ব‍্যক্তিগত অৰ্থনীতি -১

এখন দেশ কিমান শক্তিশালী ,সেই কথা নিৰ্ভৰ কৰিব সেই দেশৰ অৰ্থনীতিৰ (GDP) ওপৰত । অৰ্থনীতি যি দেশৰ মজবুত ,সেই দেশ প্ৰযুক্তি , সামৰিক ,কৃষি সকলোতেই আগবঢ়া । উদাহৰণস্বৰূপে আমি ক’ব পাৰো আমেৰিকাৰ কথা । আমেৰিকাৰ অৰ্থব‍্যৱস্থা বিশ্বৰ অন্যান্য ৰাষ্ট্ৰতকৈ বেছি হোৱাৰ বাবেই আমেৰিকা আজি Superpower খ‍্যাতিৰে বিশ্ব-বন্দিত । চীন দেশেও নিজৰ অৰ্থনীতি মজবুত কৰি কৰি আজি আমেৰিকাক অতিক্ৰম কৰাৰ পথত । জাপানে অৰ্থনীতি আৰু আধুনিক প্ৰযুক্তিৰ(Technology) ৰ বলত আজি বিশ্ব-বন্দিত । ৰাছিয়াৰ সামৰিক শক্তি মজবুত যদিও অৰ্থনীতি কিছু দুৰ্বল হোৱাৰ বাবে বিভিন্ন ক্ষেত্ৰত পিছপৰি থকা দেখা যায় । অৰ্থাৎ এই কথা আমি সকলোৱে জানো যে এখনদেশৰ ক্ষমতা নিহিত  থাকে সেই দেশৰ  অৰ্থনীতিৰ ওপৰত ।

   এখন দেশৰ বা ৰাষ্ট্ৰৰ ক্ষমতা-খ্যাতি , গৌৰৱ যিদৰে সেই দেশৰ অৰ্থনীতিৰ পৰা আহে ,সেইদৰে ব‍্যক্তিৰ জীৱনৰ সাফল্য, খ্যাতি আৰু সুখ আহে এটা মজবুত অৰ্থনীতিৰ দ্বাৰা । সেই জীৱনৰ আজি-কালি কোনো ভেল‍্যু নাই ,যাৰ অৰ্থনীতি শূণ্য। আমাৰ সাধাৰণ ভাষাত টকা-পইচা নহ’লে আজি-কালি কোনেও গণ্য নকৰে ,নকৰে সন্মান । অৰ্থাৎ যি অৰ্থনীতিয়ে ব‍্যক্তি জীৱনৰ উত্তৰণ ,আনন্দ ,সুখ ,আশা-আকাংক্ষা ,সপোন পূৰণ কৰিবলৈ শক্তি দিয়ে ,তাকে আমাৰ ধাৰণাৰে ‘ব‍্যক্তিগত অৰ্থনীতি’ (The Personal Economy ) বোলে ।

       মানুহৰ জীৱনৰ সমৃদ্ধিৰ ,উত্তৰণৰ মাপ আজি-কালি জোখা হয় অৰ্থ বা ধন-সম্পত্তিৰ দ্বাৰা। আপুনি ব‍্যক্তিগতভাৱে সুখী নহ’ব পাৰে ,ভিতৰি ভিতৰি অপ্ৰকাশ‍্য বেদনাই আপোনাক কষ্ট দিব পাৰে ,কিন্তু আপোনাৰ যদি বেংক-বেলেঞ্চ আছে—আপোনাৰ চাৰিওকাষে মানুহ গিজগিজাই থাকিব ,আপোনাক অহেতুক সন্মানেৰে উপচাই দিব ,সমাজত আপোনাৰ স্থান হ’ব সৰ্বোচ্চ । এনে এক যুগত আমি জন্ম ললোঁ –য’ত দুখীয়াৰ সন্মান নাই ,জীৱনৰ অস্তিত্ব নাই ,সামাজিক স্বীকৃতি নাই । গতিকে জীৱনৰ ঘাই লক্ষ্যই হৈ ৰ’ল –অৰ্থোপাৰ্জন ।টকাই আজি জীৱন চলাই , গতিকে ব‍্যক্তিগত অৰ্থনীতিৰ মূল কেন্দ্ৰ-বিন্দুই হৈছে : উপাৰ্জন (Income) । 

    মানুহে এনেকৈও ভাবিবলৈ আৰম্ভ কৰিছে যে যাৰ ভাল উপাৰ্জন আছে ,তেওঁ ভাল মানুহ ,ডাঙৰ মানুহ । অৱশ্যে আমি এই কিতাপৰ যোগেদি মানুহক মানৱীয় প্ৰমূল‍্যক গছকি ফেনেকি ধনী হোৱাৰ বা সফল হোৱাৰ কথা একেবাৰে নকওঁ । আমি এই কিতাপৰ যোগেদি আপোনালোকক সেই পথসমূহ উন্মোচন কৰি দিম ,যি পথেৰে প্ৰত‍্যেকেই ,মানে দিন হাজিৰা কৰি উপাৰ্জন কৰা ব‍্যক্তিজনেও এক উল্লেখনীয় ‘ব্যক্তিগত অৰ্থনীতি’ গঢ়ি তুলিব পাৰিব । আমাৰ এই কিতাপ সাৰ্বজনীন ।

        ব‍্যক্তিগত অৰ্থনীতি গঢ়িবলৈ যিটো মানসিকতাৰ প্ৰয়োজন ,সেই মানসিকতা গঢ় দিবলৈ আমি আমাৰ দৃষ্টি আৰু চিন্তা বিস্তৃত কৰিব লাগিব । পৰম্পৰাগত চিন্তাৰ পৰা নিজক উত্তৰণ কৰিব নোৱাৰিলে ,নোৱাৰিলে নিজকে সময়ৰ সৈতে আপগ্ৰেড কৰিব ; সময়ৰ নিৰ্মম গ্ৰাসত হেৰাই যাবলৈ বাধ্য । চিন্তা নকৰিব ,ধীৰে ধীৰে আমি আপোনাৰ চিন্তাৰ দুৱাৰ মুকলি কৰি বিশাল সম্ভাৱনাৰ এখন অনন্য পৃথিৱীলৈ লৈ যাম ।

ব‍্যক্তিগত অৰ্থনীতি-২

   এখন শক্তিশালী দেশৰ কামিহাঁড় হৈছে সেই দেশৰ অৰ্থনীতি(economy ) । অৰ্থনীতিয়ে যিদৰে এখন দেশৰ বৰ্তমান আৰু ভৱিষ্যত নিৰ্মাণ কৰে , এখন দেশৰ পৰিচালনাৰ বাবে যিদৰে এক মজবুত অৰ্থনীতি (strong economy )ৰ প্ৰয়োজন ,সেইদৰে ব‍্যক্তিগত জীৱনৰ বৰ্তমান আৰু ভৱিষ্যত নিৰ্মাণ কৰিবৰ বাবেও অত্যন্ত প্ৰয়োজন এক “ব‍্যক্তিগত অৰ্থনীতি” (The Personal Economy) । মানুহে কেৱল ৰুটি খাই জীয়াই নেথাকে ; জীয়াই থাকিবৰ বাবে মানুহক বিভিন্ন বস্তুৰ প্ৰয়োজন হয় ,প্ৰয়োজন হয় আমোদ-প্ৰমোদৰ , প্ৰয়োজন হয় ভ্ৰমণৰ ,প্ৰয়োজন হয় বিলাসিতাৰ। এই অনিবাৰ্য প্ৰয়োজনবোৰ পূৰণৰ বাবে , স্বপ্নবোৰ প্ৰাপ্তিৰ বাবে এক মজবুত অৰ্থনীতিৰ অধিকাৰী হোৱাটো অনিবাৰ্য । কিন্তু দুৰ্ভাগ্যৰ কথা যে ভাৰতীয় সমাজত ব‍্যক্তিগত অৰ্থনীতি নিৰ্মাণৰ ওপৰত বিন্দুমাত্ৰ আলোচনা কৰা নহয় । আমাৰ শিক্ষা ব‍্যৱস্থাত মানুহক টকাৰ কাৰণে কাম কৰিবলৈ শিকোৱা হয় ,কিন্তু টকাক কেনেকৈ আমাৰ কাৰণে কাম কৰিবলৈ লগাব পাৰি—-সেই বিষয়ে শিকোৱা নহয়। গোটেই জীৱন টকাৰ কাৰণে কাম কৰাটো মানুহৰ কাৰণে সম্ভৱ নহয় ,সেইবাবে জীৱনৰ এটা সময়ত মানুহে সক্ৰিয় কৰ্মৰ পৰা অব্যাহতি লোৱাটো দৰকাৰী হৈ পৰে। কিন্তু কাম নকৰিলেই উপাৰ্জন যেতিয়া বন্ধ হৈ যাব , জীৱনৰ বাকীচোৱা অতিবাহিত কৰিবৰ বাবে টকা ক’ৰ পৰা আহিব ? তাৰোপৰি ব‍্যক্তিগত অৰ্থনীতি নিৰ্মাণৰ একমাত্ৰ উপায় যে চাকৰি নহয় ,সেই কথাও আমি উপলব্ধি কৰিব পৰা নাই । আৰু চাকৰিৰ পিছত দৌৰি সময় আৰু শক্তি অপচয় কৰোতে জীৱনৰ অন্যান্য পথ সমূহ আমি দেখা নেপাওঁ ,যাৰ কাৰণে আজীৱন নিবনুৱা হৈ ,বেকাৰ হৈ , দৰিদ্ৰ হৈ ,হতাশ-নিৰাশ হৈ ,শূণ‍্য হৈয়ে জীৱনৰ পৰা বিদায় লব লগা হয় । বৰ্তমান পৃথিৱীৰ বেছিভাগ মানুহে আজীৱন আৰ্থিক সংগ্ৰাম কৰিও ব‍্যৰ্থ হৈ ৰোৱাৰ এক অন‍্যতম কাৰণ হ’ল—-টকা সন্দৰ্ভত আমাৰ জ্ঞানৰ অভাৱ (lack of financial literacy ) ।

 ব‍্যক্তিগত অৰ্থনীতি মানে কি ?

     মানুহৰ জীৱনটো একপ্ৰকাৰে নদীৰ দৰে গতিশীল । স্থবিৰ হৈ পৰা জীৱন বহুতৰ বাবে অনাকৰ্ষণীয় , অৰ্থহীন ,ৰংহীন আৰু আধুনিক ভাষাত বৰিং । মানুহৰ মনৰ ইচ্ছা-বাসনা (desires) ,স্বপ্নবোৰে জীৱনটো গতিশীল কৰি তুলে । জীৱন গতিশীল বাবেই মানুহক সমগ্র জীৱন পৰিক্ৰমাত কেৱল মৌলিক প্ৰয়োজন : খাদ‍্য-বস্ত্ৰ-বাসস্থান নহয় , অন্যান্য বহুতো প্ৰয়োজনে দেখা দিয়ে ,যিবোৰ সম্পূৰ্ণ কৰিবলৈ টকা(money) অপৰিহাৰ্য । বৰ্তমান সময়ত টকাৰ অবিহনে এটা সুন্দৰ জীৱনৰ কল্পনাই কৰিব নোৱাৰি আৰু সেই বাবেই আমি সম্পূৰ্ণ দৃঢ়তাৰে টকাৰ প্ৰয়োজনীয়তা আৰু নিৰ্মাণ কৌশল সম্পৰ্কে আলোচনা কৰিবলৈ সংকল্পবদ্ধ । কাৰণ পৃথিৱীৰ আজি সৰহভাগ মানুহৰ দৰিদ্ৰতাৰ কাৰণ মানুহৰ ক্ষমতাৰ অভাৱ নহয় , টকা সন্দৰ্ভত সামান্য জ্ঞান নথকাটোহে । অৰ্থাৎ Financial illiteracy মানুহৰ আৰ্থিক দুৰৱস্থাৰ অন‍্যতম কাৰণ ।

  জীৱনৰ প্ৰত‍্যেকটো স্বপ্নৰ বাস্তৱিকৰণৰ কাৰণে মানুহক টকাৰ বিকল্প নাই । জীৱনৰ যিকোনো ক্ষেত্ৰত সফল হ’বলৈ হ’লে মানুহক কম-বেছি পৰিমানে টকা লাগিবই । আনকি টকাৰ উপাৰ্জনৰ বাবেও কিছু প্ৰাথমিক টকাৰ প্ৰয়োজন । আপুনি ভৱিষ্যতে এটা ভাল চাকৰি পাবলৈও এতিয়া টকা খৰচ কৰিয়েই ভাল কলেজ বা শিক্ষানুষ্ঠানত পঢ়িব লাগিব । মাইক্ৰছফ্ট বা গোগলৰ CEO হ’বলৈও আপুনি student loan লৈহে আমেৰিকাৰ ষ্টেনফোৰ্ড বা হাৰ্ভাদৰ পৰা ডিগ্ৰী ল’ব পাৰিব । মুঠতে টকাৰ অবিহনে জীৱনৰ আৰম্ভণিয়েই নহয় অন্ততঃ আজিৰ সময়ত। মুঠতে ক’ব পাৰি যে আধুনিক জীৱনৰ টকাই হৈছে মূল চালিকা শক্তি ( driving force ) । ব‍্যক্তি-সমাজ-ৰাষ্ট্ৰৰ সৰ্বাংগীন উত্তৰণৰ বাবে যে অৰ্থনীতি মজবুত হোৱাটো অপৰিহাৰ্য—–এই কথা প্ৰত‍্যেকজন শিক্ষিত ব‍্যক্তিয়েই জানে । জীৱনৰ মহত্তম প্ৰাপ্তিবোৰ সম্ভৱ কেৱল টকাৰ মাধ‍্যমেৰে । ইচ্ছা পূৰণেই জীৱনৰ সুখৰ এক অন‍্যতম উৎস। আপোনাৰ ইচ্ছা যদি জাগ্ৰত হয় ডুবাই যোৱাৰ ,তেন্ত ডুবাই আপুনি বিনা টকাৰে যাব কোনোপধ্যেই নোৱাৰে যদিহে আপোনাক কোনোবাই sponsor নকৰে ; আপোনাক টকা লাগিবই । টকাৰ প্ৰয়োজনীয়তা সম্পৰ্কে এখন সুদীৰ্ঘ মহাভাৰত লিখিব পাৰি ।

   জীৱনৰ এই অপৰিহাৰ্য হৈ পৰা টকাৰ বিষয়ে ,টকাৰ উপাৰ্জনৰ বিষয়ে কিন্তু কোনো ধৰণৰ ব‍্যাপক চৰ্চা হোৱা আমি দেখিবলৈ পোৱা নাই । অৱশ্যে ভাৰতৰ কিছুমান ৰাজ‍্যত (বেংগালুৰু ,মুম্বাই ,হাইদৰাবাদ ,দিল্লী ,গুজৰাট ) , ভাৰতৰ বাহিৰৰ বহুতো ঠাইত আমি টকাৰ বিষয়ে বিভিন্ন মাধ‍্যমত আলোচনা হোৱা দেখিবলৈ পাঁও । কেতিয়াবা টকাৰ উপাৰ্জনৰ বিষয়ে ,কেতিয়াবা টকাৰ মেনেজমেণ্টৰ বিষয়ে ,কেতিয়াবা কেনেকৈ কোটিপতী হ’ব পাৰি জাতীয় চেমিনাৰ ,কৰ্মশালা , লিখনি ,ইণ্টাৰভিউ আদিৰ বিষয়ে দেখিবলৈ পাওঁ । কিন্ত ইয়াৰ পৰিৱৰ্তে অসমৰ পৰিৱেশত দেখা পাওঁ কেৱল পলিটিক্স্ । পলিটিক্সৰ বৃত্তৰ বাহিৰতো যে এখন অনন‍্য পৃথিৱী আছে ,সেই পৃথিৱীৰ বাবেও যে আমি চিন্তা কৰা উচিত ,সেই কথা অসমৰ জ্ঞানীবৃন্দই এতিয়ালৈকে নৱপ্ৰজন্মৰ আগত প্ৰদৰ্শন কৰিব পৰা নাই । আমাৰ ধাৰণাৰে বেছিভাগ মানুহে নিজৰ বাদে আনৰ জীৱনৰ উত্তৰণ কামনা নকৰে আৰু সেইবাবে নিজে ধনী হলেও ,আনক ধনী হোৱাৰ বাবে প্ৰেৰিত নকৰে ,প্ৰদৰ্শন নকৰে সেই পথ -যি পথেৰে তেওঁ ধনী হ’ল ।আৰু এইটোৱেই হৈছে আধুনিক আৰ্থ-সামাজিক বৈষম্যৰ প্ৰধান কাৰণ : ধনীয়ে দৰিদ্ৰতাৰ বিষয়ে চিন্তা কৰিবলৈ পাহৰি যায় আৰু দৰিদ্ৰই ধনী হোৱাৰ পথ নিৰ্মাণ কৰাত অপাৰগ ।

 ব‍্যক্তিগত অৰ্থনীতি (The Personal Economy) মজবুত কৰিবৰ বাবে ‘টকা’ৰ ওপৰত কিছু প্ৰাথমিক জ্ঞান আয়ত্ত কৰিবই লাগিব । কাৰণ টকা উপাৰ্জনৰ কাৰণে টকাক আমি বুজি পাব লাগিব আৰু টকাক বুজি পাবৰ বাবেই আমি টকাক ভাল পাব লাগিব । ভাল পাব লাগিব পাঁচশ ,এহেজাৰ ,দুহেজাৰ টকীয়া নোটবোৰ । ভালপোৱাৰ দ্বাৰাহে প্ৰাপ্তিৰ সম্ভৱ ।

   দৰিদ্ৰতা হৈছে মানুহৰ জীৱনৰ ওপৰত এটা চৰম অভিশাপ । জীৱনৰ ব‍্যাপ্তিত ই হৈ পৰে এক দুৰ্লঙ্ঘ‍্য বাধাৰ প্ৰাচীৰ । আপোনাৰ ওচৰত টকা যেতিয়া নাই , দুৰাৰোগ্য ৰোগৰ সৈতে যুজিঁ ৰোৱা কোনোবা ব‍্যক্তিক আপুনি সহায় কৰি ঈশ্বৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰিব নে ? হেজাৰ নকওঁ ,মাত্ৰ এজন নিৰাশ্ৰয়ী ,ভোকাতুৰ দুৰ্ভগীয়া মানুহকো যদি আমাৰ সহায় কৰাৰ ,উদ্ধাৰ কৰাৰ সামৰ্থ্য নাই ,তেন্ত আপোনাৰ জীৱনৰ সাৰ্থকতা বা অৰ্থ ক’ত ? প্ৰথমে নিজকে সক্ষম কৰি তুলি পিছত আনক সহায় কৰাৰ যি গৌৰৱ ,যি সুখ —-সেয়া বিল গেইটছ ,ৱাৰেন বাফেট , আজিম প্ৰেমজী ,ৰটন টাটাতকৈ বেছি আৰু কোনে অনুভৱ কৰিব পাৰিব ! হয়তো সেইবাবেই বিল গেইটছে কৈছে —-” দুখীয়া হৈ জন্ম লোৱাটো ভুল নহয় ,কিন্তু দুখীয়া হৈয়ে মৃত্যু হোৱাটো ভুল ।” কাৰণ শূণ‍্যতাৰে জীৱন আৰম্ভ হৈ শূণ‍্যতাৰেই সমাপ্ত হ’লে জীৱনৰ ,জন্ম লোৱাৰ সাৰ্থকতা ক’ত ?

    কিমান টকা হ’লে ,কিমান সম্পদৰ গৰাকী হ’লে মানুহক সুখী আৰু সফল বুলি ক’ব পাৰি —-ইয়াৰ কোনো নিৰ্দ্ধাৰিত উত্তৰ আমাৰ পক্ষে দিয়াটো অসম্ভৱ । প্ৰত‍্যেক মানুহৰ ইচ্ছা আৰু সপোনৰ আকাৰ অনুসৰি টকা আৰু সম্পদৰ প্ৰয়োজন হয় । কাৰোবাৰ বাবে এক কোটি টকাও যথেষ্ট হব পাৰে সুখী হবৰ বাবে ,কিন্তু কাৰোবাৰ বাবে এহেজাৰ কোটি টকাও হব পাৰে অপৰ্যাপ্ত । আপুনি যদি এটা সুন্দৰ বিলাসী ঘৰ ,এখন বিলাসী গাড়ী , কিছু বিদেশ ভ্ৰমণ আৰু দৈনন্দিন প্ৰয়োজনবোৰ পূৰণৰ মাজত জীৱনৰ প্ৰাপ্তি-সুখ বিচাৰি পাই ,তেন্ত এক কোটি টকা আপোনাৰ বাবে যথেষ্ট হব পাৰে । কিন্ত আপুনি যদি আৰৱ সাগৰৰ উপকূলত য়াষ্ট্ ভ্ৰমণৰ সুখ , প্ৰাইভেট জেট আৰু BMW, AUDI ,ROYAL ROYCE , ৰ মাজেৰে জীৱন অতিবাহিত কৰিব বিচাৰে ,তেন্তে আপোনাৰ বাবে এহেজাৰ কোটিও কেতিয়াবা অপৰ্য্যাপ্ত হব পাৰে । গতিকে কিমান ধনী হলে সুখী হ’ব পাৰি—এই প্ৰশ্নৰ উত্তৰ আপেক্ষিক, ব‍্যক্তিভেদে বেলেগ বেলেগ । আপোনাৰ স্বপ্ন অনুসৰি আপোনাৰ সংগ্ৰাম হব লাগিব আৰু সেই সংগ্ৰামত আপুনি হ’ব লাগিব অবিৰত আৰু ক্লান্তিহীন ।

—এতিয়া ২১ শতিকা ।

  পূৰ্বতকৈ এতিয়া টকা উপাৰ্জন কৰাটো সহজ ,কম কষ্টকৰ । বহুতে হয়তো ভাবিব পাৰে যে টকা উপাৰ্জন যদি এতিয়া ইমান সহজেই ,তেন্ত ভাৰতবৰ্ষত আজি নিবনুৱাৰ স‌ংখ‍্যা কিয় বাঢ়িব ধৰিছে । দৰিদ্ৰতাৰ স‌ংখ‍্যা কিয় বাঢ়িব ধৰিছে । টকা উপাৰ্জন যদি ইমান সহজেই আজি ,ভাৰতৰ পৰাটো দৰিদ্ৰতা শেষেই হৈ গ’লহেতে‍ঁন। আপোনাৰ চিন্তাৰ বা যুক্তিৰ কথা মানি লৈও এই কথাত আমি বিশ্বাসী যে এতিয়া টকা উপাৰ্জন কৰাটো সকলোৰে বাবে সম্ভৱ । কোটিপতী হোৱাটো এশ শতাংশই সম্ভৱ সকলোৰে বাবে ,কিন্তু কোটিপতী হব নোৱাৰিলেও আপোনাক লাখপতী হোৱাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰিব যদিহে আপুনি জানে—What is finacial literacy , How to create wealth .

টকাৰ বিষয়ে ,সম্পদ সৃষ্টিৰ বিষয়ে সঠিক জ্ঞানসমূহ আয়ত্ত কৰি লব পাৰিলেই ভাৰতবৰ্ষৰ পৰা দৰিদ্ৰতা এদিন শেষ হৈ যাব । কাৰণ বৰ্তমান পৃথিৱীৰ আটাইতকৈ শক্তিশালী বস্তুটোৱেই হৈছে —-জ্ঞান (Knowledge) । পৃথিৱীত টকাৰ অভাৱ নাই কিন্তু সেই টকাসমূহ নিজৰ ফালে আকৰ্ষিত কৰিবলৈ আমাক লাগে জ্ঞান —-যি জ্ঞানৰ সহায়ত টকা উপাৰ্জনৰ অসংখ্য পথ মুক্ত হৈ যায় ।

                    এই কথা কোৱা হয় যে পৃথিৱীৰ ধনী-ব‍্যক্তিসকলৰ টকাসমূহ যদি আমাৰ মাজত বিলায়ো দিয়া হয় ,মাত্ৰ ৫-১০ বছৰৰ ভিতৰত সেই টকাসমূহ পূণৰ তেওঁলোকৰ ওচৰলৈকে ঘূৰি যাব । কাৰণ টকাই সদায় উপযুক্ত স্থানতহে বাস কৰিব বিচাৰে । টকাই ভালপোৱা সেই উপযুক্ত স্থান নিৰ্মাণ কৰিব পাৰে সকলোৱে ,কিন্তু তাৰ বাবে প্ৰথমেই লাগিব জ্ঞান বা আৰ্থিক শিক্ষা । আজি ধনীব‍্যক্তিবোৰ অধিক ধনী হৈ ৰোৱাৰ কাৰণ তেওঁলোকৰ ভাগ‍্য নহয় ,তেওঁলোকৰ ধন সম্পৰ্কে থকা ব‍্যাপক জ্ঞানহে —যি জ্ঞানৰ বলত তেওঁলোকে এনেকুৱা এক ছিষ্টেম নিৰ্মাণ কৰে ,যাৰ যোগেদি পৃথিৱীৰ মানুহৰ টকাসমূহ অহৰহ তেওঁৰ ওচৰলৈ গৈ থাকে ।মুকেশ আম্বানীক প্ৰতিমাহে প্ৰায় ১৪৯ টকা দি থাকিবলৈ আমি একপ্ৰকাৰ বাধ্য , পৃথিৱীৰ আটাইতকৈ ধনী ব‍্যক্তি জেফ বেজৌছৰ বাবেই পৃথিৱীৰ প্ৰায় ৫০ কোটি মান মানুহে প্ৰতিমাহে ,প্ৰতিবছৰে কম-বেছি পৰিমানে কিছু টকা দিয়েই আছে । অৰ্থাৎ বুদ্ধিমান মানুহে টকা অহাৰ এনেকুৱা এক ছিষ্টেম নিৰ্মাণ কৰে ,যি ছিষ্টেমৰ যোগেদি সাধাৰণ মধ্যবিত্ত মানুহে সেই বুদ্ধিমান মানুহক প্ৰতিদিনে ,প্ৰতিমাহে অথবা প্ৰতিবছৰে কিছু টকা দি থাকিবলৈ বাধ্য ।

    চকুৰ পচাৰতে ,ঠিক যাদুৰ দৰে এৰাতিৰ ভিতৰত ধনী বা কোটিপতী সৎ পথত থাকি হোৱাটো সম্ভৱ নহয় । আৰু দ্ৰুতগতিত কিদৰে কোটিপতী হব পাৰি ,সেই কথাও আমি নেজানো । কিন্তু আপুনি যদি আপোনাৰ জীৱনৰ ৩০ টা বছৰ অপেক্ষা কৰি কিছুমান নিৰ্দ্ধাৰিত পথ অনুসৰণ কৰিব পাৰে ,তেন্তে আপোনাৰ পৰিচয় ,আপোনাৰ কৰ্ম ,আপোনাৰ চাকৰি বা উপাৰ্জনৰ পথ যিয়েই নহওঁক ,আপুনি কোটিপতী হ’ব পাৰে নিশ্চিতভাৱে ।

    সাধাৰণ দৃষ্টিৰে কোটিপতী হ’ব পাৰি ৪ টা পথেৰে । সেইকেইটা হ’ল—ক) উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা ধন ,খ) বৈবাহিক সূত্ৰে লাভ কৰা ধন ,গ) লটাৰীৰ জৰিয়তে লাভ কৰা ধন ,ঘ) ব‍্যৱসায় ,সঞ্চয় আৰু বিনিয়োগ কৰি পোৱা ধন । প্ৰথম তিনিটাৰ বাবে মানুহ ভাগ‍্যৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব । কাৰণ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিবলৈ আপোনি ধনী ব‍্যৱসায়ীৰ সন্তান হ’ব লাগিব ,আপুনি ইচ্ছা কৰিয়েই spanx ফাউণ্ডাৰ ছাৰা ব্লেকলিক বিয়া কৰিব নোৱাৰে ,লটাৰী যোগে ধনী হ’বলৈ হলে আপোনাৰ প্ৰতীক্ষা হ’ব পাৰে অন্তহীন । একমাত্ৰ সাধাৰণ মানুহৰ বাবে ধনী হোৱাৰ সৎ আৰু নিশ্চিত পথটো হ’ল- সঞ্চয় আৰু বিনিয়োগ । আপুনি যদি চেষ্টা কৰে ,পৰিশ্ৰম কৰে , ধৈৰ্য্য ধৰে আৰু সৰ্বোপৰি ইচ্ছা কৰে,তেন্তে আপোনাক কোটিপতী হোৱাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে ।গতিকে উপাৰ্জনৰ সমান্তৰালভাৱে মানুহে সঞ্চয় আৰু বিনিয়োগ কৰিবলৈ শিকা উচিত।

  সঞ্চয় আৰু বিনিয়োগৰ আগতেই যিটো বস্ত আমি শিকিব লাগিব ,সেইটো হৈছে উপাৰ্জন (earning) । উপাৰ্জনৰ অনন্ত পথ আমাৰ সমুখত বিদ‍্যমান । কিন্তু উপাৰ্জনৰ সকলো পথ মানুহৰ বাবে গ্ৰহণীয় নহয় একান্তই নৈতিক কাৰণত । আমি এই কিতাপত কেৱল সাধাৰণ উপাৰ্জন কৰা , মধ‍্যবৃত্ত চাকৰিজীৱী মানুহে কিদৰে জীৱনত কোটিপতী হব পাৰে ,ধনী হব পাৰে , আৰ্থিক স্বাধীনতা লাভ কৰিব পাৰে আলোচনা কৰিম । ব‍্যৱসায় কৰিব পাৰিলে মুকেশ আম্বানীৰ ঐশ্বৰ্য্যকো অতিক্ৰম কৰিব পাৰি ,কিন্তু ব‍্যৱসায় স্থাপন সকলোৰে বাবে সম্ভৱ নহব পাৰে । কিন্তু কম-বেছি পৰিমানে উপাৰ্জন সকলোৰে বাবে সম্ভৱ । সেই সকল সাধাৰজীৱী মানুহৰ জীৱনৰ উত্তৰণৰ ক্ষেত্ৰত আমি বিন্দুমাত্ৰ সহায় কৰিব পাৰিলেও আমাৰ লেখাৰ সাৰ্থক হ’ব ।

চৰকাৰী বা বেচৰকাৰী চাকৰিজীৱী সকলক বাদ দি ভাৰতবৰ্ষৰ বেছিভাগেই প্ৰতিদিনে কাম কৰি প্ৰতিদিনৰ হিচাপত টকা উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰি আছে । ৰ’দ বা বৰষুণ , গৰম বা ঠাণ্ডা যিকোনো পৰিস্থিতিৰ সৈতে মুকাবিলা কৰি কাম কৰিবলৈ এওঁলোক বাধ্য । কাৰণ এদিন কাম কৰা বন্ধ কৰি দিলেই এই শ্ৰেণী মানুহৰ উপাৰ্জন বন্ধ হৈ যায়। সম্পূৰ্ণ শাৰীৰিক শক্তিৰ ওপৰত নিৰ্ভৰশীল এওঁলোকৰ জীৱন । সি যেনেদৰেই নহওক কিয় , এতিয়া সকলোৱে প্ৰতিদিনে ৫০০ ৰ পৰা ১০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম  গতিকে । প্ৰতিমাহে ১৫০০০ ৰ পৰা ৩০,০০০ টকা উপাৰ্জন এতিয়া সকলোৱেই কৰে । আৰু ইমানটো উপাৰ্জন ভৱিষ্যতৰ এটা সময়ত কোটিপতী হোৱাৰ বাবে যথেষ্ট । কিন্তু আধুনিক মানুহৰ ট্ৰেজেদী হ’ল টকা উপাৰ্জন কৰাটো নহয় , টকা নিজৰ লগত বেছিদিন ৰাখিব নোৱাৰাটোহে । উপাৰ্জনৰ কলা ইতিমধ্যে সকলোৱে আয়ত্ত কৰিব পাৰিছে , কিন্তু উপাৰ্জিত টকাক সঠিক ব‍্যৱহাৰ কৰি সেই টকাক ভৱিষ্যতৰ কাৰণে অথবা সেই টকাক একান্ত ভৃত‍্যৰ দৰে নিজৰ কামত লগোৱাৰ যি আধুনিক কৌশল ,তাক আয়ত্ত কৰাত এতিয়াও বেছিভাগ মানুহ অক্ষম । টকাৰ কাৰণে কাম কৰাৰৰ পৰিৱৰ্তে ,টকাক আমাৰ কাৰণে কাম কৰোৱাৰ কৌশল যিসকলে আয়ত্ত কৰিব পাৰে ,তেওঁ জীৱনৰ বেছিভাগ সময় অতিবাহিত কৰিব পাৰে আনন্দ-উপভোগত, ভ্ৰমণৰ আনন্দত । আৰু তাৰ বাবে আমাক লাগিব ‘ফেইনেন্সিয়েল লিটাৰেচি'(Financial Literacy)ৰ। ব‍্যক্তিগত অৰ্থনীতিক আমি তাত্বিক ধাৰণাৰ পৰা বাহিৰ  কৰি জীৱনৰ অন‍্যতম এক অভিযানত পৰিণত কৰিব পাৰিব লাগিব । অন‍্যথা ই মগজুৰ বা কল্পনাৰ এক অবাস্তৱ পৃথিৱীত ক্ষণিক আনন্দৰ সঞ্চাৰ কৰাৰ পৰিৱৰ্তে ,এই জীৱনৰে মহত্তম বিকাশৰ আনন্দ প্ৰদান কৰিব নোৱাৰিব। ব‍্যক্তিগত অৰ্থনীতি নিৰ্মাণ জীৱন নিৰ্মাণৰেই এক ধাৰা মাত্ৰ । মধ্যবিত্ত শ্ৰেণীটো চাকৰিজীৱী সকলৰ দ্বাৰা গঠিত , আজিকালি দৰিদ্ৰতাৰ পৰিভাষাও অলপ বেলেগ হৈ পৰিছে। ১৫০০০ টকা মাহিলী উপাৰ্জন কৰিব পৰা মানুহক দৰিদ্ৰ বুলি অভিহিত কৰা উচিত নহয় , তাৰ পৰিৱৰ্তে তেওঁৰ সেই উপাৰ্জনৰ পৰা তেওঁৰ ভাগ‍্য পৰিৱৰ্তনৰ সম্ভাৱনা বা জ্ঞানাৰ্জনৰ ওপৰত চৰকাৰ বা সমাজ সকলোৱে গুৰুত্ব দিব লাগিব । ১৫০০০ হেজাৰ টকাৰে যে কোটিপতী হোৱা সম্ভৱ ,সেই কথা আমি প্ৰমাণ কৰি দেখুৱাম । কিন্তু সেই সকল ভাগ‍্যৱান যি সকলে নিজৰেই দক্ষতাৰ বলত কোনো এক চৰকাৰী উচ্চস্তৰীয় পদত ,অথবা কোনো মাল্টিবিলিয়ন ডলাৰ কোম্পানীৰ হাই-পেয়িং জব্ পাবলৈ সক্ষম হয় আৰু মাহিলি ৫০,০০০/- টকাৰ পৰা তিনি লাখ টকা পৰ্য্যন্ত দৰমহা পায় । কিছুমানৰ দৰমহাইটো সাধাৰণ মানুহৰ কল্পনাকো অতিক্ৰম কৰি যায় । গোগ’লৰ চি.ই.অ(CEO) Sundar Pichai এ বাৰ্ষিক দৰমহা পায় প্ৰায় এহেজাৰ কোটি টকা। ভাৰতৰ প্ৰখ্যাত সাংবাদিক অৰ্ণৱ গোস্বামীয়ে দৰমহা হিচাপে লাভ কৰে মাহিলী ১ কোটি টকা। এনেকুৱা প্ৰকাণ্ড দৰমহা পোৱা ব‍্যক্তি সকলৰ বাবে ” দ‍্য পাৰশ‍্যনেল ইকনমি ” নিৰ্মাণ কৰাটো তেনেই সহজ । কিন্তু সেইয়া মাত্ৰ নগণ্য সংখ্যক মানুহৰ বাবে সম্ভৱ । কোটি কোটি দিনমজুৰী কৰা ,কম দৰমহা পোৱা মানুহৰ ব্যক্তিগত অৰ্থনীতি নিৰ্মাণ কৰাত সহায় কৰিব কোনে ?

আমাৰ আলোকসন্ধানী প্ৰয়াস হ’ল এয়াই যে সঠিক তথ্য আৰু জ্ঞানৰ যোগেদি ভাৰতবৰ্ষৰ প্ৰতি স্তৰৰ প্ৰতিজন ব‍্যক্তিৰ বাবেই ধনী হোৱাৰ পথ প্ৰশস্ত কৰা । অজ্ঞানতাৰ বাবে বহুতেই নিজকে ধনী হোৱাৰ পৰা বঞ্চিত কৰি আহিছে । মানুহৰ এই অজ্ঞানতাৰ সমস্যাৰ সমাধানৰ বাবেই আমি আপোনালোকৰ কাষলৈ লৈ আহিছো ” ব‍্যক্তিগত অৰ্থনীতি” । ধনী হোৱাৰ ,ধনী হৈ জীৱনৰ সম্পূৰ্ণতা উপভোগ কৰাৰ অধিকাৰ সকলোৰে আছে ,সেই অধিকাৰৰ পৰা বঞ্চিত হৈ ৰোৱাটো দুৰ্ভাগ্যজনক । ধন বা অৰ্থৰ অবিহনে কেৱল এতিয়াই নহয় ,মহাভাৰতীয় বা ৰামায়ণৰ যুগতো জীৱনৰ বিকাশ সম্ভৱ নহৈছিল । এতিয়া এই ধনসৰ্বস্ব যুগত উপাৰ্জনৰ কাৰণে সঠিক কৰ্ম নকৰাটো , সঠিক পৰিকল্পনা নকৰাটো হ’ব মূৰ্খামী ।

  ব‍্যক্তিগত অৰ্থনীতিৰ বিকাশৰ ওপৰত পৰৱৰ্তী অধ‍্যায়ত সবিস্তাৰে আমি আলোচনা কৰিম । কিন্তু তাৰ আগতে জীৱনত ধনী হ’ব খোজা প্ৰত‍্যেকজন ব‍্যক্তিয়ে এই কথা মনত ৰাখিব লাগিব যে টকা উপাৰ্জনৰ অলেখ পথ থাকিলেও , সেই পথত যাত্ৰা কৰাটো ইমান সহজ নহয়। প্ৰত‍্যেকটো সৎ ,নৈতিক পথেৰেই জীৱনৰ সাফল্য সম্ভৱ ,কিন্তু তাৰ বাবে অসীম ধৈৰ্য্য ,অপাৰ কষ্ট-সহিষ্ণুতা ,বিশদ জ্ঞান আৰু শক্তিশালী এটা মন থকাটো অত্যন্ত দৰকাৰ । প্ৰত‍্যেক পথৰেই অন্তত থাকে লক্ষ্যভূমি ,লক্ষ্যভূমিত উপণীত হ’বলৈ মানুহৰ যাত্ৰা যি পথেই কৰা নহওক নিৰ্বাচিত , হ’ব লাগিব অবিৰত আৰু অক্লান্ত । বাৰম্বাৰ পৰাজয়ৰ পিছতো যি বাৰে বাৰে পূণৰ উঠিব ,যি পূণৰ অভিযান কৰিব আৰম্ভ ,তেওঁ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ পৰা কেতিয়াও বঞ্চিত নহ’ব ।

   টকা উপাৰ্জন মানুহৰ জীৱনৰ সৰ্বোত্তম লক্ষ্য নহয় যদিও ,টকা উপাৰ্জন নকৰাকৈ জীৱনৰ কোনো মহত্ত্বম সাধনা সম্পূৰ্ণ কৰা সম্ভৱ নহয় । অৰ্থাৎ টকাই হৈছে মানুহৰ জীৱনৰ মূল চালিকা শক্তি বা ইন্ধন । সেইবাবে জীৱনৰ ব‍্যাপ্তি আৰু প্ৰসাৰণত বিশ্বাসী সকলে ধন-সম্পদ আৰু ইয়াৰ সৃষ্টিৰ ওপৰত গুৰুত্ব দি আহিছে । বহুতৰ মুখত এই ব‍্যাখ‍্যা আমি প্ৰায়ে শুনিবলৈ পাওঁ যে মানুহৰ জীৱনত ইমান বেছি টকানো কিয় লাগে ,মৰিলে কি লগত লৈ যাব , ধনী মানুহবোৰ লুভীয়া , যিমান হ’লেও নাটে ইত্যাদি । কিন্তু হাস‍্যকৰ কথাটো হ’ল এইটোৱেই যে যিসকল মানুহে টকাৰ গুৰুত্ত্বতাক অৱজ্ঞা কৰি তেনেকৈ কৈ ফুৰে ,সেইবোৰ মানুহেই টকাৰ কাৰণে চিৰদিন হাহাকাৰ কৰি থাকে । আমি মুকেশ আম্বানী , ৰটন টাটা , বিল গেইটছ্ ,ৱাৰেন বাফেট আদি বিলিয়নাৰৰ মুখতো ,যাক সঁচাকৈয়ে আৰু টকা নহ’লেও জীৱনৰ সম্পূৰ্ণ উভোগ সম্ভৱ ,এবাৰো টকা আৰু আমাক নেলাগে ,এয়াই আমাৰ বাবে যথেষ্ট ,ইমান টকা ঘটি কি কৰিম জাতীয় বাক্য কেতিয়াও কোনো এখন ভাষণত শুণা স্মৰণ নহয় । টকাৰ কাৰণে অবিৰত দৌৰিও নিজৰ ভুলৰ বাবে পৰাজিত হোৱা মানুহে টকাৰ প্ৰতি এক অহেতুক অভিমানত তেনেকুৱা অৰ্থহীন কথাবোৰ কবলৈ বাধ্য হয় । কিন্তু আমাৰ দৰ্শন-চিন্তাত আধুনিক পৃথিৱীত জীয়াই থাকিবলৈ হ’লে টকাৰ অনিবাৰ্য্যতাক অস্বীকাৰ কৰাটো কোনোপধ্যেই সম্ভৱ নহয় । দুৰ্ভাগ্যৰ কথা যে আজিও মানুহে টকা উপাৰ্জনৰ পথ সমূহৰ বিষয়ে প্ৰায়ে অজ্ঞাত । আমি আগতেই কৈ আহিছো যে টকা উপাৰ্জন কৰাতকৈ টকাক নিজৰ ওচৰত ৰাখিব পৰাটো অধিক কঠিন । কিন্তু টকাৰ উপাৰ্জন মানুহৰ প্ৰগতিৰ প্ৰথম খোজ । এক্কৈশ শতিকাৰ টেক্নলজিয়ে মানুহৰ পৰা বহুতো চাকৰি কাঢ়ি উপাৰ্জনৰ পথ বন্ধ কৰি দিলে সঁচা ,কিন্তু তাৰ পৰিৱৰ্তে অত‍্যাধুনিক ,এনেকুৱা নৱ নৱ পথৰ উন্মোচন কৰি দিলে যে মানুহৰ বাবে এতিয়াও বহুতো কেৰিয়াৰ অপশ‍্যন পৰি আছে । অৱশ‍্যে সেই কেৰিয়াৰৰ সুযোগ লবৰ বাবে কুৰি শতিকাৰ outdated শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ’ব। নিজকে ক্ৰমশ উত্তৰণৰ যোগেদি আধুনিক পৃথিৱীত আধুনিক কৰ্মসংস্থান লাভ কৰাটো এতিয়া সকলোৰে বাবে সম্ভৱ । পূৰ্বৰ জ্ঞানেৰে এক্কৈশ শতিকাত ছাৰভাইভ্ কৰাটো সহজ কথা নহয় । এতিয়াৰ আধুনিক প্ৰযুক্তিয়ে এনে কিছুমান পথ মানুহৰ বাবে মুকলি কৰি দিলে যে ইয়াৰ দ্বাৰাই জোকাৰ্বাগ ,বেজৌছ, স্পিগেল ,জেক মা আদিয়ে নিজৰ ভাগ‍্যক আকাশস্পৰ্শী কৰিলে  । আপোনাৰ বাবেও এয়া অসম্ভৱ নহয় ।

         পূৰ্বতে উপাৰ্জনৰ বাবে শাৰীৰিক পৰিশ্ৰমৰ কোনো বিকল্প নাছিল । মগজুতকৈ অধিক ব‍্যৱহাৰ হৈছিল শাৰীৰিক শক্তিৰ । মানুহে কষ্টতো পাইছিল ,কিন্তু জীয়াই থাকিবৰ বাবে সেই কষ্টৰ ওপৰতেই মানুহৰ অধিক ভৰসা হোৱাৰ বাবে কষ্টতো হৈ পৰিছিল সামান্য ‌ । বৰ্তমান মগজুৰ প্ৰাধান্যতা বৃদ্ধি পাই আহিছে প্ৰযুক্তিৰ ব‍্যৱহাৰৰ লগে লগে আৰু মানুহৰ উপাৰ্জনৰ বাবে কৰা কৰ্মও হৈ পৰিছে সহজ আৰু সুন্দৰ । আধুনিক অলেখ পথেৰে মানুহে এতিয়া নিজৰ কেৰিয়াৰ , ব‍্যক্তিগত অৰ্থনীতি নিৰ্মাণ কৰিব পাৰে ।চৰকাৰী বা বেচৰকাৰী অনুষ্ঠান-প্ৰতিস্থানত যিসকলে চাকৰি কৰে ,যিসকলে দৰমহা পায় ,তেওঁলোকে ব‍্যক্তিগত অৰ্থনীতি বিকাশৰ বাবে বহুতো কাম কৰিব পাৰে সহজেই । তেওঁলোকৰ বাবে কোটিপতী হোৱাৰ পথ প্ৰশস্ত কৰাত বৰ বেছি জটিলতা নেথাকে ,কিন্তু দিন হাজিৰা কৰা এজন ব‍্যক্তিৰ বাবে এয়া ভবাতকৈ ,কোৱাতকৈ বহুগুণে কঠিন । নহ’লে আজিৰ ভাৰতবৰ্ষত সকলো ধনীয়েই হৈ পৰিলহেঁতেন । কিন্তু যদিহে ইচ্ছা কৰা যায় , কৰা হয় সংকল্প আৰু যদিহে শিকা হয় the art of getting rich , যিকোনো মানুহেই কোটিপতী হব পাৰে । ব‍্যক্তিগত অৰ্থনীতি বিকাশ বা শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব নিদিয়াৰ বাবেই সমগ্ৰ জীৱন কাম কৰিও বেছিভাগ মানুহৰ বেংকত available balance বুলিবলৈ একোৱেই নেথাকে ।

              টকা আহে কম যায় বেছি :

   মানুহৰ জীৱনত টকাৰ অভাৱ হোৱাৰ এক অন‍্যতম কাৰণ হ’ল ,জীৱনৰ উপভোগৰ ওপৰত মানুহৰ যিমান মনোযোগ ,থিক সিমান মনোযোগ বা ফ’কাছ টকাৰ উপাৰ্জনৰ ওপৰত নাই । জীৱনৰ উপভোগৰ কাৰণে আমি যিমান ন ন পদ্ধতি আৱিষ্কাৰ কৰোঁ ,যিমান চিন্তা কৰোঁ ,সিমান আমি উপাৰ্জনৰ ন ন পথ নিৰ্মাণৰ বাবে চিন্তা কৰা হ’লে কিমান যে মানুহৰ জীৱনেই সলনি হৈ গ’লহেঁতেন ! মানুহৰ ইচ্ছা-অভিপ্ৰায় অন্তহীন আৰু মানুহ সদায় অতৃপ্ত । সেই ইচ্ছা-অভিলাষা ,অতৃপ্তি পূৰ্ণ কৰাটো সামান্য উপাৰ্জনৰ টকাৰে সম্ভৱ নহয় । পোন্ধৰ হেজাৰ উপাৰ্জন কৰি ফৰচ্যুণাৰ(Toyota Fortuner) লোৱাৰ ইচ্ছাক পূৰণ কৰাটো এক প্ৰকাৰে অসম্ভৱ কথা । গতিকে ইচ্ছা-অভিপ্ৰায় ,স্বপ্নবোৰ পূৰ্ণতাৰ কাৰণে যৌৱন কালত জীৱনৰ উপভোগৰ ওপৰত কেৱল গুৰুত্ব দিলেই নহ’ব , অধিক টকা উপাৰ্জনৰ পথো নিৰ্মাণ কৰিব পাৰিব লাগিব । কেতিয়াবা কিছুমান ইচ্ছা সহজে পূৰণ হৈ থকাৰ বাবে আৰ্থিক সংকটৰ মুখামুখীৰ কথা কোনেও ভাবিবলৈ চেষ্টা নকৰে । কথাটো হয় এনেকুৱা যে ২৪ বছৰ বয়সত যদি এজন ব‍্যক্তিয়ে চাকৰি পায় আৰু     প্ৰতিমাহে দৰমহা লাভ কৰে পঁচিছ হেজাৰ টকা (২৫০০০/-) । তেওঁ এখন গাড়ী কিনিব মাহে ন হেজাৰ টকা EMI ৰে ,তেওঁ ১৫ লাখ টকাৰ হোমলোন লব ,তাতো যাব প্ৰায় ১০-১৫ হেজাৰ টকা , তেওঁৰ ইচ্ছা আছে বিদেশ ভ্ৰমণৰ , সন্তানক বিদেশত পঢ়োৱাৰ ইত্যাদি । এইদৰে এটাৰ পিছত এটাৰ অত‍্যন্ত প্ৰয়োজনীয়তা তেওঁৰ জীৱনত সৃষ্টি হৈ থাকিব ,তেওঁ সেইবোৰ পূৰণৰ বাবে এটাৰ পিছত এটা লোন বেংকৰ পৰা লৈ থাকিব আৰু আজীৱন বেংকক ইণ্টাৰেষ্ট পে’ কৰাত হৈ ৰব বন্দী । অন‍্যহাতে তেওঁৰ উপাৰ্জনৰ কোনো বৃদ্ধি নাই ;একেই চাকৰি , একেই দৰমহা । আয়ক অতিক্ৰম কৰিব ব‍্যয়ৰ পৰিমাণে আৰু সেই ব‍্যক্তিৰ জীৱন চিৰদিন আৰ্থিক গোলামী কৰোতেই শেষ হৈ যাব । জীৱন কেতিয়াও এনেকুৱা হ’ব নোৱাৰে ,জীৱন আমৃত‍্যু অৰ্থৰ সংগ্ৰামত বন্দী হৈ ৰোৱা উচিত নহয় । জীৱনৰ অলেখ দিগন্ত আছে , বিশালতা আছে ,মহত্ত্ব আছে । সেইবাবে বুদ্ধিমান মানুহে টকা অধিক উপাৰ্জনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ,যাতে খৰচৰ মাত্ৰা যিমান বাঢ়িলেও ,ঘৰত টকাৰ অভাৱ নঘটে । উপাৰ্জনৰ পৰিমানক খৰচৰ পৰিমাণে অতিক্ৰম কৰা মানেই আপুনি দৰিদ্ৰ ,  সংঘৰ্ষজৰ্জৰিত । উপাৰ্জন আৰু খৰচ কেতিয়াও সমান্তৰাল হোৱা উচিত নহয় ।

      জীৱনত কিমান টকাৰ প্ৰয়োজন হয় —এই প্ৰশ্নৰ কোনো এটা নিৰ্দ্ধাৰিত উত্তৰ নাই । কিন্তু এটা কথা ক’ব পাৰি যে মানুহৰ ওচৰত সিমান টকা থকা উচিত —–যিমান টকাৰে গোটেই জীৱনটোত মনৰ উৎকৃষ্ট ইচ্ছা-অভিলাষাবোৰ চিন্তাহীনভাৱে পূৰণ কৰিও ভৱিষ্যতৰ কাৰণে কোনো চিন্তা কৰিব লগা নহয় । অৰ্থাৎ এখন বিলাসী গাড়ী কিনাৰ পিছত ইন্ধনৰ বাবে ,ফুৰিবলৈ গৈ গাড়ী ভাৰাৰ বাবে , বিলাসী অট্টালিকা সাজি নিজৰ মেডিকেল খৰচৰ বাবে —যেতিয়াই চিন্তা কৰিব লগা নহয় ,ধনী হোৱাৰ অৰ্থও তাতেই । তেনে এক সুন্দৰ ,সচ্ছল জীৱনৰ নিৰ্মাণেই হৈছে দ‍্য পাৰছনেল ইকনমিৰ মূল কথা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top