমধ্যে গুৰুত্ব দিয়া দেখা গৈছে । এতিয়াৰ ভাৰতবৰ্ষই উত্তৰণৰ অনিবাৰ্য কাৰণত আধুনিক ডিজিটেল টেক্নলজিৰ ব‍্যাপক ব‍্যৱহাৰৰ ওপৰত গুৰুত্ত্ব দিছে । প্ৰতিটো ক্ষেত্ৰতে কম-বেছি পৰিমানে ডিজিটেলাইজেশ‍্যণ হোৱাৰ ওপক্ৰম হৈছে । বেংকিং ,শ্বপিং আৰু অন্যান্য সেৱাসমূহ আজি ইণ্টাৰণেটত ২৪ ঘণ্টাই উপলব্ধ । Money Transfer কৰিবলৈ আপুনি বেংকলৈ গৈ দীঘল শাৰীত থিয় হৈ থাকিব নেলাগে , Bill Pay ( Electricity , Gas ,Water) কৰিবলৈ আপুনি ১৫-২০ কিলোমিটাৰ দূৰত থকা অফিচলৈ যোৱাৰ কষ্ট উঠাব নেলাগে , Movie ,Flight ,Hotel ,Bus, Train ৰ টিকট আপুনি আপোনাৰ বিচনাত শুই শুই বুক কৰিব পাৰে । কথা পাতিবৰ বাবে whatsapp , ভিডিঅ ক’ল কৰিবলৈ Google Duo , পৃথিৱীৰ মানুহৰ সৈতে নেটৱৰ্ক গঢ়িবলৈ ,কথা পাতিবলৈ Facebook , যিকোনো ভিডিঅ চাবলৈ youtube ,মুঠৰওপৰত এতিয়া সহজ বহুতো অসম্ভৱ যেন লগা কাম ইণ্টাৰনেটৰ সহায়ত । ইণ্টাৰনেটৰ সহায়ত কেৱল আপোনাৰ জীৱন-ধাৰণ প্ৰণালী সহজ হোৱাই নহয় , ইয়েই এনেকুৱা এক শক্তি —-যাৰ আশীৰ্বাদত জোকাৰ্বাগ (Zukerberg) ,বেজৌছ্ ( Bezos) ,ছাৰ্জি ব্ৰিন (Sergy Brin) বিলিয়নাৰ হ’ল । আধুনিক ইয়েই এনেকুৱা এক পথ ,যি পথেৰে গৈ অতি কম সময়ৰ ভিতৰতে আপুনি ” Forbes 30 under 30 ” ৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে । আপুনি যদি মিলিয়নাৰ হব খোজে অতি সোনকালে ,অথবা বিলিয়নাৰ ;ইণ্টাৰনেটৰ কোনো বিকল্প নাই।

   নতুন ভাৰতত নিজকে এজন যোগ‍্য ব‍্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিবৰ বাবে প্ৰাচীন হৈ যোৱা কিছুমান সংকীৰ্ণ ধাৰণাৰ পৰা মুক্ত কৰিব পাৰিব লাগিব । ১৮/১৯ শতিকাৰ জীৱন-দৰ্শন বা চিন্তা-ধাৰণাৰে এক্কৈশ শতিকাৰ অত‍্যাধুনিক প্ৰযুক্তিৰ যুগত টিকি থকাটো সম্ভৱ নহয়। সেইবাবে নিজকে অত‍্যাধুনিক ৰূপত নিৰ্মাণ কৰাটো আধুনিক পৃথিৱীৰ প্ৰত‍্যেকজন ব‍্যক্তিৰ বাবেই এতিয়া অপৰিহাৰ্য । প্ৰাচীনতাৰ সংকীৰ্ণ পৃথিৱীৰ পৰা নিজৰ মানসিকতাক উত্তৰণ কৰিব নোৱাৰিলে এই জীৱনৰ বিশালতা স্পৰ্শ কৰা সম্ভৱ নহ’ব । এক অত‍্যাধুনিক মানৱ সভ্যতাৰ সৃষ্টি তুংগত হৈ পৰিছে । এই অত‍্যাধুনিক স্মাৰ্ট সভ‍্যতাৰ সৃষ্টিৰ মূল চালিকাশক্তি হ’ল—-ইণ্টাৰনেট (Internet) । সময়ৰ সৈতে ,পৰিৱেশৰ সৈতে নিজকে উপযোগী কৰিব পৰাটো মানুহৰ ক্ষমতা ,কিন্তু আধুনিক মানুহে দুৰ্বোধ‍্য বিভিন্ন জটিল কাৰণত সমসাময়িক কালৰ পৰা পলাই ফুৰিব খোজে । মানুহে বাস্তৱৰ পৰা আঁতৰি এক প্ৰাচীন কাল্পনিকতাৰ মাজত আত্মবিস্মৰণ কৰিব খোজে —যাতে বাস্তৱৰ যন্ত্ৰণাৰ পৰা কিছু হলেও মুক্ত হৈ থাকিব পৰা যায় । অতীতৰ মাজত জীৱনৰ মহত্ত্ব অথবা ব‍্যাপ্তি বিচাৰি ফুৰিলে বৰ্তমান বা ভৱিষ্যতৰ পৃথিৱীত অস্তিত্ব হেৰুৱাটো খাটাং । যিবোৰ প্ৰাণীয়ে পৃথিৱীৰ পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে মিলাই লব নোৱাৰিলে ,সেইবোৰ প্ৰাণীয়েই পৃথিৱীৰ পৰা বিলুপ্ত হৈ গ’ল । ২০১৯ চনত এই কিতাপ লিখা হৈছে সেইবাবে আমি ২০২৫ বা ৫০ ৰ কথা আমি কব পাৰো । ২০২৫ বা ৫০ চনত নিজকে প্ৰাসংগিক কৰি ৰাখিম ,কিদৰে নিজকে প্ৰতিষ্ঠা কৰিম ,কি কি পথেৰে গৈ আমি আমাৰ কেৰিয়াৰ নিৰ্মাণ কৰিম ,সৰ্বোপৰি কেনেকৈ সফল হ’ম —–এই বিষয়ে আলোচনা কৰাই এই কিতাপৰ মূল উদ্দেশ্য ।

           কোনেও ভৱিষ্যতৰ নতুন ভাৰতত অপ্ৰাসংগিক হৈ ৰ’ব নোৱাৰিব । কোনেও জীৱনৰ ভোগ-আনন্দৰ পৰা বঞ্চিত হৈ থাকিব নোৱাৰে। কিন্তু নতুন ভাৰতত নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে কিছুমান আধুনিক দক্ষতা(skillset) বা যোগ‍্যতা অৰ্জন কৰিব লাগিব । কি কি দক্ষতা বা জ্ঞানৰ যোগেদি নতুন ভাৰতত নিজকে সফল কৰিব পাৰি ,সেই পথ কি —-এই উত্তৰ পোৱাৰ আগতে আমি প্ৰাসংগিক কিছু কথা নোকোৱাকৈ থাকিব নোৱাৰিম । প্ৰত‍্যেক ব‍্যক্তিৰ বাবেই যাতে “নতুন ভাৰত” স্বৰ্গৰ দৰে হৈ পৰে —–সেই ভাৰত নিৰ্মাণেই আমাৰ আন্তৰিক প্ৰয়াস । আৰু সেই নতুন ভাৰত নিৰ্মাণ সম্ভৱ “ব‍্যক্তিগত অৰ্থনীতি” মজবুতীকৰণৰ জৰিয়তে ।

১৯১৬ চনৰ আগলৈকে বিলিয়ণ(Billion) সংখ‍্যাটো কেৱল দেখা গৈছিল জ‍্যোতিষবিজ্ঞানত । কিন্তু ব‍্যক্তিগত টকাৰ হিচাপো বিলিয়নত সম্ভৱ কৰি তুলিলে John D. Rockfeller এ ১৯১৬ চনৰ ২৯ ছেপ্তেম্বৰত । অৰ্থাৎ তেৱেঁই পৃথিৱীৰ প্ৰথমজন আধুনিক বিলিয়নাৰ । নিজৰ বুদ্ধি আৰু অক্লান্ত কৰ্ম-সাধনাৰে যে মানুহে ইমান টকা উপাৰ্জন কৰিব পাৰে ,মানে বিলিয়নাৰ হ’ব পাৰে —–সেই কথা এতিয়া পৃথিৱীৰ মানুহৰ আগত সত্য প্ৰমাণিত হ’ল । তাৰ পিছত মিলিয়নাৰ আৰু বিলিয়নাৰৰ সংখ‍্যা ক্ৰমাৎ বৃদ্ধি পাব ধৰিলে । আৰু এতিয়ালৈকে পৃথিৱীত বিলিয়নাৰৰ সংখ‍্যা হ’ল ২০৪৩ জন । এইখিনিতে আমাৰ মনত এটা প্ৰশ্নৰ উদয় নোহোৱাকৈ থকা নাই যে ৭০০ কোটি মানুহৰ পৃথিৱীত মাত্ৰ ২০৪৩ জন মাত্ৰ মানুহে বিলিয়নাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে কিয় , বিলিয়নাৰ হোৱা কি ইমান কঠিন ,নে সাধাৰণ মানুহৰ বাবে ই অসম্ভৱ। ৭০০ কোটি মানুহৰ পৰা ১% কিয় সেই সাফল্যৰ চৰম স্তৰলৈ উত্তৰণ হোৱাত অক্ষম ? কিয় বেছিভাগ মানুহ আজীৱন টকাৰ কাৰণে সংগ্ৰাম কৰি ৰোৱাৰ পিছতো দৰিদ্ৰ ? এই “কিয়”ৰ সংক্ষেপ বিস্লেষণ সম্ভৱ নহয় । এই কিয়ৰ উত্তৰ আমি বিচাৰি পাম মানুহৰ মানসিক অন্তৰ্জগতত । সেই বিষয়ে আমি পিছত আলোচনা কৰিম । টকা জীৱনৰ সৰ্বশেষ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তেয় বস্ত নহয় যদিও এটা সঠিক ,সুন্দৰ আৰু পৰিতৃপ্তিৰ জীৱন নিৰ্মাণৰ বাবে টকাৰ ব‍্যাপক অপৰিহাৰ্যতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে । ভৱিষ্যতৰ নতুন ভাৰতত টকা মানুহৰ বাবে হৈ পৰিব অক্সিজেনৰ দৰে । গতিকে অৰ্থোপাৰ্জনৰ সংগ্ৰাম জীৱনৰ এক অন্যতম সংগ্ৰাম বুলি কলেও বঢ়াই কোৱা নহ’ব। নতুন ভাৰতত প্ৰত‍্যেকজন ব‍্যক্তিয়েই এই অৰ্থোপাৰ্জনৰ সংগ্ৰামত সুদক্ষ আৰু সক্ষম হৈ পৰিবই লাগিব । নতুন ভাৰতত সেইসকল ব‍্যক্তিয়ে অধিক সাফল্য লাভ কৰিবলৈ সক্ষম হ’ব যিসকলে সময় ,প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব । আকৌ যিসকলে কেৱলমাত্ৰ ইণ্টাৰনেটক জীৱনৰ পৰম লক্ষ্য কৰি লব ,তেওঁলোক সফলতাৰ অন‍্য এক দিগন্ত ৰচনা কৰিবলৈ সক্ষম হ’ব । ইণ্টাৰনেট টেক্নলজিৰ উদ্ভাৱনে মানুহৰ ভাগ‍্য ৰচনাৰ যি অপূৰ্ব সম্ভাৱনাময় পথ নিৰ্মাণ কৰিলে ,সেই পথেৰেই এতিয়া বহুতে নিজৰ যাত্ৰা আৰম্ভ কৰিছে । ইণ্টাৰনেটেই একমাত্ৰ পথ যি পথেৰে গৈ অতি কম সময়তে বিল গেইটছ্ ,ৱাৰেন বাফেট প্ৰভৃতিৰ অতুলনীয় খ‍্যাতিকো অতিক্ৰম কৰিব পাৰি । amazon.com ৰ স্ৰষ্টা জেফ বেজৌছে এই কথা ইতিমধ্যে প্ৰমাণ কৰিলে পৃথিৱীৰ আটাইতকৈ ধনী ব‍্যক্তিহৈ । মাৰ্ক জোকাৰ্বাগ (ফেচবুক), ইভান স্পিগেল (স্নেপচেট্) ,কাইলি জেন্নাৰ ,ভাৰতৰ ৰিতেশ আগৰৱাল (Oyo Rooms) আদিয়ে ৩০ বছৰ আগতো যে মিলিয়নাৰ-বিলিয়নাৰ হোৱা সম্ভৱ ,সেই কথা প্ৰমাণ কৰি দিলে ইণ্টাৰনেটৰ স্মাৰ্ট ব‍্যৱহাৰেৰে । প্ৰথম প্ৰজন্মৰ বিলিয়নাৰসকলক বিলিয়নাৰ হবলৈ সময় লাগিছিল প্ৰায় ৪০ ৰ পৰা ৫০ বছৰ ,কেতিয়াবা তাতোকৈ বেছি ,কিন্তু দ্বিতীয় প্ৰজন্মৰ বিলিয়নাৰ সকলক বিলিয়নাৰ হ’বলৈ সময় লাগিল মাত্ৰ ৫-২০ বছৰ । ভৱিষ্যতে ই হয়তো আৰু কমি যাব । আৰু সেই দ্ৰুত মিলিয়নাৰ(Instant Millionaire) হোৱাৰ গৌৰৱ অৰ্জন কৰিব কোন ?

নতুন ভাৰতত মানুহে সাফল্যৰ সেই উচ্চতম শীৰ্ষদেশত উপনীত হবলৈ পুৰুষাৰ্থ কৰিব লাগিব । নতুন ভাৰতত প্ৰাচীন বৃত্তি বা প্ৰফেশ‍্যনৰ পিছত দৌৰি সফলতম জীৱন নিৰ্মাণ কৰা সম্ভৱ নহ’ব পাৰে ,সেইবাবে আধুনিক কেৰিয়াৰ নিৰ্মাণৰ উপায় সমূহৰ বিষয়ে জানিব লাগিব ।

নতুন ভাৰতত নতুন কৰ্মকৌশল আয়ত্ত্ব কৰি নললে জীৱিকাৰ সন্ধান পোৱাটো মুঠেই সহজ নহ’ব । ৰ’বটিক্স , অটমেশ‍্যন , আৰ্টিফিছিয়েল ইণ্টেলিজেনছ্ , বিগ ডাটা ,মেচিন লাৰ্ণিং ,ইণ্টাৰণেট আদি অত‍্যাধুনিক স্মাৰ্ট প্ৰযুক্তিয়ে মানুহৰ জীৱিকাৰ পথাৰখন সলনি কৰি দিলে । চৰকাৰী -বেচৰকাৰী প্ৰত‍্যেকটো অনুষ্ঠান-প্ৰতিষ্ঠানত এতিয়া ডিজিটেল টেকনলজিৰ ব‍্যাপক ব‍্যৱহাৰ হ’ব ধৰিছে । গতিকে সেই দক্ষতাসমূহ আয়ত্ত কৰি লোৱাটোৱেই হ’ব বৰ্তমান সময়ৰ বুদ্ধিমানৰ কাম ।

   ভাৰতীয় মানুহে এটা সুস্থিৰ জীৱনধাৰা বিচাৰে । প্ৰত‍্যক পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ চকুৰ আগত আদৰ্শব‍্যক্তি হিচাপে তুলি দিয়ে এজন ডাক্টৰ ,এজন ইঞ্জিনীয়াৰ ,এজন প্ৰশাসনিক বিষয়াৰ ছবি আৰু কোৱা হয় এটা সন্মানজনক ,হাই-পেয়িং চৰকাৰী চাকৰি পোৱাটোৱেই জীৱনৰ একমাত্ৰ মহত্তম প্ৰাপ্তি ,জীৱনৰ লক্ষ্য ,জীৱনৰ অৰ্থ আৰু জীৱন জীয়াৰ একমাত্ৰ উপায় বা পথ । অৰ্থাৎ পঢ়ি-শুনি চাকৰি পোৱাটোৱেই একমাত্ৰ জীৱনৰ সাৰ্থকতা , সেই বৃত্তৰ বাহিৰৰ যিকোনো কৰ্মই অৰ্থহীন , সন্মানহীন ‌। এই Job-Seeking মধ‍্যবৃত্ত মানসিকতাই আমাৰ ভাৰতীয় সমাজক প্ৰগতিশীলতাৰ পৰা চূড়ান্ত উন্নতিলৈ যোৱাত বাধা দি আহিছে । আমাৰ পৰা ৫০ বছৰ আগতেই পশ্চিমীয়া কিছুসংখ্যক দেশত জীৱনৰ বিকাশৰ সৰ্বোত্তম পথবোৰ আৱিস্কাৰ কৰাৰ বাবেই ,আৰু সেই আৱিষ্কাৰ কাৰ্যকৰী প্ৰয়োগ কৰাৰ বাবেই আমেৰিকা ,জাপান ,ইংগলেণ্ড আদি দেশ আজি অৰ্থনৈতিকভাৱে সফল । জীৱনৰ বিকাশৰ একাকী পথেৰে আগুৱাই যোৱা ভাৰতীয়ই এই কথা বহু দেৰিকৈ উপলব্ধি কৰিছে জীৱনৰ উত্তৰণৰ পথ কলেজৰ ছাৰ্টিফিকেটৰ মাজত কেৱল নহয় , নিজৰ দ্বাৰাই অনন্ত পথ নিৰ্মাণ কৰিব পাৰি। ধিৰুভাই আম্বানী ,ৰটন টাটা , লক্ষ্মী মিট্টাল ,নৰেন্দ্ৰ মোডীৰ দৰে বিশাল জীৱনবোৰে তথা-কথিত ডিগ্ৰী বা একাডেমিত চাৰ্টিফিকেট নোহোৱাকৈও ভিৰৰ পৰা বহু ওপৰত নিজকে প্ৰতিষ্ঠা কৰি এই কথা প্ৰমাণ কৰিব খোজে যে জীৱনৰ প্ৰতিষ্ঠাৰ বাবে চাকৰি বহু পথৰ এটা সামান্য পথ মাত্ৰ । আমাৰ ছাত্ৰ-ছাত্ৰী সকলে এক অহেতুক সীমাবদ্ধ জীৱন পৰিক্ৰমাত নিজকে বন্দী কৰি ৰাখিছে । আৰু সমাজত ধনী হোৱাৰ ,ধনী হৈ দানী হোৱাৰ ,দেশ পৰিৱৰ্তন কৰাৰ স্বপ্ন সৃষ্টিৰ পৰা বেছিভাগ মানুহে নিজকে আঁতৰাই ৰাখে ।

  (এই যুগ Idea আৰু Execution ৰ যুগ , Entrepreneurship ৰ যুগ । এই যুগৰ সোণালী সুযোগবোৰ আমি এতিয়াই লোৱাৰ বাবে প্ৰস্তুত নহ’লে ভৱিষ্যতে নিজকে ভিৰৰ পৰা উত্তৰণ কৰা সম্ভৱ নহব পাৰে ।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top